Logo
image

সোণোৱালক প্ৰত্যাহ্বান জনাই লুৰীণ-অখিলৰ নিৰ্বাচনী প্ৰচাৰঃ অখিলে ক'লে, "মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষা কৰিব নোৱাৰা মানুহক ভোট দি লাভ নাই"

‘আমাৰ অসম’ৰ খোৱাঙৰ প্ৰতিবেদক, ২৩ মাৰ্চঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং সমষ্টিৰ খোৱাং চাৰিআলিত বিৰোধী ঐক্য মঞ্চ’ৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। খোৱাং চাৰিআলিত উপস্থিত হোৱাৰ পিছত দুয়োগৰাকী নেতাক উষ্ম আদৰণে জনাই বিৰোধী ঐক্য মঞ্চ’ৰ দলীয় কৰ্মকৰ্তাসকলে। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ দলীয় কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত শতাধিক লোকে অজাপত যোগদান কৰে। 

ভাষণ প্ৰসংগত সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষা কৰিব নোৱাৰা মানুহক ভোট দি লাভ নাই৷ লগতে তেওঁ তিনি গগৈৰ প্ৰসংগ টানি আনি কয় "ৰাইজে ডিব্ৰুগড়ত লুৰীণজ্যোতিক জিকাব। আমি যোৰহাটত গৌৰৱ গগৈক জিকাম। মই বিধানসভাত থাকিমেই। তেতিয়া অসমৰ ৰাজনীতি চাবলগীয়া হ'ব।"

ইফালে, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। তেওঁ কয় যে অৰবিন্দ কেজৰিৱালক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। অৰবিন্দ কেজৰিৱালক মুকলি কৰাৰ দাবী জনোৱাৰ লগতে কেজৰিৱালে বিজেপিত যোগদান কৰিলে ৱাছিং মেছিনত চাফা হৈ যাব বুলি বিজেপিক কটাক্ষ কৰে। 

আনহাতে, লুৰীণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত দুগৰাকী গগৈ প্ৰৱেশ কৰাৰ পিছত আৰু এগৰাকী গগৈ লগ খাবলৈ আছেই বুলি কয়। লগতে তেওঁ কয়, "আদৰ্শ সলনি কৰা নাই। আদৰ্শ বেলেগ হ'লেও জাতিৰ স্বাৰ্থত, গণতন্ত্ৰৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সংগ্ৰাম চলি যাব৷"