Logo
image

সাৱধান!: আগন্তুক দুদিনত ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৯ মাৰ্চঃ উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো পহিলা মাৰ্চৰ পৰা প্রাক মৌচুমী আৰম্ভ হৈছে যদিও এই পৰ্যন্ত বৰষুণ নোহোৱাত চাৰিওফালে ধূলিময় পৰিবেশৰ সৃষ্টি হৈছে। আনকি এজাক সপোন যেন লগা বৰষুণৰ বাবে অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে। ইয়াৰ মাজতে মঙলবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো ঠাইবিশেষে গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে। আনকি দুই এঠাইত বজ্ৰপাতৰ সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী বাস্তৱত পৰিণত হ'লে ৰাজ্যবাসীয়ে ধূলিৰ পৰা কিছু হ'লেও সকাহ লাভ কৰাটো নিশ্চিত। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বংগোপ সাগৰত শেহতীয়াকৈ সৃষ্টি হোৱা কেতবোৰ পৰিঘটনাৰ বাবে সোমবাৰৰ পৰা সাগৰ পৃষ্ঠৰ পৰা ৩.১ কিলোমিটাৰ ওপৰেৰে উত্তৰ পূবলৈ বতাহ বলি আছে। এই বতাহৰ লগত অহা জলীয় বাষ্পৰ বাবে সোমবাৰে মাজনিশাৰ পাছত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ আছে। আনকি মঙলবাৰ বিয়লি পৰ্যন্ত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। অহা ২৫ মাৰ্চ পৰ্যন্ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰই সদৰি কৰিছে।  

ইফালে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ধূলিৰ প্ৰকোপে স্বাভাৱিক জনজীৱন ব্যাহত কৰিছে। আনকি আন্তৰ্জাতিক সমীক্ষাত গুৱাহাটী বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনেধৰণৰ—গুৱাহাটী ৩৪.৪ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় ৩১.১ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৩২.৯ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩২.৯ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত  ৩১.১ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰ ৩১.৪  ডিগ্রী চেলছিয়াছ।