Logo
image

গুৱাহাটী আৰ্টিষ্ট গীল্ডত মৃদুস্মিতা গোস্বামীৰ উপন্যাস 'জীয়া শিল' উন্মোচন

ডিজিটেল সংবা, গুৱাহাটী, ১৭ মাৰ্চঃ “পাঠকৰ মন-মগজু জোকাৰি একাত্ম হ’ব পৰাজনেই প্ৰকৃত সাহিত্যিক। যি সাহিত্যত পাঠকে নিজৰে এখন ছবি দেখিবলৈ পাই সেই সাহিত্যই সাধাৰণতে স্থায়িত্ব লাভ কৰে।” গুৱাহাটী আৰ্টিষ্ট গীল্ডত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত লেখিকা মৃদুস্মিতা গোস্বামীৰ উপন্যাস 'জীয়া শিল' উন্মোচনী অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে উপস্থিত থাকি আগবঢ়োৱা ভাষণত এই মন্তব্য কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই। 

উল্লেখ্য যে প্ৰকাশন প্ৰতিষ্ঠান 'ৰূপান্তৰ', গুৱাহাটীৰ উদ্যোগত সাংবাদিকজনৰ লগতে লেখক-সমালোচক, আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ 'প্ৰফেচৰ অৱ প্ৰেক্টিচ' উৎপল দত্ত, ডি ৱাই ৩৬৫ৰ মুখ্য কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়া, বিশিষ্ট শিল্পী দেৱেন দেৱান, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সঞ্চালক ড° জয়দীপ বৰুৱা আৰু চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান। অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণত মুখ্য উন্মোচক হিচাপে গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত নিতুমণি শইকীয়াই প্ৰথম মহিলা লেখিকাৰ উপন্যাসধৰ্মী কিতাপৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘাট প্ৰতিঘাতেৰে আহি নতুন মাত্ৰা পোৱা উপন্যাসৰ বিভিন্ন ধাৰাৰ গতি-প্ৰকৃতিৰ এক সমীক্ষাত্মক সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। অসমীয়া উপন্যাসক নতুন মাত্ৰা যোগোৱা মহিলা লেখিকাৰ ভিন্নধৰ্মী উপন্যাসৰ বৈশিষ্ট্য উল্লেখেৰে তেওঁ অসমীয়া উপন্যাসত লেখিকাৰ সমাজবাদ, মানৱতাবাদৰ উন্নত দৃষ্টিভঙ্গীৰ কথা উল্লেখ কৰে। সকলো লেখিকাৰে পৃথক বিষয়, লেখন শৈলীৰ ধাৰাৰ কথা উনুকিয়াই দি উন্মোচিত লেখিকা মৃদুস্মিতা গোস্বামীৰ 'জীয়া শিল' উপন্যাসত প্ৰতিফলিত বিভিন্ন উল্লেখযোগ্য দিশসমূহ তেওঁ দাঙি ধৰে । 

লেখিকা গোস্বামীৰ কথোপকথনৰ সহজ ভঙ্গিমা, শব্দ চয়ন আৰু ভাষাৰ মাধূৰ্য্যই সহজতে পাঠকৰ মনত ঠাই উলিয়াই ল’ব পাৰিব বুলি অভিনন্দনসূচক বক্তব্য আগবঢ়াই । ইফালে 'জীয়া শিল' উপন্যাসখনৰ কেইবাটাও উল্লেখযোগ্য অংশ পাঠ কৰি তেওঁৰ মন চুই যোৱা দিশসমূহৰ অৱলোকন কৰে। 

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ অন্যতম উন্মোচক উৎপল দত্তই সদ্য উন্মোচিত 'জীয়া শিল' উপন্যাসত এক সাঙ্গীতিক মূৰ্চনা প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰি উপন্যাসৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি গছৰ শিপাই মাটিৰ বহু গভীৰলৈকে শিপোৱাৰ দৰে এগৰাকী উপন্যাসিক হিচাপে সমাজৰ সকলোবোৰ দিশৰ গভীৰলৈকে পাৰ্যমানে মনোনিৱেশ কৰিব পাৰিলে অনাগত দিনত আৰু ভাল সাহিত্য ৰচনা কৰিব পাৰিব বুলি লেখিকাগৰাকীক উৎসাহিত কৰে । অনুষ্ঠানটোত উপস্থিত থাকি ডি ৱাই ৩৬৫ৰ মুখ্য কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়াই উপন্যাস লেখকৰ কল্পনা বিলাস বুলি উল্লেখ কৰি নতুন প্ৰজন্মৰ লেখকক যিমান পাৰি কল্পনা ৰাজ্যত বিচৰণ কৰিবলৈ আহ্বান জনায় ৷ কিন্তু সেই কল্পনা বিলাস বাস্তৱৰ ভিত্তিত হ’ব লাগিব বুলিও তেওঁ উল্লেখযোগ্য মন্তব্য কৰে। 'ৰূপান্তৰ', গুৱাহাটীৰ মুখ্য সচিব, প্ৰকাশক ৰক্তাভ জ্যোতি বৰাই আঁত ধৰা আৰু 'ৰূপান্তৰ'ৰ সঞ্চালক ড° জয়দীপ বৰুৱাৰ ভাষণ-সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি শিল্পী দেৱেন দেৱান আৰু চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰায়ো বক্তব্য আগবঢ়ায়। ইফালে কাৰ্যসূচী অনুসৰি গ্ৰন্থখন উন্মোচনৰ পূৰ্বে লেখিকা মৃদুস্মিতা বৰাই তেওঁৰ উপন্যাস সৃষ্টিৰ আঁৰৰ কথা উল্লেখ কৰি চমু বক্তব্য আগবঢ়ায়। সভাপতিৰ ভাষণেৰে সভাৰ অন্ত পৰে।