Logo
image

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা কাৰ্যতঃ সম্ভৱনে?

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দেশৰ প্ৰায়বোৰ বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে ইডি, চি বি আই, আয়কৰ বিভাগৰ জোৰদাৰ অভিযান অব্যাহত আছে৷ প্ৰধানমন্ত্ৰীজনৰ নেতৃত্বত ২০১৪ চনৰ প্ৰথমটো শাসনকালত এই অভিযান ছেগা-ছোৰোকাকৈ চলি আছিল যদিও ২০১৯ চনৰ দ্বিতীয়টো শাসনকালৰ পৰা ই তুংগত উঠে৷ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত কেৱল ইডিৰ তদন্তৰ সন্মুখীন হোৱা ১২১জন নেতাৰ ভিতৰত ১১৫ জনেই বিৰোধী দলৰ নেতা৷ শেহতীয়াকৈ দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ বৰণ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে মুখ্য কৰি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন, তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাওৰ কন্যা, বি আৰ এছৰ নেত্ৰী কে কবিতা, আপ চৰকাৰৰ মন্ত্ৰী মনীষ ছিছোদিয়া আদিয়ে সুৰা কেলেংকাৰীৰ বাবেই গ্ৰেপ্তাৰ বৰণ কৰিছে৷ উল্লেখ্য সুৰা নীতিৰ আলমেৰে এই নেতা-মন্ত্ৰীসকলে অবৈধ ধনৰ সৰবৰাহ কৰিছে বুলি ইডিয়ে অভিযোগ কৰি জগৰীয়া কৰিছে৷ সুৰা কেলেংকাৰীৰ উপৰি অন্যান্য বিভিন্ন গোচৰত ইডিৰ লগতে অন্যান্য কেন্দ্ৰীয় সংস্থাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে উপৰিউক্ত নেতাসকলৰ বিৰুদ্ধে শাসকীয় পক্ষৰ কঠোৰ অভিযানক লৈ দলীয় সমৰ্থকসকলৰ লগতে বিভিন্ন স্তৰৰ লোকৰ মাজত প্ৰতিক্ৰিয়া, প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে যদিও কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদী এইক্ষেত্ৰত তিলমানো থমকি ৰোৱা নাই৷ বৰঞ্চ নিৰ্বাচনী যঁুজ আৰম্ভ হোৱাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰি এইক্ষেত্ৰত নিজৰ আপোচহীন স্থিতিক প্ৰতীয়মান কৰিছে৷ ইফালে এই সময়ত প্ৰধান গান্ধীবাদী নেতা, ২০১১ চনত দেশ কঁপোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ মূল হোতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ গুৰুস্বৰূপ আন্না হাজাৰেই কেজৰিৱালক সুৰা নীতি প্ৰস্তুতৰ দৰে জনতাৰ হানিকাৰক নীতিৰ সৈতে জড়িত হোৱাৰ বাবে সমালোচনা কৰাটোৱে বিজেপি মহলক উৎফুল্লিত কৰিছে৷ কিয়নো ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা কঠোৰ ভূমিকাক এক মান্যতা প্ৰদান কৰিছে৷ আন্না হাজাৰেৰ অভিযোগ দুৰ্নীতিবিৰোধী আন্দোলনৰ অন্যতম সহযোদ্ধা অৰবিন্দ কেজৰিৱালে উক্ত আন্দোলনৰ সময়ত সুৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে কিয় সুৰানীতি প্ৰস্তুত