Logo
image

মহানগৰীৰ শ্বাসকষ্ট

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ মাৰ্চ: উদ্যোগ-কাৰখানা নহয়, যান-বাহনৰ ক’লা ধোৱা আৰু কংক্ৰিটৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ধূলিৰ বাবেই বিশ্বৰ প্ৰদূষিত মহানগৰৰ তালিকাত অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে গুৱাহাটীয়ে৷ আপুনি জানি উদ্বিগ্ন হৈ পৰিলেও গুৱাহাটীয়ে এতিয়া বিশ্বৰ প্ৰদূষিত মহানগৰৰ  দ্বিতীয় শীৰ্ষ স্থানলৈ গতি কৰিছে৷ ৰাজ্যৰ ৰাজধানী চহৰখনৰ সন্দৰ্ভত এই চিন্তাজনক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাত৷ গুৱাহাটী মহানগৰীত নিয়ন্ত্ৰণহীন হাৰত বৃদ্ধি পোৱা যান-বাহনৰ চলাচল, বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ, ফ্লাই অভাৰ নিৰ্মাণৰ লগতে সেউজ আৱৰণ ধবংস কৰি পাহাৰ খননৰ পৰিণতিত অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰী বাসোপযোগী হৈ নথকাৰ পৰাৰ আশংকা ঘণীভূত হৈছে৷ আই কিউ এয়াৰৰ ২০২৩ বৰ্ষৰ বিশ্বৰ বায়ুৰ গুণমান প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ প্ৰদূষিত মহানগৰৰ প্ৰথম স্থানত আছে বিহাৰৰ বেগুছৰাই৷ বেগুছৰাই চহৰৰ বায়ুমণ্ডলত ভাসমান কণা ২.৫ [PM ২.৫]ৰ গড় ঘনত্ব হৈছে ১১৮.৯ মাইক্ৰন৷ বেগুছৰাইৰ পাছতেই বায়ুমণ্ডলত ভাসমান কণাৰ উপস্থিতিৰ শীৰ্ষত আছে গুৱাহাটী মহানগৰী৷ গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডলত ভাসমান কণা [পি এম ২.৫] প্ৰতি ঘণমিটাৰত হৈছে ১০৫.৪ মাইক্ৰন৷ অথচ ২০২২ চনত গুৱাহাটীত পাৰ্টিকুলাৰ মেটাৰ অৰ্থাৎ পি এম ২.৫ ৰ পৰিমাণ আছিল প্ৰতি ঘণমিটাৰত ৫১ মাইক্ৰন৷ অৰ্থাৎ বিগত এটা বছৰতে গুৱাহাটীৰ বায়ুমণ্ডলত ভাসমান কণাৰ পৰিমাণ ১০০ শতাংশ বৃদ্ধি পালে৷ যিটো গুৱাহাটী মহানগৰবাসীৰ বাবে অতি ভয়াৱহ৷ ইংগিত হিচাপে বিবেচনা কৰিছে পৰিৱেশ বিজ্ঞানী সকলে৷ ছুইছ সংস্থা আই কিউ এয়াৰে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ পাছতেই বিশ্বৰ প্ৰদূষিত মহানগৰৰ তালিকাত আছে ক্ৰমে দিল্লী, মূল্লানপুৰ, লাহোৰ অন্যতম৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৫০ খন চহৰৰ ভিতৰত ৪২ খনেই ভাৰতৰ৷ অৱশ্যে একেটা সমীক্ষাত বিশ্বৰ প্ৰদূষিত ৰাজধানী চহৰৰ তালিকাত বায়ুৰ মান সূচাংকৰ ভিত্তিত শীৰ্ষ স্থানত আছে ভাৰতৰ ৰাজধানী চহৰ দিল্লী৷ উল্লেখ্য, ছুইছ সংস্থাটোৱে বিশ্বৰ ১৩৪ খন দেশৰ মাজত সমীক্ষা চলাই ১০০ শীৰ্ষ প্ৰদূষিত চহৰত তালিকা প্ৰকাশ কৰিছে৷ উদ্বেগজনক বিষয়টো হৈছে বিশ্বৰ ১০০ খন প্ৰদূষিত চহৰৰ ৯৯ খনেই হৈছে এছিয়াৰ৷ স্বাভাৱিকতেই এতিয়া গুৱাহাটী মহানগৰীত ভাসমান কণাৰ ঘনত্ব ১০৫.