Logo
image

নগাঁৱত নিৰ্বাচনী প্ৰচাৰ তুংগতঃ পীয়ূষ-হিমন্তৰ ৰঙা চকুক ভয় নকৰোঁঃ প্ৰদ্যুৎ বৰদলৈ

'আমাৰ অসম'ৰ ভূৰাগাঁৱৰ প্ৰতিবেদক, ২০ মাৰ্চঃ নগাওঁ লোকসভা সমষ্টিত শাসক-বিৰোধীৰ ৰ্নিবাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপি আৰু ইউ ডি এফৰ পিছত বুধবাৰে লাহৰীঘাটত ৰ্নিবাচনী প্ৰচাৰ  চলালে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। লাহৰীঘাট বজাৰত লাহৰীঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোবা ৰ্নিবাচনী সভাত স্থানীয় বিধায়ক আচিফ নাজাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন, সাধাৰণ সম্পাদক দেব চেতিয়া, মৰিগাঁও জিলা কংগ্ৰেছ সভাপতি, সম্পাদকে ধৰি দলটোৰ ভালে কেইজন নেতা-কৰ্মী উপস্থিত থাকে।

কংগ্ৰেছৰ দখলত থকা নগাঁও সংসদীয় সমষ্টিটো পুনৰ দখলৰ বাবে ৰ্নিবাচনী যুঁজত অৱৰ্তীণ হোৱা প্ৰদ্যুৎ বৰদলৈয়ে ইউডিএফ আৰু বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। শাসকীয় দল বিজেপি আৰু ইউডিএফ দলে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী ফেক্টৰ নহয় বুলি ৰাজহুৱা সভাত কৰা দাবীৰ বিপৰীতে সাংসদ বৰদলৈয়ে প্ৰত্যুত্তৰ দি কয় যে এয়া সময়ে ক'ব, সকলো ভোটাৰ ৰাইজৰ হাতত। লগতে তেওঁ কয় যে মই ভগবানৰ বাহিৰে, পীয়ূষ-হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ ৰঙা চকুক ভয় নকৰোঁ । বিজেপি চৰকাৰে মিঞা- মুছলমানক লৈ যি বৈষম্যমূলক নীতি গ্ৰহণ কৰি অহা বুলি মন্তব্য কৰে সাংসদ বৰদলৈয়ে।

তদুপৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ এই বৈষম্যমূলক নীতিৰ বাবে বসুন্ধৰা আঁচনিত নগাঁও , মৰিগাঁও জিলাত এজনো মুছলমান মানুহে মাটিৰ পট্টা নাপালে। এনদৰে বিজেপি চৰকাৰ নীতিক সমালোচনা কৰি লহৰীঘাটৰ মুছলমান ভোটাৰ উদ্দেশ্যি বৰদলৈৰ কয় যে মই সুখে-দুখে সদায় আপোনালোকৰ লগত আছোঁ আৰু থাকিম । গতিকে আপোনালোকে মোৰ হাত শক্তিশালী কৰক।

তদুপৰি তেওঁ বিজেপি আৰু ইউ ডি এফক অসমৰ দুটা সাম্প্ৰদায়িক দল বুলি আখ্যা দি এই দুয়োটা দলৰ মাজত যোগসুত্ৰ আছে বুলি উল্লেখ কৰে। বৰদলৈৰ অভিযোগ মতে, ইউ ডি এফে নিজে জিকিবলৈ নহয়, প্ৰদ্যুত বদৰদলৈক হৰুৱাবলৈহে বিজেপিৰ লগত মিলি ষড়যন্ত্ৰ কৰিছে। এয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে বুলি অভিযোগ আনিলে নগাঁৱৰ সাংসদজনে। আনহাতে, গৃহ সমষ্টিৰ ৰ্নিবাচনী প্ৰচাৰ সভাখনত বিধায়ক ডাঃ আচিফ নাজাৰে  ভাষণ ৰাখি বিজেপি দল তথা দলটোৰ প্ৰাৰ্থী সুৰেশ বৰাক চোকা ভাষাৰে সমালোচনা কৰে। বিজেপি প্ৰাৰ্থীজনৰ সন্দৰ্ভত বিধায়কগৰাকীৰ কয় যে সুৰেশ বৰা এজন বন্দুকধাৰী তথা হত্যাকাৰী। ৰাইজে বৰাৰ দৰে এজন বন্দুকধাৰীক বিছাৰিবনে ? প্ৰদ্যুৎ বৰদলৈক বিছাৰিব নে নাই সেয়া ভোটাৰ ৰাইজে সিদ্ধান্ত ল'ব। উল্লেখ্য যে ব্লক কংগ্ৰেছৰ সভাপতি মকবুল হুছেইনে সভাপতিত্ব কৰা উক্ত ৰ্নিবাচনী সভাখনৰ উদ্দেশ্য ব্যাখা কৰে সম্পাদক নৰেন ডেকাই আৰু আদৰণি পৰ্ব আঁত ধৰে বুবুল হুছেইন আৰু গিয়াচ উদ্দিনে৷