Logo
image

উক্তি-বক্ৰোক্তি

মই হতাশ হৈছোঁ৷ কাৰণ অৰবিন্দ কেজৰিৱালে মোৰ উপদেশ নুশুনিলে৷ সেয়েহে কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ মই আচৰিত হোৱা নাই৷ বৰং কেজৰিৱালে নিজৰ কৰ্মফল ভোগ কৰিছে৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত মই দুবাৰকৈ তেওঁলৈ চিঠি লিখিছিলোঁ৷ মোৰ আন্দোলনত কেজৰিৱাল আৰু মনীষ ছিছোদিয়াই যোগ দিছিল৷ সেই সময়ত তেওঁলোকে মোৰ কথা শুনিছিল, কিন্তু ক্ষমতা পোৱাৰ পাছত মোৰ কথা নুশুনা হ’ল৷ এতিয়া তেওঁলোকক মই কোনো উপদেশ নিদিওঁ৷ আইন অনুসৰি যি হ’বলগীয়া আছে সেয়াই হ’ব৷ আমি সুৰাৰ বিৰুদ্ধে মাত মাতিছিলোঁ৷ কিন্তু কেজৰিৱালে নতুন সুৰা নীতি প্ৰৱৰ্তন কৰিলে৷ তেওঁৰ নিজৰো যথেষ্ট সীমাৱদ্ধতা আছে৷ তেওঁ ক্ষমতাৰ ওচৰত আত্মসমৰ্পন কৰিছে৷

–আন্না হাজাৰে


মোদী চৰকাৰে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছৰ পৰা স্পষ্ট হৈ পৰিল যে দেশত গণতন্ত্ৰৰ মৃত্যু হৈছে৷ একনায়কত্ববাদ প্ৰৱৰ্তন কৰিব বিচাৰিছে মোদী চৰকাৰে৷ এজন মুখ্যমন্ত্ৰীক এনেদৰে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ পৰা আগন্তুক দিনত মোদী চৰকাৰে কি কৰিব বিচাৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ দেশখন বিৰোধীশূন্য কৰিবলৈ উত্ৰাৱল হৈ পৰিছে মোদী চৰকাৰ৷ এজন ভয়াতুৰ একনায়কত্ববাদীয়ে এক মৃত গণতন্ত্ৰ তৈয়াৰ কৰিব বিচাৰিছে৷ সংবাদ মাধ্যম আৰু বিৰোধী দলক ধবংস কৰিবলৈ উঠি-পৰি লাগিছে৷ বিৰোধী নেতাসকলক গ্ৰেপ্তাৰ কৰিবলৈ উঠি-পৰি লাগিছে৷ বিৰোধীৰ একাউণ্ট বাজেয়াপ্ত কৰিবলৈ নানান পন্থা অৱলম্বন কৰিছে৷ মোদী চৰকাৰৰ অন্যায়ৰ প্ৰত্যুত্তৰ দিব দেশৰ জনতাই৷

–কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী


কিছুমান মানুহৰ মুখত জাতীয়তাবাদ-আঞ্চলিকতাবাদ আদি শব্দ শোভা নাপায়৷ কংগ্ৰেছে বিদেশী আনিলে, অসম আন্দোলনত ৮৫৫জন শ্বহীদ হ’ল৷ সেই কংগ্ৰেছৰ লগত থাকি যদি কোনোবাই জাতীয়তাবাদৰ কথা কয়, আঞ্চলিকতাবাদৰ কথা কয় তেন্তে ৰাইজে কিয় বিশ্বাস কৰিব? আমি বিকাশৰ ৰাজনীতিত বিশ্বাস কৰোঁ৷ অসমক আগতে মাহীআইৰ দৃষ্টিৰে চোৱা হৈছিল৷ এতিয়া সেই পৰিৱেশ নাই৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ ধ্যান-ধাৰণা সলনি হৈছে৷ এইবাৰ অসমত লোকসভাৰ আটাইকেইখন আসন আমাৰ মিত্ৰজোঁটে পাব৷

