Logo
image

পিট্‌চ বিতৰ্ক

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় [দিবা-নৈশ] টেষ্টখন দুদিনতে সমাপ্ত হোৱাৰ পাছত খেলখনৰ বাবে প্ৰস্তুত কৰা পিট্‌চক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল৷ বৃহস্পতিবাৰৰ পৰা একেস্থানতে আৰম্ভ হ’ব শৃংখলাৰ চতুৰ্থ তথা অন্তিম টেষ্টখন৷ অন্তিম টেষ্টখনৰ বাবে কেনেধৰণৰ পিট্‌চ প্ৰস্তুত কৰা হ’ব তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনা৷ তৃতীয় টেষ্টত ভাৰতীয় স্পিনাৰৰ সন্মুখত সম্পূৰ্ণভাৱে অসহায় হৈ পৰা দেখা গৈছিল ইংলেণ্ডৰ বেটছমেনক৷ খেলখনৰ দুটা দিনত পতন ঘটিছিল ৩০টা উইকেটৰ আৰু তাৰ ২৮টায়ে দখল কৰিছিল স্পিনাৰে৷ ইংলেণ্ডৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে দেশখনৰ একাংশ সংবাদ মাধ্যমে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিট্‌চ টেষ্ট ক্ৰিকেটৰ বাবে উপযোগী নহয় বুলি মন্তব্য কৰাৰ লগতে বিষয়টোত বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ হস্তক্ষেপো দাবী কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে অৱশ্যে এই বিষয়টোত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই৷ আনহাতে, চতুৰ্থ টেষ্টৰ বাবে প্ৰস্তুত কৰা পিট্‌চক লৈ নতুনকৈ যাতে কোনো বিতৰ্কৰ সৃষ্টি নহয়, তাৰ প্ৰতি যথেষ্ট সতৰ্ক হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড৷ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা জনোৱা মতে, চতুৰ্থ টেষ্টৰ বাবে পিট্‌চ বেটছমেনৰ সহায়ক হোৱাৰ সম্ভাৱনা আছে৷ টেষ্ট ক্ৰিকেটৰ বাবে যিধৰণৰ পিট্‌চ সাধাৰণতে উপযোগী হিচাপে বিবেচনা কৰা হয়, তেনে পিট্‌চেই পাব দুয়োটা দলে৷ উল্লেখ্য, ইংলেণ্ড তৃতীয় টেষ্টৰ দ্বিতীয় দিনতে দহ উইকেটত পৰাস্ত হোৱাৰ পাছত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’নে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিট্‌চৰ সমালোচনা কৰি কৈছিল যে এনেধৰণৰ অনুপযোগী পিট্‌চ প্ৰস্তুত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট কৰ্তন কৰা উচিত৷ ভ’নৰ এনে মন্তব্যৰ বিপৰীতে ইংলেণ্ডৰ আন এজন প্ৰাক্তন অধিনায়ক জিঅ’ফ বয়কটৰ লগতে আন কেইবাজনো ক্ৰিকেট বিশেষজ্ঞই অৱশ্যে তৃতীয় টেষ্টত পৰাজয়ৰ বাবে ইংলেণ্ডৰ বেটছমেনৰ লগতে দলৰ ৰণনীতিকহে জগৰীয়া কৰিছে৷ বয়কটৰ যুক্তি আছিল যে ভাৰত উপ-মহাদেশৰ পিট্‌চ সাধাৰণতে স্পিনাৰৰ সহায়ক হয়৷ সেই কথা জানিও ইংলেণ্ডে মূল দলত চাৰিজনকৈ পেচ বলাৰ ৰখাটো আছিল আশ্চৰ্যজনক৷ প্ৰকৃত কথাটো হৈছে যে স্পিনাৰৰ সহায়ক পিট্‌চত খেলাৰ বাবে ইংলেণ্ডৰ বেটছমেন সাজু হৈ অহা নাছিল আৰু তাৰেই ফল দেখা গৈছিল মটেৰা টেষ্টত৷ 

ভাৰতত ইয়াৰ পূৰ্বেও পিট্‌চক লৈ এনেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ২০১৫ চনৰ নৱেম্বৰত নাগপুৰত অনুষ্ঠিত তৃতীয় টেষ্টখন সমাপ্ত হৈছিল তৃতীয় দিনতে৷ খেলখনত ভাৰত জয়ী হৈছিল ১২৪ ৰানত৷ সেই সময়তো বিদৰ্ভ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ পিট্‌চক লৈ সমালোচনাত সৰৱ হৈ পৰিছিল৷ কোৱা হৈছিল এনেধৰণৰ পিট্‌চ প্ৰস্তুত কৰাটো ক্ৰীড়াসুলভ মানসিকতাৰ পৰিপন্থী৷ কিন্তু এটা কথা স্বীকাৰ্য যে প্ৰতিটো দলেই নিজ দেশত নিজৰ সুবিধা অনুসৰি পিট্‌চ প্ৰস্তুত কৰি লয়৷ তাত ভুল একো নাই৷ প্ৰকৃত কথাটো হৈছে যে স্পিন বলিং খেলাৰ ক্ষেত্ৰত সঠিক কৌশল নথকাৰ বাবেই বহু বেটছমেন ভাৰত উপ-মহাদেশত ব্যৰ্থ হোৱা দেখা যায়৷ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনো ইংলেণ্ডৰ স্পিনাৰৰ সন্মুখত সমস্যাত পৰিছিল৷ কিন্তু একেখন পিট্‌চতে দ্বিতীয় ইনিংছত ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছিল ৪৯ ৰান৷ ভাৰত যেতিয়া টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত আছিল, তেতিয়া প্ৰায়েই শুনা গৈছিল যে স্বদেশত দলটো অপ্ৰতিৰোধ্য হ’লেও বিদেশত দলটোৰ সেই প্ৰদৰ্শন দেখা নাযায়৷ সদ্যসমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণত টেষ্ট শৃংখলা জয় কৰি টীম ইণ্ডিয়াই এনেধৰণৰ সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিছিল৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে যিকোনো স্থানত, যিকোনো পৰিৱেশত খেলিব পৰাটোহে দল এটাৰ প্ৰকৃত শক্তিৰ পৰিচায়ক৷