Logo
image

ইউৰিক এচিডৰ পৰা হাত সাৰিবলৈ এই খাদ্য খাওক

আমাৰ অসম বিশেষঃ দেহত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে গাঁঠিৰ বিষৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ সময়ৰ লগে লগে আঁঠুৰ উপৰি বিভিন্ন অস্থিসন্ধিত এই এচিড অধিক পৰিমাণে জমা হ’বলৈ ধৰে৷ ফলত এটা সময়ত সেই অংশ ফুলি অসহনীয় বিষৰ সৃষ্টি হয়৷ তথ্যমতে সম্প্ৰতি বিশ্বৰ প্ৰায় চাৰি কোটি লোক ইউৰিক এচিডৰ সমস্যাত আক্ৰান্ত হৈ আছে৷ ইউৰিক এচিডৰ পৰা ৰক্ষা পৰিবলৈ নিতৌ পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত৷ দিনত তিনি লিটাৰৰ পৰা চাৰি লিটাৰ পানী খালে ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায়৷ যিসকলে প্ৰচুৰ পৰিমাণে মাছ-মাংস খায় তেওঁলোক ইউৰিক এচিডৰ সমস্যাত আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে৷ সুৰাপানেও ইউৰিক এচিড বৃদ্ধি কৰে৷ দেহৰ ওজন অধিক হ’লেও ইউৰিক এচিডৰ আশংকা থাকে৷ সাধাৰণতে ৩০ৰ পৰা ৫০ বছৰীয়া লোক ইউৰিক এচিডত আক্ৰান্ত হোৱাৰ আশংকা অধিক৷ এনে ক্ষেত্ৰত দৈনিক দুপৰীয়া বা নিশাৰ আহাৰৰ সৈতে চৰ্বীহীন গাখীৰ খাওক৷ তদুপৰি ফলমূল আৰু শাক-পাচলি বেছিকৈ খোৱাৰ অভ্যাস কৰক৷ অনিয়ন্ত্ৰিত ৰক্তচাপ, মধুমেহ, হৃদযন্ত্ৰৰ সমস্যা বা বৃক্কজনিত সমস্যা থাকিলেও ইউৰিক এচিড বৃদ্ধি পায়৷ চাহৰ সলনি কফি খোৱাৰ অভ্যাস কৰিলেও ইউৰিক এচিডৰ পৰা হাত সাৰিব পৰা যায়৷ ইউৰিক এচিডৰ সমস্যাৰ পৰা নিজকে আঁতৰত ৰাখিবলৈ খাদ্য তালিকাত ভিটামিন চি ৰাখক৷ নিয়মিত নেমু বা ভিটামিন চি যুক্ত ফল গ্ৰহণ কৰিলে ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় হয়৷