Logo
image

গেৰাণ্টীঃ দল-চৰকাৰ

গেৰাণ্টী ইতিমধ্যে এটা অসমীয়া শব্দত পৰিণত হৈছে৷ দৈনন্দিন লেনদেনত শব্দটো সঘনাই ব্যৱহাৰ হয়, সকলোৱে জানে শব্দটোৱে কি বুজাইছে৷ গেৰাণ্টীৰ অসমীয়া প্ৰতিশব্দ নিশ্চয়তা প্ৰদান কৰা বা অংগীকাৰ কৰা৷ এই অসমীয়া প্ৰতিশব্দসমূহতকৈ গেৰাণ্টী শব্দটোৱে অসমীয়া ভাষীকো শব্দটোৰ অৰ্থ বেছি ভালকৈ বুজাই দিয়ে৷ গেৰাণ্টী হ’ল নিশ্চয়তাক নিশ্চয়তা প্ৰদান কৰা নিশ্চয়তা, অংগীকাৰ ৰক্ষাৰ অংগীকাৰ৷ নিৰ্বাচনৰ বতৰত চাৰিওফালে মোদী চৰকাৰৰ গেৰাণ্টীয়ে ছানি ধৰিছে৷ চাৰিওফালে মোদী চৰকাৰৰ গেৰাণ্টীৰ বিজ্ঞাপন এনেদৰে বিয়পি আছে যে আন একোৰে নহ’লেও সেই বিজ্ঞাপন চকুত নপৰাকৈ কোনো যে সাৰি যাব নোৱাৰে তাৰ গেৰাণ্টী আছে৷ কোনোবাই বুৰ্বকৰ দৰে প্ৰশ্ন কৰিব পাৰে ৰাজহুৱা ধন সূচাৰুৰূপে দেশখনৰ মংগলৰ বাবে, উন্নতিৰ বাবে খৰচ কৰাটোৱেই দেখোন চৰকাৰখনৰ কাম, সুকীয়াকৈ গেৰাণ্টী কিয় দিব লাগে? তেওঁক কোনে বুজাব যে ইয়াত চৰকাৰৰ গেৰাণ্টীৰ কথা কোৱা নাই, মোদী চৰকাৰৰ গেৰাণ্টীৰ কথা কৈছে৷ ‘চৰকাৰ’ আৰু ‘মোদী চৰকাৰ’ৰ মাজৰ পাৰ্থক্য নুবুজিলে গেৰাণ্টীৰ মহিমা কি বুজিব? বিজেপিয়ে বিজেপি চৰকাৰ গঠন নকৰি মোদী চৰকাৰ গঠন কৰিবলৈ ওলাইছে কিয়? মোদী চৰকাৰৰ বিজ্ঞাপনবোৰ ভাৰত চৰকাৰৰ, ভাৰত চৰকাৰ মানেই মোদী চৰকাৰ৷ মোদী চৰকাৰৰ গেৰাণ্টী মানে মোদীৰ গেৰাণ্টী, মোদীৰ গেৰাণ্টী মানে বিজেপি দলৰ গেৰাণ্টী৷ গতিকে ভাৰত চৰকাৰৰ বিজ্ঞাপন মানে মোদীৰ বিজ্ঞাপন আৰু মোদীৰ বিজ্ঞাপন মানেই বিজেপি দলৰ বিজ্ঞাপন৷ বিজেপি দল মানেই ভাৰত চৰকাৰ আৰু ভাৰত চৰকাৰ মানেই বিজেপি দল৷ আৰু দুয়োটাৰে কেন্দ্ৰবিন্দু হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ দুমাহৰ পাছতেই নিৰ্বাচন হ’ব, এখন নতুন চৰকাৰ গঠন হ’ব৷ নতুন চৰকাৰ গঠন হোৱালৈ নৰৈ ভাৰত চৰকাৰে মোদী চৰকাৰৰ গেৰাণ্টীৰ  বিজ্ঞাপনেৰে প্ৰচাৰ মাধ্যম ভৰাই দিছে কিয়? দুটা কথা খাটাং বুলি ধৰি লোৱা হৈছে, প্ৰথমতে নৰেন্দ্ৰ মোদীৰ চৰকাৰেই (মানে বিজেপিৰ চৰকাৰ) গঠন হ’ব৷ আৰু নিৰ্বাচনত বিজেপি দলৰ সৰ্বোচ্ছ নেতা নৰেন্দ্ৰ মোদীয়ে যিবোৰ গেৰাণ্টী দিব সেইবোৰেই হ’ল ভাৰত চৰকাৰৰ গেৰাণ্টী৷ বিজেপি দল আৰু ভাৰত চৰকাৰ, বিজেপি সৰ্বোচ্ছ নেতা নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী মোদী এক আৰু অভিন্ন৷ পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন হোৱাটো ভাল৷  এফালে গণতান্ত্ৰিক বুলি চীল-মোহ লাগে আৰু জনসমৰ্থন থকাৰ বাবে যি মৰ্জি তাকে কৰিব পাৰি৷
সেয়েহে গেৰাণ্টী দিছে নিৰ্বাচনৰ আগে আগে ভাৰত চৰকাৰে অৰ্থাৎ মোদী চৰকাৰে৷ আৰু বিজেপি দলে কৈছে তেওঁলোকে ৪০০ আসনত জয়ী হৈ বিজেপি চৰকাৰ অৰ্থাৎ মোদী চৰকাৰ অৰ্থাৎ ভাৰত চৰকাৰ গঠন কৰিব৷ সেই চৰকাৰে ইতিমধ্যে নিতৌ গেৰাণ্টী দিয়েই আছে৷ সেয়া ভাৰত চৰকাৰৰ, মোদী চৰকাৰৰ, বিজেপি দলৰ গেৰাণ্টী৷ 
তাৰমানে নিৰ্বাচনৰ ফলাফল আগতেই নিৰ্ণয় হৈ আছে নেকি? বিজেপিয়ে জানে নেকি যে তেওঁলোক জয়ী হ’ব? ভাৰত চৰকাৰেও জানে নেকি যে পৰৱৰ্তী চৰকাৰখন মোদী চৰকাৰ হ’ব? যদি জানে কেনেকৈ জানে আৰু যদি নাজানে তেনেহ’লে দুমাহমান পাছত যিখন নতুন চৰকাৰ গঠন হ’ব গেৰাণ্টী দিয়াৰ দায়িত্ব সেই চৰকাৰখনলৈ এৰি এতিয়াই বিজ্ঞাপনত মোদী চৰকাৰৰ গেৰাণ্টীৰ নামত ইমান টকা খৰচ নকৰিলেও হ’লহেঁতেন৷ নে এয়া ভাৰত চৰকাৰৰ নামত, ভাৰত চৰকাৰৰ টকাৰে মোদী আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ?
দল আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য ক্ৰমান্বয়ে ধূসৰ হৈ নোহোৱা যোৱা মানেই বিৰোধীৰ অস্তিত্বৰ অৱসান ঘটা৷ বিৰোধীৰ অস্তিত্বৰ অৱসান ঘটা মানেই গণতন্ত্ৰৰ অৱসান ঘটা৷ এটা দলৰ বা এজন ব্যক্তিৰ বিৰোধহীন শাসন মানেই একনায়তত্ববাদ- স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা হোৱা৷ নিৰ্বাচনৰ বতৰত সকলো দলেই বিভিন্ন প্ৰতিশ্ৰুতি দিব আৰু ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব৷ জয়ী হ’লে আমি অমুক কৰিম বুলি গেৰাণ্টী দিয়াৰ অধিকাৰ প্ৰতিটো দলৰেই আছে৷ কিন্তু আসন্ন নিৰ্বাচনটো আগত লৈ ভাৰত চৰকাৰে মোদী চৰকাৰৰ গেৰাণ্টী বুলি দিয়া বিজ্ঞাপনবোৰ গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ পৰিপন্থী৷