৪ মাইক্ৰন লাভ কৰাত ই বিশ্ব স্বাস্থ্য সংস্থাৰ বিপদ সূচাংকৰ ১০ গুণতকৈ অধিক বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে৷ গুৱাহাটীৰ বায়ুৰ প্ৰদূষণ যদি নিয়ন্ত্ৰণলৈ আনিব পৰা নাযায়, তেনেহ’লে অচিৰেই নাগৰিকসকল বিভিন্ন ৰোগৰ আক্ৰান্ত হোৱাৰ সতৰ্ক কৰি দিছে পৰিৱেশ বিজ্ঞানীসকলে৷ বায়ু প্ৰদূষণৰ পৰিণতিত হাপানী কেঞ্চাৰ, ষ্ট্ৰোক আৰু হাওঁফাওঁ আদি ৰোগৰ লগতে শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মোৱাৰো আশংকা ব্যক্ত কৰিছে৷ একেটা সমীক্ষাত বিশ্বৰ প্ৰদূষিত ৰাষ্ট্ৰৰ তালিকাত তৃতীয় শীৰ্ষ স্থান লাভ কৰিছে ভাৰতে৷ তালিকাত ভাৰতৰ আগত আছে বাংলাদেশ আৰু পাকিস্তান৷ ছুইছ সংস্থা আইকিউএয়াৰৰ বিশ্ব বায়ু গুণমান প্ৰতিবেদন ২০২৩ অনুসৰি ভাৰতত গড়ে বাৰ্ষিক পিএম ২.৫ প্ৰতি ঘনমিটাৰত ৫৪.৪ মাইক্ৰন স্পৰ্শ কৰাৰ বিপৰীতে বাংলাদেশত  প্ৰতি ঘনমিটাৰত ৭৯.৯ মাইক্ৰন আৰু পাকিস্তানত প্ৰতি ঘনমিটাৰত ৭৩.৭ মাইক্ৰন স্পৰ্শ কৰিছে৷ অৱশ্যে ২০২২ চনত ভাৰতক অষ্টম সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে স্থান দিয়া হৈছিল আৰু উক্ত বৰ্ষত ভাৰতৰ গড়ে পিএম ২.৫১ ঘনত্ব আছিল ৫৩.৩ মাইক্ৰন৷ ইফালে গুৱাহাটীৰ ক্ৰমাগত বায়ু প্ৰদূষণৰ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিজ্ঞানী গকুল বৰ্মনে কয়–গুৱাহাটী মহানগৰীত কেইবাটাও কাৰকৰ বাবে ক্ৰমাগতভাৱে প্ৰদূষণ বৃদ্ধি পাইছে৷ তুলনামূলকভাৱে গুৱাহাটীত ভাসমান কণা পিএম ২.৫ আৰু পি এম ১০ ৰ পৰিমাণ অধিক৷ গুৱাহাটীত বৰষুণ হ্ৰাস পোৱাত বায়ু মণ্ডলত ভাসমান কণাৰ উপস্থিতি অধিক বৃদ্ধি পাইছে৷ যিটো মহানগৰীৰ বাসিন্দাসকলৰ বাবে উদ্বেগজনক৷ বিশেষকৈ বায়ুমণ্ডলত ধূলি কণা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে গুৱাহাটীত যান-বাহনৰ পৰা নিৰ্গত ধোৱা, কল-কাৰখানাৰ ক’লা ধোৱা, অট্টালিকা নিৰ্মাণ, ফ্লাই অভাৰ নিৰ্মাণ, পাহাৰ খনন ইত্যাদি৷ এনেবোৰ মানৱ সৃষ্ট কাৰণৰ বাবেই বায়ুমণ্ডল দুই ধৰণৰ ভাসমান কণা পি এম ২.৫ [অতিক্ষুদ্ৰ] আৰু পি এম ১০ [ক্ষুদ্ৰ]ৰ মাত্ৰ বৃদ্ধি পাব ধৰিছে৷ মানৱসৃষ্ট প্ৰদূষণ সৃষ্টিকাৰী কাৰ্য বন্ধ কৰিলে আৰু বৰষুণ দিলেহে বৰ্তমানৰ অৱস্থাৰ পৰা সাময়িকভাৱে ভাসমান কণা হ্ৰাস পাব পাৰে৷ গুৱাহাটীক প্ৰদূষণ মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সমান্তৰালভাৱে ৰাইজো সজাগ হোৱা উচিত৷