Logo
image

হাঁপানিৰ সমস্যাত ঘৰুৱা পাণে সকাহ দিয়ে

পাণৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা৷ পূৰাণকে ধৰি ভাৰতীয় বহু পৌৰাণিক গ্ৰন্থতো পাণৰ বিষয়ে উল্লেখ আছে৷ বহুতে দাবী কৰা মতে ভাৰতত ৭৫-৩০০ খ্ৰীষ্টাব্দৰ পৰাই পাণৰ প্ৰচলন হৈ আছে৷ পাণক ভাৰতৰ ঐতিহ্য বুলিও কোৱা হয়৷ আয়ুেৰ্বদ শাস্ত্ৰতো পাণৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ আছে৷ পিছে, পাণৰ উপকাৰিতাৰ বিষয়ে বহুতেই নাজানে৷ উল্লেখ কৰা হ’ল পাণৰ পৰা পোৱা বিভিন্ন উপকাৰিতা–

⬛ পাণে ডায়েবেটিছৰ সৈতে যুঁজ দিয়াত সহায় কৰে৷ পাণে তেজত শৰ্কৰাৰ মাত্ৰ নিয়ন্ত্ৰণ কৰে৷ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে পাণ অতি উপকাৰী৷ তদুপৰি পাণে মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে৷ 

⬛ পাণে লিপ্ৰ’প্ৰটিন কলেষ্টেৰল আৰু ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা কমায়৷ কলেষ্টেৰলৰ অধিক মাত্ৰাই ষ্ট্ৰ’ক আৰু অন্যান্য কাৰ্ডিঅ’ভাছকুলাৰ  সমস্যাৰ আশংকা বঢ়ায়৷ পাণ খালে এনে সমস্যাৰ পৰা সকাহ পোৱা যায়৷ 

⬛ পাণত থকা ফাইটোকেমিকেল আৰু ফেনোল নামৰ উপাদানে ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ পাণৰ পৰা প্ৰস্তুত কৰা তেল বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ৷ 

⬛  পাণে শৰীৰৰ অক্সিডেটিভ ষ্ট্ৰেছ কমায়৷ পাণৰ এণ্টি অক্সিডেণ্ট উপাদানে ক্ষতস্থান নিৰাময় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

⬛ পাণত থকা ফাইটোকেমিকেল উপাদানে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

⬛ পাণত থকা ৰাসায়নিকে হাঁপানি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷ পাণৰ এণ্টিহিষ্টামিনিক ৰাসায়নিক হাঁপানি ৰোগীৰ বাবে উপকাৰী৷

⬛ পাণে মাউথফ্ৰেছনাৰ হিচাপেও কাম কৰে৷ লগতে মুখৰ ইনফেকশ্বনৰ পৰা সকাহ পোৱাত সহায় কৰে৷ 

⬛ পাণে হজমশক্তি বঢ়ায়৷