Logo
image

ৰঞ্জিত দত্তৰ পাছত এইবাৰ ভোটাৰক সৰ্বানন্দৰ ধন ‘অফাৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২১ মাৰ্চ : বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নতুন ফৰ্মূলা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সেইমৰ্মে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ধন ‘অফাৰ’ কৰিছে সোণোৱালে৷ লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰা মণ্ডল সমিতিলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰস্কাৰ প্ৰদান কৰিব নগদ ধনেৰে৷ আজি ডিব্ৰুগড়ত বিজেপিৰ ছটাকৈ মৰ্চাৰ বিষয়ববীয়াসকলৰে হোৱা বৈঠকত এই কথা ঘোষণা কৰে বিজেপিৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালে৷ উল্লেখ্য, সোণোৱালৰ পূৰ্বে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই সৰ্বাধিক ভোট লাভ কৰা দলৰ বিভিন্ন পৰ্যায়ৰ কমিটীলৈ নগদ ধন পুৰস্কাৰৰূপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে এইদৰে নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা কাৰ্যক বিভিন্ন মহলে সহজভাৱে ল’ব পৰা নাই৷ ইফালে, আজি ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত মুখ্য নিৰ্বাচনী কাৰ্যালয়ত ডিব্ৰুগড় জিলা বিজেপিৰ মহিলা মৰ্চা, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, সংখ্যালঘু মৰ্চা আৰু অ’বিচি মৰ্চাৰ বিষয়ববীয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল পৃথকে বৈঠকত মিলিত হয়৷ বৈঠকত সোণোৱালে নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰা মণ্ডল সমিতিৰ বিষয়ববীয়াসকলক নিৰ্বাচনৰ পিছত জিলা সভাপতিৰ পৰা নগদ ধনৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ ইফালে এই সভাত সোণোৱালে আন কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়৷ শালীনতাবোধ বজাই ৰাখি নিৰ্বাচন সম্পন্ন কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান  জনাই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, আমাৰ লক্ষ্যই হ’ব বিজয়ৰ৷ আন্তৰিকতা আৰু শ্ৰদ্ধা-ভক্তিৰে ৰাইজৰ মন জয় কৰিব লাগিব৷ দুয়োখন চৰকাৰৰ সফলতাৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষ চাপিব লাগিব৷ সফলতাৰ তথ্য লৈ ৰাইজৰ ওচৰলৈ যাব লাগিব৷ নিৰ্বাচনত বিৰোধীয়ে বিষোদগাৰ সৃষ্টি কৰিব৷ বিৰোধীয়ে বিভ্ৰান্তিকৰ মন্তব্য দিয়াৰ চেষ্টা কৰিব৷ তেওঁলোকক প্ৰত্যুত্তৰ দিব লাগিব৷ ৬০ বছৰে ৰাজত্ব কৰি কংগ্ৰেছে বিকাশৰ বাবে একো কৰিব নোৱাৰিলে৷ দহ বছৰীয়া ডাবল ইঞ্জিন চৰকাৰৰ সফলতাৰ কামবোৰ ৰাইজক সোঁৱৰাই দিব লাগিব৷ ইয়াৰ পূৰ্বে আজি খোৱাং বিধানসভা সমষ্টিত অনুষ্ঠিত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তেওঁ৷ সভাত অংশ লৈ সোণোৱালে কংগ্ৰেছক সমালোচনা কৰি কয়– কংগ্ৰেছৰ শাসনকালত বিশ্বই ভাৰতবৰ্ষক দুৰ্বল বুলি হাঁহিছিল৷ কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে ভাৰত দুৰ্বল হৈ পৰিছিল৷ আজি তাৰ সম্পূৰ্ণ বিপৰীত ছবি বিৰাজমান৷ আজি প্ৰতিজন স্বদেশী তথা প্ৰৱাসী ভাৰতীয় নাগৰিকে মোদীক লৈ গৌৰৱ অনুভৱ কৰে৷ এই গৌৰৱৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আমি পুনৰবাৰ মোদীক নিৰ্বাচিত কৰিব লাগিব৷ সোণোৱালে আজি স্বৰ্গদেউ চাওলুং ছুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনাই সমাজৰ সৰ্বাংগীণ মংগল-কামনাৰে প্ৰাৰ্থনা আগবঢ়ায় আৰু কয় যে চাওলুং ছুকাফাৰ মহান আদৰ্শ আৰু অতুলনীয় কৰ্মৰাজিক সাৰোগত কৰি মোদীয়ে ভাৰতক সুশাসন, সমতা, সম-বিকাশ আৰু সমন্বয়ৰ এক নতুন যাত্ৰাত উপনীত হৈছে৷ নিৰ্বাচনত বিজয়ী হ’বলৈ বুথৰ গুৰুত্ব কোনেও নুই কৰিব নোৱাৰে৷ যোৱা ১০ বছৰত মোদীৰ নেতৃত্বত আমাৰ এনডিএ চৰকাৰে কি কি সা-সুবিধা আৰু উন্নয়ন কৰিলে, জন সংযোগৰ জৰিয়তে বুজাব লাগিব৷ এই সফলতাৰ প্ৰতিচ্ছবিখন সৰ্বস্তৰৰ ৰাইজৰ আগত যুক্তিসহকাৰে দাঙি ধৰিব লাগিব৷ বিৰোধীৰ দৰে গালি-গালাজ কৰি গণতান্ত্ৰিক পথাৰৰ বাতাৱৰণ বিনষ্ট কৰিব বিচৰা নাই৷ মূল্যবোধ আগত ৰাখি শক্তিশালী যুক্তিৰ অস্ত্ৰৰে বিৰোধীক ধৰাশায়ী কৰিম৷ জনকল্যাণৰ বাবে উৎসৰ্গিত বিভিন্ন আঁচনিৰ সুফল আজি দৰিদ্ৰ তথা মধ্যবিত্ত লোকসকলে আদায় কৰিবলৈ সক্ষম হৈছে৷ মাত্ৰ ১০ বছৰীয়া শাসনকালতে বিজেপি চৰকাৰে যিমানবোৰ হিমালয়সদৃশ কাৰ্য সম্পাদন কৰিলে, সেয়া কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্বকালত সম্ভৱ নহ’ল৷ বিজেপি চৰকাৰে যি গেৰাণ্টি দিয়ে সেয়া কথাতেই সীমাবদ্ধ নহয়, হাতে কামেও কৰি দেখুৱায়৷ সোণোৱালে লগতে কয়, কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰবাহিনীক ঘেৰি ধৰিবলৈ এটা প্ৰশ্নই যথেষ্ট হ’ব৷ সেইটো হ’ল– আপোনালোকে ৬০ বছৰকাল কিয় শুই কটালে? বিৰোধীয়ে নানানটা ভিত্তিহীন অভিযোগ আনিলেও সত্য সদায় সূৰ্যৰ দৰে জিলিকি থাকিব৷