Logo
image

কেঁচা অমিতাৰ উপকাৰৰ বিষয়ে জানি থওক

অমিতা স্বাস্থ্যৰ বাবে উপকাৰী৷ বছৰৰ সকলো সময়তে অমিতা সহজলভ্য৷ অমিতা কেঁচা বা পকা দুয়োটা অৱস্থাতে খাব পাৰি৷ কিন্তু বহুতৰে মনত প্ৰশ্ন হয় অমিতা কেঁচা নে পকা অৱস্থাত বেছি উপকাৰী? বিশেষজ্ঞৰ মতে, বিভিন্ন কাৰণত  পকা অমিতাতকৈ কেঁচা অমিতাহে বেছি উপকাৰী৷ ১০০ গ্ৰাম ওজনৰ এটা কেঁচা অমিতাত ৭.২ গ্ৰাম শৰ্কৰা  তথা ভিটামিন চি ৫৭ মিলিগ্ৰাম, ছডিয়াম ৬.০ মিলিগ্ৰাম, পটাছিয়াম ৬৯ মিলিগ্ৰাম, খনিজ ০.৫মিলিগ্ৰাম আৰু০.১. মিলিগ্ৰাম ফেট বা চৰ্বি থাকে৷ বিভিন্ন ৰোগত অমিতাই মহৌষধৰ দৰে কাম কৰে৷

১. কেঁচা অমিতাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক এনজাইম থাকে৷ ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য এনজাইম হৈছে ছাইম’পেপিন  আৰু পেপিন৷ এই দুবিধ এনজাইমে প্ৰ’টিন চৰ্বি আৰু কাৰ্বহাইড্ৰেট ভঙোৱাত সহায় কৰে৷ 

২. কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, ‘ই’, ‘অ’ আৰু ভিটামিন ‘এ’ থাকে৷ ইয়াত থকা এণ্টি অক্সিডেণ্টে অতিৰিক্ত কেলৰি আৰু চৰ্বিৰ পৰিমাণ কমায়৷

৩. কেঁচা অমিতাত থকা আঁহ বা ফাইবাৰে কোষ্ঠকাঠিন্য, এচিডিটি আৰু পাইলছ তথা ডায়েৰিয়াৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ মানুহৰ শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত অমিতা খুবেই কাৰ্যকৰী৷

৪. ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেঁচা অমিতা অতি গুৰুত্বপূৰ্ণ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ থাকে৷ কেঁচা অমিতাই মেদ কমোৱাৰ ক্ষেত্ৰত সহায় কৰে৷ 

৫. পেটৰ সমস্যাত ভোগাসকলে কেঁচা অমিতা চালাড হিচাপে খাব পাৰে৷ 

৬. কেঁচা অমিতাই তেজ সৰবৰাহ স্বাভাৱিক কৰি ৰখাত সহায় কৰে৷ তদুপৰি ই দেহত জমা হোৱা ছডিয়াম আঁতৰ কৰে৷ ছডিয়ামে হূদৰোগৰ আশংকা বঢ়ায়৷ নিয়মীয়াকৈ কেঁচা অমিতা খালে উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়৷

৭. নিয়মীয়াকৈ কেঁচা অমিতা খালে ছালৰ সমস্যা দূৰ হয়৷ বিশেষকৈ শালমন বা ছালত  দেখা দিয়া দাগ আঁতৰ কৰাত সহায় কৰে কেঁচা অমিতাই৷ ছালৰ মৃতকোষ সমস্যা দূৰ কৰিব পাৰে কেঁচা অমিতাই

৮. যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে তেওঁলোকে কেঁচা অমিতা খোৱাৰ অভ্যাস কৰিলে উপকাৰ পাব৷ কেঁচা অমিতাৰ জুচ বনায়ো খাব পৰা যায়৷ কেঁচা অমিতা বা ইয়াৰ জুচে তেজত শৰ্কৰা মাত্ৰা কমোৱাৰ লগতে ইনছুলিনৰ পৰিমাণ বঢ়ায়৷

৯. দৈনিক দুপৰীয়া আৰু নিশাৰ আহাৰৰ সৈতে এটুকুৰা কেঁচা অমিতা চোবাই খোৱাৰ পাছত এগিলাচ পানী খালে পেট পৰিষ্কাৰ হয়৷ এই উপায়েৰে গেষ্টিক আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়৷