Logo
image

কংগ্ৰেছৰ সীমাহীন ভ্ৰষ্টাচাৰৰ বাবে টিকট দিবলৈ মানুহ পোৱা নাইঃ ভৱেশ কলিতা

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মাৰ্চঃ সকলো মুছলমানৰ ভোট নপৰিলেও খিলঞ্জীয়া মুছলমানসকলে বিজেপিকে ভোট দিব বুলি আশাবাদী বিজেপি দলৰ ৰাজ্যিক নেতৃত্ব। আনহাতে নগাঁৱত বিজেপি প্ৰাৰ্থীৰ যুঁজ এ আই ইউ ডি এফৰ লগতহে হ'ব বুলি দাবী বিজেপি নেতৃত্বৰ৷ বৃহস্পতিবাৰে নগাঁৱত এই দাবী কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

নগাওঁ জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকতাৰ সৈতে কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে নগাঁৱত কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ ব্যৰ্থ হৈছে৷ কংগ্ৰেছৰ সীমাহীন ভ্ৰষ্টাচাৰৰ বাবে প্ৰাৰ্থিত্ব দিবলৈ মানুহেই বিচাৰি পোৱা নাই। কংগ্ৰেছ এতিয়া পুৰণি দুটকীয়া নোটত পৰিণত হৈছে। পুৰণা দুটকীয়া নোট যেনেকৈ বজাৰত নচলে ঠিক তেনেকৈ কংগ্ৰেছো এতিয়া নচলে। নগাঁৱত বিজেপি আৰু এ আই ইউ ডি এফৰ মাজতহে যুঁজ হ'ব আৰু নগাঁৱত বিজেপি প্ৰাৰ্থী জিকিব। 

তেওঁ কয় লগতে কয় যে অসমীয়া খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোকে বিজেপিত ভোট দিব৷ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ ভাৰত জোড়ো নহয়, ভাৰত চৌড়ো হ'ব। যোৰহাটত সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত ভৱেশ কলিতাই কয় যে গৌৰৱ গগৈ পলায়নবাদী । সেয়েহে তেওঁ কাজিৰঙা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস নকৰিলে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "যোৰহাটত কোন জিকিব সেয়া সময়ে ক'ব।"