Logo
image

মিঠাই খাই বিপদ নচপাব!

আমাৰ অসম, ৩ মাৰ্চঃ অতিৰিক্ত হাৰত মিঠাই খাই বিপদ নামাতিব৷ কিয়নো ইয়ে দ্ৰুত গতিত মাতি আনিব পাৰে মৃত্যু পৰ্যন্ত৷ সুস্বাস্থ্যৰ বাবে কেৱল চেনিয়েই নহয়, কৃত্ৰিম চেনিৰ পৰা প্ৰস্তুত কৰা খাদ্যও পৰাপক্ষত এৰাই চলা উচিত৷ অতিৰিক্ত চেনী বা মিঠাই খালে কোনো লোক অৱসাদৰ চিকাৰ হ’ব পাৰে৷ এই কথা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷ এই ক্ষেত্ৰত পুৰুষসকলে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ বিজ্ঞানীসকলৰ মতে– অতিৰিক্ত হাৰত মিঠাই খালে পুৰুষসকলৰ মাজত ‘মেণ্টেল ডিচঅৰ্ডাৰ’ হয়৷ লণ্ডনস্থিত ইউনিভাৰ্চিটী কলেজৰ বিজ্ঞানী এনিকা নুপ্পেলে জনোৱা মতে– অতিৰিক্ত মাত্ৰাত মিঠাই খালে শাৰীৰিক ক্ষতি হয়৷ কিন্তু মিঠাইৰ সৈতে মানুহৰ মগজুৰ এক বিশেষ যোগসূত্ৰ আছে৷ ইপিনে, ডায়েট চাৰ্টে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ ডায়েটত যদি অধিকাংশই মিঠাই থাকে তেতিয়া অৱসাদ বা এনজাইটিৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰৱল৷ তাৰ তুলনাত যিয়ে কম মিঠাই খায় তেওঁলোকৰ অৱসাদগ্ৰস্ততা কম হয়৷ তেওঁ জনোৱা মতে– সাধাৰণতে মানুহৰ মন-মগজু ঠিকে নাথাকিলে তেনে লোকৰ মিঠাই খোৱাৰ প্ৰৱণতা বেছি থাকে৷ তেওঁলোকে ভাবে যে মিঠাই খালে মন-মগজু সুস্থিৰ হয়৷ সাময়িকভাৱে ই ইতিবাচক হ’লেও অৱসাদত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰৱল৷ চিকিৎসকসকলৰ মতে, অৱসাদ বা ডিপ্ৰেচনত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ অধিকাংশ ৰোগৰেই মূল কাৰণ অৱসাদ বুলি জনাইছে তেওঁলোকে৷ কম বয়সৰ পৰাই অৱসাদৰ চিকাৰ হ’লে ব্লাড চুগাৰ, স্নায়ুৰোগ, হাৰ্টৰ সমস্যা আদি হ’ব পাৰে৷ এই ৰোগবোৰ বেছি দীঘলীয়া হ’লে মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ স্মৃতিশক্তিৰ ক্ষতিঃ অতিৰিক্ত মিঠাই, পানীয় বা চেনি খালে স্মৃতিশক্তিৰ ক্ষতি হয়৷ বিশেষ:সকলৰ মতে– অতিৰিক্ত চেনি খোৱা লোকৰ দেহত যথেষ্ট পৰিমাণে ইনচুলিন উৎপন্ন হ’ব নোৱাৰে৷ ফলত মস্তিষ্কৰ বহু কাৰ্যক্ৰম সলনি হয়৷ ধুমপানৰ ক্ষতি বৃদ্ধিঃ সাধাৰণতে ধুম্ৰপায়ীসকল চেনিৰ প্ৰতি বেছি আকৰ্ষিত হয়৷ চেনি বেছিকৈ খালে ধোৱাৰ মাত্ৰা বেছি গভীৰলৈ যায় আৰু ইয়ে ক্ষতিৰ কাৰণ হৈ উঠে৷ কেঞ্চাৰঃ গৱেষকসকলৰ মতে অতিৰিক্ত পৰিমাণে চেনি খালে কেঞ্চাৰৰ আশংকা বৃদ্ধি পায়৷ এই ক্ষেত্ৰত ইনচুলিন ৰেজিষ্টেন্সক মূল কাৰণ হিচাপে ডাঙি ধৰিছে তেওঁলোকে৷ এনে পৰিস্থিতিত শৰীৰৰ কোষসমূহে ইনচুলিনৰ সৈতে সঠিকভাৱে কাম নকৰে৷ ফলত হৰমনৰ ভাৰসাম্যহীনতা প্ৰস্তুত হয় আৰু কেঞ্চাৰৰ সৃষ্টি কৰে৷ নিচাঃ চেনি খোৱাটো এক ধৰণৰ নিচা৷ ই আমাৰ মস্তিষ্ক আৰু দেহৰ নানা ৰাসায়নিকক উজ্জীৱিত কৰে৷ ফলত আৰু বেছি চেনি খোৱাৰ প্ৰতি আকৰ্ষিত হৈ পৰে মানুহ৷ হৃদৰোগঃ অতিৰিক্ত পৰিমাণৰ চেনি খালে শৰীৰত সৃষ্টি হোৱা অতিৰিক্ত ইনচুলিনে দেহৰ নাৰ্ভ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায় আৰু ইয়ে ৰক্তচাপো বৃদ্ধি কৰে৷ ইয়ে হৃদৰোগৰো কাৰণ হৈ উঠিব পাৰে৷