Logo
image

মন্ত্ৰী অতুল বৰাৰ দাবীঃ অসমত ১৪ খন আসনেই লাভ কৰিব বিজেপি মিত্ৰজোঁটে

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২২ মাৰ্চঃ ৰাজ্যৰ ১৪টা সমষ্টিয়েই এনডিএ মিত্ৰজোঁটৰ দখলত থাকিব। দুটা সমষ্টিত অগপ, এখন আসনত ইউ পি পি এল আৰু আন ১১ সমষ্টি দখল কৰিব বিজেপিয়ে। শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত অগপৰ নিৰ্বাচনী সভাত এই দাবী কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। 

ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে ১০ টা সমষ্টিৰ অগপৰ জিলা সমিতি, বিধান পৰিষদ আৰু বিভিন্ন বিষয়বাবত থকা নেতা-কৰ্মীসকলক লৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত মন্ত্ৰী অতুল বৰাই কয়, "২০২৩ৰ এপ্ৰিল মাহত কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰস্তুতি চলাইছিলোঁ। আমি এইবাৰ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছোঁ। কিন্তু এতিয়া আমাৰ মিত্ৰদলৰ প্ৰাৰ্থীসকলক সহায় কৰিব লাগিব। যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিবলৈ আহ্বান জনোৱা হৈছে।" 

সৰ্বানন্দ সোণোৱালৰ বাবে ডিব্ৰুগড়ত কোনো ধৰণৰ প্ৰত্যাহ্বান নাই বুলি দাবী কৰি অগপৰ সভাপতি অতুল বৰাই আৰু কয় যে সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাটো নিশ্চিত হৈছে। সোণোৱালৰ বাবে প্ৰত্যাহ্বান এই কাৰণেই নাই, কাৰণ বিৰোধীত কংগ্ৰেছ আছে। কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল। প্ৰথম অৱস্থাত ৪০ টা ৰাজনৈতিক দল থকা বুলি কৈ পৰৱৰ্তী সময়ত ১৭-১৮ টা দল থকা বুলি কৈছিল। এতিয়া কিমানটা দল আছে অসমৰ মানুহে নাজানে। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে। এই প্ৰাৰ্থীজন কোনো প্ৰত্যাহ্বান হ'ব নোৱাৰে। বিপুল ভোটত জয়ী হ'ব সোণোৱাল। 

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম উল্লেখ নকৰাকৈ সমালোচনা কৰি মন্ত্ৰী বৰাই কয় যে কিছুমান মানুহৰ মুখত জাতীয়তাবাদ-আঞ্চলিকতাবাদ শোভা নাপায়। আজি অসম গণ পৰিষদ কিয় জন্ম হ'বলগীয়া হ'ল? কংগ্ৰেছে বিদেশী আনিলে। আন্দোলনত অংশ লোৱা ৮৫৫ জন শ্বহীদ হ'ল। সেই কংগ্ৰেছৰ লগতেই থাকি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয় তেতিয়া মানুহে বিশ্বাস নকৰে। আমি বিকাশৰ ৰাজনীতিত বিশ্বাস কৰোঁ। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসম তথা উত্তৰ-পূবৰ মানুহৰ ধ্যান ধাৰণা সলনি হৈছে। পূৰ্বতে মাহীআইৰ দৃষ্টিৰে চোৱা বুলি কৈছিল। কিন্তু এতিয়া তেনে পৰিৱেশ অসমত আৰু নাই। 

ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গিত অৱস্থিত অগপৰ জিলা কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে  ডিব্ৰুগড়ত বিপুল ভোটত বিজয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। বৰপেটাত অগপৰ ফলাফল আশা কৰিব পাৰি। ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত প্ৰথমখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ধুবুৰীত আমি দ্বিতীয় স্থানত আছিলোঁ। প্ৰথম স্থানত পাবলৈ যথেষ্ট সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা হৈছে। এইবাৰ ধুবুৰী সমষ্টিত দখল কৰাৰ আশা কৰিছোঁ। কৰিমগঞ্জ সমষ্টিটো মিত্ৰদলৰ হাতলৈ আহিব বুলি আশা কৰিছোঁ।