Logo
image

সৰ্বোচ্চ ন্যায়ালয়ক নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা ৰামদেৱৰ

নতুন দিল্লী, ২১ মাৰ্চ : বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে আদালতৰ তলবৰ পাছতে বাবা ৰামদেৱৰ ঘনিষ্ঠ সহযোগী তথা পতঞ্জলিৰ মেনেজিং ডাইৰেক্টৰ আচাৰ্য বালকৃষ্ণই অৱশেষত উচ্চতম ন্যায়ালয়ত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হ’ল৷ উল্লেখ্য যে বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে নিজৰ উৎপাদিত ঔষধ সম্পৰ্কে জনসাধাৰণৰ মাজত বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱা বুলি শীৰ্ষ আদালতখনত এটা গোচৰ চলি আছিল৷ উচ্চতম ন্যায়ালয়ে উক্ত গোচৰ সন্দৰ্ভত পতঞ্জলি কতৃৰ্পক্ষক জবাবদিহি কৰি পূৰ্বে এক জাননী প্ৰেৰণ কৰে৷ কিন্তু উক্ত জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বাবা ৰামদেৱৰ প্ৰতিষ্ঠানটো৷ এনে অৱস্থাত আদালতে পতঞ্জলি কতৃৰ্পক্ষক ভৎৰ্সনা কৰাৰ লগতে পৰৱৰ্তী শুনানিত ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ যোৱা মঙলবাৰে হোৱা এই শুনানিৰ পাছতেই কালি ততাতৈয়াকৈ এক শপতনামাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ মেনেজিং ডাইৰেক্টৰ বালাকৃষ্ণই ভৱিষ্যতে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ পৰা পতঞ্জলি কতৃৰ্পক্ষ বিৰত থাকিব বুলি নিশ্চিতি প্ৰদান কৰাৰ লগতে পূৰ্বৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে৷ উল্লেখ্য যে আদালতে পূৰ্বৰ শুনানিত পতঞ্জলি কতৃৰ্পক্ষই নিজৰ উৎপাদিত ঔষধ সম্পৰ্কে জনসাধাৰণৰ মাজত ভুৱা প্ৰচাৰ চলাই ড্ৰাগছ এণ্ড ৰিমেডিজ আইনৰ ৩ আৰু৪নং  ধাৰা উলংঘা কৰা বুলি উল্লেখ কৰিছিল৷ ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ নৱেম্বৰ মাহত পতঞ্জলি কতৃৰ্পক্ষই উচ্চতম ন্যায়ালয়ক ঔষধ ব্যৱস্থাৰ সমালোচনা বা ভুল প্ৰচাৰ নকৰে বুলি আশ্বাস প্ৰদান কৰিছিল৷ কিন্তু এই আশ্বাস উলংঘা কৰি পতঞ্জলিয়ে ধাৰাবাহিকভাৱে নিজৰ উৎপাদিত ঔষধ সম্পৰ্কে বিজ্ঞাপন প্ৰচাৰ কৰি থাকে৷ ফলত ২৭ ফেব্ৰুৱাৰীত আদালতে প্ৰতিষ্ঠানটোক পুনৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ পৰা বিৰত থকাৰ বাবে সকীয়াই দিয়ে৷ কিন্তু এই নিৰ্দেশ উলংঘা কৰাৰ পাছত ন্যায়ালয়ে ৰামদেৱ আৰু বালকৃষ্ণক শেষ সকীয়নি প্ৰদান কৰে৷ যাৰ ফলত কালি ততাতৈয়াকৈ পতঞ্জলিৰ হৈ প্ৰতিষ্ঠানটোৰ শীৰ্ষ  বিষয়া আচাৰ্য বালকৃষ্ণই শপতনামাৰ জৰিয়তে ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈ পৰে৷ স্মতৰ্ব্য যে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে পতঞ্জলিৰ বিৰুদ্ধে ক’ভিডৰ সময়ত বিভ্ৰান্তিকৰ বিজ্ঞাপনেৰে কৰ’নিল কিট বিক্ৰী কৰি প্ৰায় আঢ়ৈশ কোটি টকা উপাৰ্জন কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