–অগপৰ সভাপতি অতুল বৰা


কংগ্ৰেছ পুৰণি দুটকীয়া নোট নে বিজেপি আচল দুহাজাৰটকীয়া নোট সেয়া ৪ জুনত স্পষ্ট হ’ব৷ গুৱাহাটী আসনখন এৰি দিয়াৰ বাবে ‘আপ’ক ধন্যবাদ জনাইছোঁ৷ এতিয়াও সময় আছে৷ ‘আপ’ৰ প্ৰাৰ্থীগৰাকীয়ে শোণিতপুৰত মনোনয়ন-পত্ৰ দাখিল কৰিব নালাগে৷ যদি বৰ্তমানৰ চৰকাৰখনে ইমানেই ভাল কাম কৰিছে তেন্তে মুখ্যমন্ত্ৰীজেন কিয় গাঁৱে গাঁৱে ঘুৰি ফুৰিবলগীয়া হৈছে? ‘ইণ্ডিয়া’ জোঁটৰ জনপ্ৰিয়তাত শংকিত হৈয়েই মোদী চৰকাৰে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাইছে৷ কংগ্ৰেছে অসমৰ ৫খন লোকসভাৰ আসন ৱাকঅভাৰ পোৱাৰ দৰে হৈছে৷ বিজেপিয়ে ১৩-১৪খন আসন পাব বুলি কৈ থকাৰ বিপৰীতে মূল্যবৃদ্ধিত ছটফটাই থকা ৰাইজে কি ভাবিছে সেয়াহে ডাঙৰ কথা৷

–প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


‘কা’ৰ বিৰুদ্ধে সমান্তৰালভাৱে অব্যাহত থাকিব ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক সন্মানীয় উচ্ছতম ন্যায়ালয়ে ন্যায় দিব বুলি আমি আশা কৰিছোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ অধিকাংশতেই ‘কা’ প্ৰযোজ্য হোৱা নাই৷ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যত ‘কা’ নাই৷ মেঘালয়ৰ ৯৮ শতাংশ অঞ্চলত ‘কা’ নাই৷ ত্ৰিপুৰাৰ ৭০ শতাংশ অঞ্চলত ‘কা’ নাই৷ অসমৰ ষষ্ঠ অনুসূচীভুক্ত অঞ্চল, বিটিআৰ, কাৰ্বি আংলং আৰু ডিমাহাচাওত ‘কা’ নাই৷ তেন্তে অসমৰ বাকীখিনি ঠাইত ‘কা’ কেনেকৈ ভাল হ’ব? এইখন আইন সংবিধানবিৰোধী, অসম চুক্তি উলংঘনকাৰী আৰু সাম্প্ৰদায়িক৷ এইখন আইনে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ খিলঞ্জীয়া ৰাইজৰ সৰ্বনাশ কৰিব৷ এইখন আইন কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ আমাৰ যুঁজ চলি থাকিব৷

–আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য


হাগ্ৰামা মহিলাৰী আৰু বিপিএফক, তেওঁলোকৰ প্ৰাৰ্থীসকলক ৰাইজে সংগ দিয়া নাই৷ ১৫ বছৰে বিটিচিৰ ৰাইজে তেওঁলোকক লগ দিছিল৷ কিন্তু তেওঁলোকে ৰাইজক মৰম নকৰি বিশ্বাসঘাতকতা কৰিলে৷ এতিয়া ৰাইজে তেওঁলোকক প্ৰত্যাখান কৰিছে৷ ভৱিষ্যতে বিপিএফ কেতিয়াও ৰাইজৰ মাজলৈ উভতি নাহে৷ এতিয়া দেশত এনডিএৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই৷ বিপিএফে এনডিএক এধানমানো প্ৰত্যাহ্বান জনাব নোৱাৰে৷

–ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী