Logo
image

প্ৰদূষিত চহৰ

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী সন্দৰ্ভত অলপতে IQAir নামৰ ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটী টেকন’লজী কোম্পানীটোৰ এক প্ৰতিবেদনক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সংস্থাটোৱে জনোৱা মতে,  ২০২৩ চনৰ বিশ্বৰ বায়ুৰ মানৰ প্ৰতিবেদন অনুসৰি  গুৱাহাটী হৈছে বিশ্বৰ দ্বিতীয় সবাতোকৈ প্ৰদূষিত চহৰ৷ কিন্তু IQAir ৰ প্ৰতিবেদন বিভ্ৰান্তিকৰ আৰু যুক্তিহীন বুলি দাবী কৰিছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ ছুইছ সংস্থাটোৰ  প্ৰতিবেদনটোত আতংকিত নহ’বলৈ গুৱাহাটীবাসীক আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ ব’ৰ্ডে লগতে ইয়াকো উল্লেখ কৰিছে যে গুৱাহাটীৰ বায়ুৰ মানৰ সূচাংক যদি নিম্নমানৰ হ’লহেঁতেন, তেন্তে তাৰ প্ৰভাৱ সৰ্বসাধাৰণৰ জীৱনত দেখা গ’লহেঁতেন৷ কিন্তু বাস্তৱক্ষেত্ৰত  সেয়া দেখা পোৱা নাই৷ IQAirৰ প্ৰতিবেদনৰ কোনো ভিত্তি নাই বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দাবী কৰিলেও গুৱাহাটীৰ বায়ু প্ৰদূষণ যে যথেষ্ট বৃদ্ধি পাইছে, সেই বিষয়ে বিগত বছৰটোত কেইবাটাও তথ্যসমৃদ্ধ প্ৰতিবেদন প্ৰকাশ পাইছে৷ শেহতীয়াভাৱে গুৱাহাটীত যান-বাহনৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱা, চহৰখনৰ চাৰিওদিশত থকা সেউজ আৱৰণ ধবংস কৰি বিভিন্ন নিৰ্মাণকাৰ্য চলোৱা আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাটোৱে গুৱাহাটীৰ বায়ু প্ৰদূষিত কৰাৰ মূল কাৰণ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু  বিভিন্ন স্থানত চলি থকা নিৰ্মাণকাৰ্যৰ ফলত বিগত বছৰটোত গুৱাহাটীৰ বায়ুমণ্ডলত ভাসমান কণাৰ পৰিমাণ ১০০ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এটা উদ্বেগৰ বিষয়৷ গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সমস্যাটো যদি শীঘ্ৰে নিয়ন্ত্ৰণলৈ আনিব পৰা নাযায়, তেন্তে চহৰখনৰ বাসিন্দাসকলৰ ক্ষেত্ৰত দেখা যাব প্ৰদূষণসৃষ্ট বিভিন্ন বেমাৰ-আজাৰ৷ চৰকাৰে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ফ্লাই-অভাৰ নিৰ্মাণৰ লগতে আন বহুতো নিৰ্মাণকাৰ্য চলাই আছে৷ চহৰ এখনৰ উন্নয়নৰ স্বাৰ্থত এনেধৰণৰ নিৰ্মাণকাৰ্যৰ প্ৰয়োজনীয়তা  নুই কৰিব নোৱাৰি৷ কিন্তু উন্নয়নৰ নামত সেউজ আৱৰণ ধবংস কৰাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে৷  বায়ু প্ৰদূষণে দেশৰ ৰাজধানী নতুন দিল্লীত কি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই কথা নিশ্চয় সকলোৱে জানে৷ গুৱাহাটীও এতিয়া নতুন দিল্লীৰ দিশতে গতি কৰিবলৈ ধৰিছে৷ যদি এনে পৰিস্থিতি অব্যাহত থাকে, তেন্তে চহৰখনলৈ বিদেশ আৰু বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হ্ৰাস পাব আৰু তেনে হ’লে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে সেয়া হ’ব  নিৰাশাজনক৷


এটা প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ সবোতোকৈ প্ৰদূষিত চহৰৰ তালিকাভুক্ত এশখন চহৰেই হৈছে এছিয়া মহাদেশৰ আৰু তাৰ গৰিষ্ঠসংখ্যকেই হৈছে ভাৰতৰ৷  বায়ু প্ৰদূষণ এনে ভয়াৱহ হৈ পৰিছে যে এই প্ৰদূষণৰ পৰা মানৱ দেহত হ’ব পৰা ক্ষতি প্ৰতিদিনে ১৫-২০টা চিগাৰেট সেৱনৰ ফলত হ’ব পৰা প্ৰভাৱৰ সমান৷ ভাৰতত শেহতীয়াকৈ হাপানী, কেঞ্চাৰ, ষ্ট্ৰোক আৰু হাঁওফাঁও আদি ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ মূলতে হৈছে বায়ু প্ৰদূষণ৷  কেইবছৰমান আগলৈকে গুৱাহাটীৰ চাৰিওদিশে থকা সেউজীয়া পৰিৱেশে বাহিৰৰ পৰা অহা লোকক আকৰ্ষিত কৰিছিল৷ তেনে পৰিৱেশত চহৰখনত বায়ু প্ৰদূষণৰ সমস্যাও নাছিল৷ কিন্তু বিগত কেইবছৰমানৰ পৰাহে এই সমস্যাটোৱে দেখা দিছে৷ বায়ু প্ৰদূষণৰ লগতে প্লাষ্টিকসৃষ্ট সমস্যাও গুৱাহাটীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷ প্ৰদূষণকেন্দ্ৰিক মৃত্যুৰ সংখ্যা পৃথিৱীৰ ভিতৰত ভাৰততে সৰ্বাধিক৷ বায়ু প্ৰদূষণে দিল্লীৰ লগতে চুবৰীয়া ৰাজ্যকেইখনত যি সমস্যাৰ সৃষ্টি কৰিছে,  অনুৰূপ পৰিৱেশ যাতে অসমত দেখা নিদিয়ে তাৰবাবে চৰকাৰে এতিয়াই সময়োচিত পদক্ষেপ লোৱা উচিত৷ অৱশ্যে চৰকাৰৰ লগতে সৰ্বসাধাৰণো এইক্ষেত্ৰত সজাগ হ’ব লাগিব৷