Logo
image

কংগ্ৰেছৰ তৃতীয় তালিকা প্ৰকাশ, নাই লখিমপুৰ

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মাৰ্চ : দেশৰ ৰাজনীতিত চৰ্চিত হোৱাৰ দিশে আগবাঢ়িছে অসমৰ লখিমপুৰ লোকসভা সমষ্টি৷ বিশেষকৈ কংগ্ৰেছৰ শিবিৰত লখিমপুৰ সমষ্টিৰ নাম সম্প্ৰতি বৰকৈ চৰ্চিত হৈছে৷ ইয়াৰ কাৰণ এয়ে যে এতিয়ালৈকে লখিমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই কংগ্ৰেছ হাইকমাণ্ডে৷ বৃহস্পতিবাৰে কংগ্ৰেছে তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে৷ এই তালিকাত ৫৭টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰে কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে৷ অৰুণাচল প্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট, ৰাজস্থান, তেলেংগানা, পুডুচেৰী আৰু পশ্চিম বংগৰ মুঠ ৫৭টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বৃহস্পতিবাৰে কংগ্ৰেছে ঘোষণা কৰা তৃতীয়খন তালিকাত অন্তৰ্ভুক্ত হয় যদিও এইখন তালিকাতো সন্নিৱিষ্ট নহ’ল লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম৷ আন আন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তো লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ এতিয়াও আৰম্ভই কৰিব পৰা নাই দলীয় নেতা-কৰ্মীসকলে৷ কাৰণ লখিমপুৰত দলৰ প্ৰাৰ্থী কোন হ’ব সেই কথা আজিকোপতি নিশ্চিত হোৱা নাই৷ ইয়াৰ বিপৰীতে আন দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰে দিনক দিনে ব্যাপক মাত্ৰা লাভ কৰিছে৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছত অব্যাহত থকা অচলাৱস্থাই লোকসভা নিৰ্বাচনত দলটোক ক্ষতি কৰাৰ আশংকাও নুই কৰা নাই ৰাজনৈতিক পৰ্যবেক্ষক মহলে৷ উল্লেখ্য, বুধবাৰে কাপোৰেৰে মুখ ঢাকি ছোনিয়া গান্ধীৰ নতুন দিল্লীস্থিত বাসগৃহত উপস্থিত হৈছিল লখিমপুৰ সমষ্টিৰ টিকট প্ৰত্যাশী ৰাণী নৰহ৷ এতিয়া ৰাণী নৰহৰ শেষ ভৰসা ছোনিয়া গান্ধী৷ কংগ্ৰেছ দলে ইতিমধ্যে অসমত ১২টা সমষ্টিত নিজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু এটা সমষ্টি মিত্ৰদল অসম জাতীয় পৰিষদক এৰি দিছে৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ ক্ষেত্ৰত আজিকোপতি সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছ হাইকমাণ্ডে৷ লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে উদয়শংকৰ হাজৰিকা আৰু ৰাণী নৰহৰ মাজত হাইভল্টেজ যুঁজ অব্যাহত আছে৷ শেষপৰ্যন্ত এই যুঁজত কোন জয়ী হ’ব, সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই৷ বুধবাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত আৰু তাৰ পাছতো ৰাণী নৰহে সেই স্থানত উপস্থিত থকা সংবাদ মাধ্যমৰ লোকৰ পৰা আঁতৰি থাকে৷ ৰাণী নৰহে টিকটৰ বাবেই দীৰ্ঘদিন ধৰি নতুন দিল্লীত বাহৰ পাতি আছে৷ উল্লেখ্য, বিগত ৰাষ্টপতি নিৰ্বাচনত ৰাণী নৰহে ভোট দিয়া নাছিল৷ এই কথা এতিয়াও পাহৰিব পৰা নাই কংগ্ৰেছ হাইকমাণ্ডে৷