Logo
image

লখিমপুৰত উদয় অস্ত গ’ল ৰাণী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ মাৰ্চঃ কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক আৰু ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ সৈতে থকা দীৰ্ঘদিনীয়া ব্যক্তিগত সম্পৰ্কয়ো ৰক্ষা কৰিব নোৱাৰিলে ৰাণী নৰহক৷ বহু জল্পনা-কল্পনা, হোঁহকা-পিছলাৰ অন্তত শনিবাৰে নিশা কংগ্ৰেছ হাইকমাণ্ডে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে উদয়শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰে৷ পোনপটীয়াকৈ ক’বলৈ গ’লে দীৰ্ঘদিনীয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত ‘উদয়’ হ’ল  উদয়শংকৰ হাজৰিকাৰ– ‘অস্ত’ গ’ল ৰাণী নৰহ৷ উল্লেখ্য, অহা ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণাত দলৰ হাইকমাণ্ডে বিলম্ব কৰা কাৰ্যতঃ স্বাভাৱিকতে হতাশ হৈ পৰিছিল দলটোৰ নেতা-কৰ্মী আৰু সমৰ্থকসকল৷ লখিমপুৰকে ধৰি ৰাজ্যৰ ৫টা সংসদীয় সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এই পাঁচটা সমষ্টিত মনোনয়ন-পত্ৰ দাখিলৰ শেষ দিন ২৭ মাৰ্চ৷ ২৮ মাৰ্চত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব৷ এই সমষ্টিসমূহত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ মাজত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি অব্যাহত আছিল তীব্ৰ যুঁজ৷ এই যুঁজত দুয়োজন প্ৰাৰ্থীয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ ফলত দীৰ্ঘদিন ধৰি এইক্ষেত্ৰত দলৰ হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল যদিও শনিবাৰে নিশা উদয়শংকৰ হাজৰিকাক কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে দলৰ হাইকমাণ্ডে৷ কংগ্ৰেছৰ এটা সূত্ৰৰ মতে ২০১৭ চনৰ উপ-ৰাষ্ট˜পতিৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ হুইপ অমান্য কৰি ভোটদানৰ পৰা বিৰত আছিল সাংসদ ৰাণী নৰহ৷ এই বিষয়টোৱে হেঙাৰ তৰিলে ৰাণী নৰহৰ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত৷ ইফালে, দলৰ নেতা-কৰ্মীসকলক মনোনয়ন-পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকিবলৈ লখিমপুৰ জিলা কংগ্ৰেছে শনিবাৰে বাৰ্তা প্ৰেৰণ কৰে৷ দলৰ হাইকমাণ্ডে লখিমপুৰৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা হোহকা-পিছলা নীতি অৱলম্বন কৰাৰ ফলত বিড়ম্বনাৰ সন্মুখীন হ’বলগীয়া হৈছিল লখিমপুৰ কংগ্ৰেছ৷ দীৰ্ঘদিন ধৰি নতুন দিল্লীত বাহৰ পাতি টিকটৰ বাবে যুঁজ দি থকা ৰাণী নৰহে দুদিন পূৰ্বে কাপোৰেৰে মুখ ঢাকি ছোনিয়া গান্ধীক সাক্ষাৎ কৰি টিকট লাভৰ শেষ চেষ্টা চলাইছিল৷ কিন্তু অৱশেষত প্ৰাৰ্থিত্ব লাভৰ যুঁজত পৰাজয় স্বীকাৰ কৰিলে ৰাণী নৰহে৷ শনিবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰা দলটোৰ চতুৰ্থখন প্ৰাৰ্থী তালিকাত আন ৪৫জন প্ৰাৰ্থীৰ লগতে সন্নিৱিষ্ট হ’ল লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ নাম৷ উল্লেখ্য, লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত হোৱা বিলম্বৰ বাবে আটাইতকৈ সুখী মানুহজনেই হৈছে লখিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা৷ কংগ্ৰেছে দলীয় প্ৰাৰ্থী বাছনি কৰিব নোৱৰাৰ সময়তে লখিমপুৰ সমষ্টিৰ চুকে-কোণে দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা৷