
চাবি দিয়াৰ পুতলাৰ কাম নাইঃ তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দক ক্ষুৰধাৰ সমালোচনা লুৰীণৰ
'আমাৰ অসম'ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ মাৰ্চঃ তিনিচুকীয়াৰ ৰঙাগড়া পথস্থিত দুৰ্গাবাড়ী হলত অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক চোকা সমালোচনা কৰে ৷ অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দলকে মুখ্য কৰি বিৰোধী ঐক্যমঞ্চৰ কেইবাশতাধিক ৰাইজ উপস্থিত থকা সভাখনত বক্তব্য দাঙি ধৰি লুৰীণজ্যোতি গগৈয়ে সাম্প্ৰতিক সময়ত সকলোতকৈ অন্যায় কৰা ব্যক্তিজন সৰ্বানন্দ সোণোৱাল বুলি কয়।
তেওঁ ৰামেশ্বৰ তেলীৰ প্ৰসংগ উত্থাপন কৰি কয় যে পূৰ্বৰ সাংসদজন পলায়ন কৰাৰ দিনাই আমাৰ প্ৰথম জয় হৈছে। আমাৰ হাতত ৬২% ভোট আছে ৷ ৩ লাখ অসম জাতীয় পৰিষদৰ, ৩ লাখ ২০ হাজাৰ কংগ্ৰেছ দলৰ আৰু নিৰ্দলীয় ৩০ হাজাৰ ৷ গতিকে আমাৰ জয় নিশ্চিত৷ ইয়াত নৰেন্দ্ৰ মোদী আহিলেও আমাক পৰাজিত কৰিব নোৱাৰে। আমি ২৪ ঘণ্টাই কাম কৰিব লাগিব বুলি গগৈয়ে দলীয় কৰ্মকৰ্তাৰ লগতে বিৰোধী ঐক্যমঞ্চক আহ্বান জনায় ৷
লুৰীণে শাসকীয় চৰকাৰখনক সমালোচনা কৰি কয় বিজেপিৰ শাসনত সামগ্ৰীৰ মূল্য তিনিগুণলৈ বৃদ্ধি পালে ৷ বিদ্যুৎ মাচুল ভয়ংকৰভাৱে বৃদ্ধি কৰা হ'ল৷ যাৰফলত এতিয়া বিজেপিৰ বিৰুদ্ধে জনতাৰ বিদ্ৰোহ বৃদ্ধি পাইছে ৷ মাত্ৰ হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে বিজেপি চৰকাৰ আৰু দল ৷ আঁচনি আমাকো লাগিব৷ অংগনৱাড়ী কৰ্মীসকলে নিজৰ প্ৰাপ্যৰ বাবে যুঁজিবলগা হৈছে৷ ৰান্ধনীসকলক ১২০০ মজুৰি দিছে৷ ১২০০ টকাই আজিৰ দিনত পৰিয়াল চলিব নোৱাৰে৷
তেওঁ সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে বিজেপি দলে ডিব্ৰুগড়ত যিগৰাকী প্ৰাৰ্থী দিছে সেইগৰাকী এগৰাকী নিমাতী কইনা বুলি সকলোৱে জানে ৷ জনজাতিকৰণৰ কথা ক’লে দিল্লীত মনে মনে বহি থকা লোকজনেই হ'ল সৰ্বানন্দ সোণোৱাল। জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱালৰ কাৰ্যকালত বাংলাদেশক মাটি এৰি দিয়া হ'ল। কিন্তু অসমত ৮ লাখ মানুহ আছে যাৰ মাটি নাই৷ গতিকে এইজন নিমাতী কন্যাই প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে ৷ নিমাতী কইনাক আপোনালোকে বহুত চালে। গতিকে মোক এবাৰ পঠাই চাওক সংসদৰ মজিয়ালৈ৷ তেতিয়া গম পাব অসমতো সিংহ জীয়াই আছে। দিল্লীৱালাকো দেখুৱাম আৰু অসমকো দেখুৱাম ৷ অসমত চাবি দিয়াৰ পুতলাৰ কাম নাই ৷ যি কেৱল নিজৰ চকীখন বচাবলৈ কান্দে ৷ জাতীয় সংকটৰ সময়ত কান্দি কান্দি “মোক একাষৰীয়া নকৰিব ৰাইজ” বুলি যি অভিনয় কৰে সেইজনক আমাক নালাগে বুলি লুৰীণজ্যোতি গগৈয়ে সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে ।