Logo
image

কংগ্ৰেছ দেউলীয়া ভোট প্ৰচাৰৰ বাবেও ধনৰ অভাৱ

নতুন দিল্লী, ২১ মাৰ্চ : সন্মুখত লোকসভা নিৰ্বাচন৷ কিন্তু নিৰ্বাচনী প্ৰচাৰৰ বাবে এতিয়া ধন নাই কংগ্ৰেছৰ৷ আনকি দলীয় নেতা-কৰ্মীসকলৰ বাবে বিমান আৰু ৰে’লৰ টিকট ক্ৰয়ৰ বাবেও ধন নোহোৱা হৈছে দলটোত৷ আজি এক সংবাদমেলত এই কথা সদৰী কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই৷ কংগ্ৰেছৰ এনে ‘দেউলীয়া’ অৱস্থাৰ বাবে দুয়ো আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ সংবাদ মেলখনত  ছোনিয়া গান্ধীয়ে কয়– প্ৰায় শতবছৰ পুৰণি কংগ্ৰেছ দলটোক আৰ্থিকভাৱে পংগু কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত নিৰন্তৰভাৱে প্ৰচেষ্টা চলোৱা হৈছে৷ কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা বলপূৰ্বক ধন কাঢ়ি নিয়া হৈছে৷  আমি এই প্ৰত্যাহ৩ানজনক পৰিস্থিতিতো নিৰ্বাচনী কাম-কাজ চলাই যোৱাৰ চেষ্টা অব্যাহত ৰাখিছো৷ উল্লেখ্য যে শেহতীয়াকৈ আয়কৰ দপ্তৰে কংগ্ৰেছ দলৰ সমস্ত বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয়কৰ সংক্ৰান্তীয় অনিয়মৰ অজুহাতত আয়কৰ বিভাগে কংগ্ৰেছৰ পৰা ১০৫ কোটি টকা জৰিমনা আৰু ৩০ কোটি টকা সুদৰ বাবদ আদায় দিবলগীয়া আছে বুলি উল্লেখ কৰি দলটোৰ সমস্ত বেংক একাউণ্টসমূহ ফ্ৰীজ কৰি ৰাখে৷ যোৱা ফেব্ৰুৱাৰী মাহত আয়কৰ বিভাগে কংগ্ৰেছৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ দলটো বিষয়টো সংক্ৰান্তত বিচাৰ বিভাগীয় হস্তক্ষেপ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও আদালতে কংগ্ৰেছৰ আবেদন নাকচ কৰে৷ এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে আজি সংবাদমেলখনত কয় যে ২০২৩ চনৰ মাৰ্চ মাহৰ শেষলৈকে কংগ্ৰেছৰ বেংক একাউণ্টসমূহক ১৬২ কোটি টকা আছিল৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ একাউণ্টত ৫,৪২৫ কোটি টকা জমা থাকে যদিও গেৰুৱা দলটোৰ পৰা কিন্তু কোনো আয়কৰ কটা হোৱা  নাই৷ কংগ্ৰেছৰ একাউণ্টত যি পৰিমাণৰ ধন জমা হৈছিল, সেই ধনসমূহ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা হৈছিল৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে কয়, দলৰ বেংক একাউণ্ট ফ্ৰীজ কৰি থোৱাত এতিয়া নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় কাম-কাজ চলোৱাটো কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিছে৷ কিন্তু ইয়াৰ পাছতো আমি ৰৈ থকা নাই৷ ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সংবাদ মেলখনক  সম্বোধন কৰি কয় যে কংগ্ৰেছ দলটোৰ বিত্তীয় অৱস্থা আজি ইমানেই বেয়া যে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিবলগীয়া নেতা-নেত্ৰীসকলৰ বিমান আৰু ৰে’লৰ টিকট ক্ৰয়ৰ বাবেও ধনৰ অভাৱ ঘটিছে৷ এনে অৱস্থাৰ বাবে তেওঁ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মল্লিকাৰ্জুন খৰ্গেই কয়– প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰতিহিংসা পৰায়ণ হৈয়েই কংগ্ৰেছৰ বিৰুদ্ধে এনে পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ পৰিকল্পিতভাৱে কংগ্ৰেছৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ লগতে বিচাৰ বিভাগ, আয়কৰ দপ্তৰসহ সকলো সাংবিধানিক সংস্থাসমূহলৈ আহ্বান জনাই কয়– ‘সঁচাকৈয়ে যদি দেশত নিকা আৰু স্বচ্ছ নিৰ্বাচন বিচাৰিছে তেন্তে আমাক আমাৰ বেংক একাউণ্টসমূহ ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰক৷’ আনহাতে ৰাহুল গান্ধীয়ে কয়– দেশত আজি গণতন্ত্ৰ নাইকিয়া হৈছে৷ কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে গ্ৰহণ কৰা পদক্ষেপেৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নিজৰ অপৰাধমূলক মানসিকতাহে উদঙাই দিছে৷ স্মৰ্তব্য যে কংগ্ৰেছৰ বেংক একাউণ্টসমূহৰ বিৰুদ্ধে আয়কৰ বিভাগে লোৱা পদক্ষেপৰ স্থগিতাদেশ বিচাৰি দলে আপীল ট্ৰিবিউনেলত যি আবেদন  জনাইছিল সেয়া ৮ মাৰ্চতে খাৰিজ হয়৷ ইয়াৰ পাছতে আয়কৰ বিভাগে কংগ্ৰেছ দলৰ বেংক একাউণ্টসমূহৰ পৰা জৰিমনা হিচাপে কৰ্তন কৰি নিয়ে৷ ইয়াৰ পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ নাকচ কৰাত কাৰ্যতঃ  উক্ত একাউণ্টসমূহৰ লেনদেন বন্ধ হৈ পৰে৷ যাৰ ফলত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তৰ এই সময়ছোৱাত কংগ্ৰেছ দলটো এতিয়া বিত্তীয় সংকটৰ সন্মুখীন হ’ব লগা হৈছে৷