Logo
image

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ বতৰা

এটা কথাত নিশ্চয় কাৰো দ্বিমত নাই যে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ অসমত প্ৰচুৰ সমল আছে৷ এই সমলবোৰৰ সঠিক প্ৰচাৰৰ লগতে পৰ্যটনস্থলীবোৰৰ আন্তঃগাঁথনি উন্নত কৰিব পাৰিলে অসমৰ পৰ্যটন উদ্যোগে ৰাজ্যখনৰ অৰ্থনীতিত বিশেষ ভূমিকা ল’ব পাৰিব৷ শেহতীয়াকৈ দেখা গৈছে অসমৰ বিভিন্ন পৰ্যটনস্থলীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে৷ তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীতো পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ নতুনকৈ একাধিক পৰ্যটনস্থল নিৰ্মাণ কৰা হৈছে৷ অসমৰ পৰ্যটন ক্ষেত্ৰখনত শেহতীয়াকৈ সংযোজন কৰিব বিচৰা হৈছে ‘পৰ্যটন আৰক্ষী’ [টুৰিষ্ট পুলিচ]৷ ৰাজ্যখনলৈ আহিবলগীয়া দেশী-বিদেশী পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ ইয়াৰ বাবে বিভিন্ন স্থানত টুৰিষ্ট পুলিচ ষ্টেচন নিৰ্মাণৰো সিদ্ধান্ত লোৱা হৈছে৷ ভাৰতত টুৰিষ্ট পুলিচ আঁচনি আৰম্ভ কৰা হৈছিল ২০২২ চনত৷ ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ, দিল্লী, গোৱা, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মধ্য প্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত এই আঁচনি আৰম্ভ কৰা হৈছে৷ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ এক তথ্য অনুসৰি ভাৰতৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো শেহতীয়াকৈ বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ নিঃসন্দেহে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ বাবে এয়া উৎসাহৰ বিষয়৷  

পৰ্যটন বিভাগে অসমৰ পৰ্যটন স্থলবোৰৰ  প্ৰচাৰৰ লগতে মাৰ্কেটিঙতো গুৰুত্ব দিছে৷ এটা কথা উল্লেখনীয় যে ছিকিমৰ পাছত সৰ্বাধিক পৰ্যটক অহা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন হৈছে অসম৷ তাৰ পাছত আছে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়৷ মেঘালয় আৰু অৰুণচল প্ৰদেশতো পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে৷ সেই ৰাজ্য দুখনতো পৰ্যটন বিভাগে পৰ্যটক বৃদ্ধি কৰাত বিশেষ গুৰুত্ব দিছে৷ উত্তৰ-পূৰ্বাঞ্চললৈ অহা পৰ্যটকসকল অসম হৈয়েই আন ৰাজ্যখেইখনলৈ [ছিকিমৰ বাহিৰে] যাবলগীয়া হয়৷ বৰ্তমান কোনো এটা বিষয়ৰ প্ৰচাৰৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াই বিশেষ ভূমিকা লোৱা দেখা গৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ অহা পৰ্যটকসকলে এই অঞ্চলৰ পৰ্যটনস্থলীবোৰৰ বৰ্ণনা ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ফলত ইণ্টাৰনেট ব্যৱহাকাৰীসকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কে অধিক তথ্য জনাৰ সুযোগ পাইছে৷ অসমৰ চাহ বাগানবোৰেও ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াব পাৰে৷ অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজনি অসম ভ্ৰমণ কৰাৰ সময়ত অসমৰ চাহ পৰ্যটনত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে পৰ্যটকসকলক ৰাজ্যখনৰ চাহ বাগানবোৰ ভ্ৰমণৰ আহ্বান জনাইছে৷ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে অসমৰ প্ৰধান উৎসৱ বিহুক কেন্দ্ৰ কৰিও পৰ্যটন উদ্যোগে বিশেষ মাত্ৰা লাভ কৰিব পাৰে৷ বসন্ত উৎসৱ ৰঙালী বিহুলৈ বেছি দিন নাই৷ বিহুৰ সময়ত পৰ্যটন বিভাগে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিশেষ কাৰ্যসূচী ল’লেও তাৰ সুফল পাব পৰা যায়৷ দেশী-বিদেশী পৰ্যটকক অসমৰ লগতে আন ৰাজ্যকেইখনৰ বিষয়ে তথ্য যোগান ধৰাৰ বাবে গুৱাহাটীৰ লগতে দেশৰ আন কেতবোৰ স্থানত পৰ্যটন তথ্য কেন্দ্ৰ স্থাপন কৰিলেও সুফল পাব পৰা যায়৷ তাৰ বাবে চৰকাৰে শিক্ষিত যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ কথাও ভাবিব পাৰে৷ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাটো উৎসাহৰ বিষয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উৎসৱ-পাৰ্বণবোৰৰ বিষয়েও বাহিৰত ভালদৰে প্ৰচাৰ চলালে এই ৰাজ্যকেইখনলৈ  পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব৷ প্ৰাকৃতিক সম্পদত চহকী এই ৰাজ্যকেইখনত  দুঃসাহসিক ক্ৰীড়াৰ যোগেদিও পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ ছিকিম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ইতিমধ্যে এইক্ষেত্ৰত বিভিন্ন আঁচনি লৈ সফল হোৱা দেখিবলৈ পোৱা গৈছে৷ অসমতো দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত যথেষ্ট সম্ভাৱনা আছে৷ সেয়েহে ক্ৰীড়া সংগঠনবোৰৰ সহযোগত  পৰ্যটন বিভাগে এই বিষয়টোতো গুৰুত্ব দিয়া উচিত৷