কৰিলে? প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আন্না হাজাৰেৰ নেতৃত্বত জনলোকপাল বিল প্ৰয়োগৰ জৰিয়তে দুৰ্নীতিবিৰোধী আইন সংসদত গৃহীত কৰাক লৈ দেশত এক দীঘলীয়া জনআন্দোলন হৈছিল, য’ত সাধাৰণ জনতাৰ পৰা নামী-দামী চেলিব্ৰেটীয়েও ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল৷ উক্ত সময়ত দেশত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ শাসনভাৰ চলিছিল আৰু সেই সময়তে মন্ত্ৰী, নেতা, সাংগো-পাংগোৰ পৃষ্ঠপোষকতাত হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি চলিছিল৷ বিজেপিৰ উত্থান আৰু দলে দিল্লীৰ মছনদ অধিকাৰ কৰাৰ ক্ষেত্ৰত আন্না হাজাৰেৰ দুৰ্নীতিবিৰোধী আন্দোলনে আওপকীয়াকৈ হ’লেও ইন্ধন যোগাইছিল৷ কাজেই ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপিৰ শাসন চলাৰ সময়ৰ পৰাই  দুৰ্নীতি নিৰ্মূল, সু-প্ৰশাসন, আঁচনি-প্ৰকল্প ৰূপায়ণত অধিক স্বচ্ছতা আদিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু সেই মৰ্মে কেন্দ্ৰৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহত এইক্ষেত্ৰত বহু পদক্ষেপো গ্ৰহণ কৰা হৈছে৷ অৱশ্যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিৰ কথা শাসকীয় পক্ষই দোহাৰি আছে যদিও দুৰ্নীতি, অনিয়ম সমগ্ৰ ৰাজনৈতিক, প্ৰশাসনিক ব্যৱস্থাটোৰ সৈতে সংপৃক্ত হৈ থকাৰ বাবে ই প্ৰকৃতাৰ্থত কিমান নিয়ন্ত্ৰিত হৈছে সেয়া প্ৰশ্নৰ বিষয়৷ বিজেপিয়ে এইক্ষেত্ৰত আপোচহীন নীতিৰ কথা উচ্চাৰণ কৰি থকাৰ সময়তে ১৪টা ইডি, আয়কৰ বিভাগ, চি বি আইৰ অভিযান চলি থকা প্ৰতিষ্ঠানে ‘ইলেক্ট’ৰেল বণ্ড’ত বিজেপিক কোটি কোটি টকা জমা দিয়াৰ বাবে ধোৱা তুলসীৰ পাত হৈ পৰিল৷ দিল্লীৰ সুৰা নীতি গোচৰত অভিযুক্ত শৰৎ চন্দ্ৰ ৰেড্ডীয়ে ইলেক্ট’ৰেল বণ্ডত বিজেপিক কেনেকৈ ধন জমা দিব পাৰিলে? ২০২২ চনত ৰেড্ডীক ইডিয়ে গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱাৰ পাঁচদিনৰ পাছতে উক্ত কোম্পানীটোৱে বিজেপিক ৫ কোটি টকাৰ বৰঙণি দিলে৷ যি গোচৰৰ বাবে দেশৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে– সেই গোচৰৰ মূল কাণ্ডাৰীজনৰ অনুদান লোৱাৰ পাছত দুৰ্নীতিৰ বিৰুদ্ধে সহনশীলতা যথাৰ্থভাৱে প্ৰযোজ্য হ’বনে? উল্লেখ্য, দুৰ্নীতি, কেলেংকাৰীকে ধৰি আন বহু গোচৰত  অভিযুক্ত বহু বিৰোধী দলৰ নেতা, প্ৰাক্তন মন্ত্ৰীয়ে বিজেপি দলত যোগদান কৰি বৰ্তমান দুৰ্নীতিমুক্ত হোৱাৰ আখৰাখন এতিয়া ৰাজনৈতিক পথাৰখনত সুন্দৰকৈ চলি আছে৷ এফালে দুৰ্নীতিৰ সৈতে জড়িত মন্ত্ৰী, নেতা, ব্যক্তিৰ বিৰুদ্ধে অভিযান– আনফালে তেনে ব্যক্তিয়ে দিয়া বৰঙণিৰে নিৰ্বাচনী পুঁজি গঠন৷ ই দেশত সঁচাকৈ দুৰ্নীতি, অনিয়ম প্ৰশমিত কৰিবনে?