Logo
image

যোৰহাটত ডেৰ লাখ ভোটৰ ব্যৱধানত হাৰিব গৌৰৱ গগৈঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

'আমাৰ অসম'ৰ কলিয়াবৰৰ প্ৰতিবেদক, ১৯ মাৰ্চঃ "গৌৰৱ গগৈ যোৰহাটত ডেৰ লাখ ভোটৰ ব্যৱধানত হৰাটো নিশ্চিত। সেই কাৰণে খঙতে আবোল-তাবোল বকিছে গৌৰৱ গগৈয়ে।"- মঙলবাৰে কলিয়াবৰত অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভাত অংশ ল'বলৈ আহি সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী পীয়ূয হাজৰিকাই এই মন্তব্য কৰে। 

মন্ত্ৰী হাজৰিকাই লগতে কয় কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা বহুত ভোটত জিকিব৷ কাজিৰঙা বিজেপিৰ বাবে এ ডবল প্লাছ  সমষ্টি বুলিও কয় মন্ত্ৰী হাজৰিকাই। নগাঁৱতো বিজেপিৰ জয় হ'ব বুলিও দাবী কৰে মন্ত্ৰীজনে। ইফালে, কলঙক পুনৰ বোৱতীকৰণৰ বাবে অহা মাহৰ পৰা ড্ৰেজাৰৰে খনন কাৰ্য আৰম্ভ হ'ব বুলি সদৰি কৰে মন্ত্ৰীজনে। 

আনহাতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰি কামাখ্যা প্ৰসাদ তাছাই৷ তেওঁ কয় যে নিৰ্বাচনত জয়ী হ'বৰ বাবে আমাৰ কোনো কৌশল নাই ,কংগ্ৰেছৰহে কৌশল আছে৷ আগতে কংগ্ৰেছে কৌশল কৰি মদ ,মাংস খোৱাইছিল। তাছাই লগতে কয় যে বিৰোধীয়ে সমালোচনা কৰি ভোট বিছাৰিব৷ বিৰোধীয়ে জনতাক দিম বুলিও ক'ব নোৱাৰে, দিছোঁ বুলিও ক'ব নোৱাৰে । তদুপৰি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত তাছাই কয় যে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনি লৈয়ে আমি জনসাধাৰণৰ ওচৰলৈ ভোট বিচাৰি যাম। মন্ত্ৰী-বিধায়কে বহু সমস্যা সমাধান কৰিছে৷ সাংসদৰ ভাগত যিখিনি থাকিব সেইখিনি সমস্যা সমাধানৰ ব্যৱস্থা কৰা হ'ব৷

উল্লেখ্য যে কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামৰ সভাকক্ষত অগপৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতি আৰু বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলৰ মাজত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে এক আলোচনাত মিলিত হয়। নিৰ্বাচনত যৌথভাৱে কাম কৰিবৰ বাবে অগপ-বিজেপিৰ যৌথ পৰিচালনা সমিতি এখনো গঠন কৰা হয়। যৌথ নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু দুয়ো দলৰ কেইবাজনো নেতা উপস্থিত থাকে। দুয়ো দলৰ শতাধিক কৰ্মকৰ্তাৰ উপস্থিতিত আগন্তুক নিৰ্বাচনত একেলগে কাম কৰাৰ বাবে পৰামৰ্শ দিয়ে নেতৃত্বই।