Logo
image

হোলীৰ সময়ত চুলি-ত্বক কেনেকৈ সুৰক্ষিত ৰাখিব

দৌলযাত্ৰা বা হোলী উৎসৱ মানে ৰঙৰ খেলা৷ নানান ৰঙৰ সমাহাৰ৷ হোলীৰ আনন্দ উপভোগ কৰিব বিচাৰিলে ৰং লগোৱাৰ পূৰ্বেই নিজে সাৱধান হোৱা উচিত৷ হোলী উৎসৱৰ সময়ত শৰীৰত আবিৰৰ ৰং লগোৱাৰ বাবে ত্বকৰ নানান সমস্যা হ’ব পাৰে৷ বিশেষকৈ আজি কালি বজাৰত পোৱা বহুতো ৰাসায়নিক আৰু কৃত্ৰিম ৰঙে মুখ, চুলি আদিত লাগিলে আমাৰ ছাল আৰু চুলিৰ ক্ষতি কৰে৷ সেয়ে হোলী খেলাৰ পূৰ্বে নিজে সতৰ্ক হ’লে সুফল পোৱা যায়৷ এই ৰঙৰ পৰা আপোনাৰ চুলি-ত্বক কিদৰে সুৰক্ষিত ৰাখিব পাৰি তাৰ সম্পৰ্কে জানো আহক–

বিশেষকৈ ৰং লগোৱাৰ আগেয়ে ক্ৰিম, বাদাম তেল, অলিভ অইল, নাৰিকল তেল, সৰিয়হৰ তেল ভালদৰে গাত লগাই ল’লে কৃত্ৰিম ৰঙেও শৰীৰৰ ছাল, চুলি আদিৰ অনিষ্ট কৰিব নোৱাৰে৷ 

হোলীৰ আগদিনা ৰাতি শৰীৰত বাদাম তেল সানি ল’ব লাগে৷ হোলী খেলাৰ পূৰ্বেই সম্পূৰ্ণ শৰীৰত বাদাম তেলৰ প্ৰলেপ প্ৰয়োগ কৰক৷ তেলৰ সলনি পেট্ৰ’লিয়াম জেলি অথবা ভাল বডিলোচন লগাওক৷ তেলেতীয় ত্বকত ৰং লগালেও সহজে আঁতৰি যাব৷ 

মাত্ৰ চুলি আৰু ত্বকৰ যত্নই নহয়, মুখকে ধৰি শৰীৰৰ আন আন অংশটো এনে যত্ন লওক৷ কাণ, চকু, মুখতো লোচন লগাওক৷

আপোনাৰ চুলিৰ পুষ্টি ঘূৰাই আনিবলৈ হেয়াৰ মাস্ক ব্যৱহাৰ কৰক৷ হেয়াৰ মাস্ক প্ৰস্তুত কৰোতে এটা কণীৰ সৈতে দৈ মিহলাই  এটা মিশ্ৰণ তৈয়াৰ কৰক আৰু চুলিত ব্যৱহাৰ কৰক, সুফল পাব৷

ময়দা আৰু তেলৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত লগাই কেইমিনিটমান অপেক্ষা কৰি কিছুসময় মালিচ কৰক আৰু মুখখন ধুই পেলাওক৷ 

হোলীৰ ৰং লগোৱাৰ আগতে চুলিত কুহুমীয়া নাৰিকল তেল লগাই মালিচ কৰক৷ নাৰিকল তেলত থকা পুষ্টিকৰ উপাদানে চুলি সুৰক্ষিত কৰি ৰাখিব৷ তদুপৰি চুলিত কাঠবাদাম তেলো লগাব পাৰে৷ ইয়াত থকা ভিটামিন ‘ই’ আৰু ফেটি এচিডে চুলি আদ্ৰৰ্ কৰি ৰাখিব৷ যাৰ ফলত চুলিৰ ক্ষতি নহয়৷