Logo
image

ভোগদৈত বালি মাফিয়াইখন্দা গাঁতত পৰি মাজুলীৰ অভিযান্ত্ৰিক ছাত্ৰৰ মৃত্যু

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মাৰ্চ: ফল্গুৎসৱৰ  আনন্দ উছাহৰ মাজতেই সোমবাৰে যোৰহাটত অভিযান্ত্ৰিক ছাত্ৰৰ সলিল সমাধি ঘটে৷ যোৰহাট কাছগড়ালত ভোগদৈ নৈৰ বালিমহলৰ দ গাঁতত সোমাই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অষ্টম ষান্মাসিকৰ মেধাৱী ছাত্ৰ অৰ্ণৱ কল্লোল বৰাৰ মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যোৰহাট গড়মুৰৰ এটা পিজিত থাকি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰজনৰ ঘৰ আছিল মাজুলীৰ গড়মূৰত৷ তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ শ্ৰেণীৰ ‘টপাৰ’ আছিল বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণী মতে, ফাকু খেলাৰ পাছত তেওঁ সমনীয়াৰ সৈতে ভোগদৈ নদীত গা ধুবলৈ গৈছিল৷ উল্লেখ্য, ভোগদৈ নৈ অতি তৰাং হোৱ সত্ত্বেও উক্ত স্থানত এটা বালি মহল থকা বাবে জেচিবিৰে কৰা খননৰ ফলত দ গাঁতৰ সৃষ্টি হৈছিল৷ এই দ গাঁতত সোমাই তেওঁ পানীত ডুব যায়৷ এই বিষয়ে সমনীয়া ছাত্ৰকেইজনে স্থানীয় গড়মুৰ আৰক্ষীক খবৰ দিয়ে৷ সেইমৰ্মে আৰক্ষী আৰু এছডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে৷ এছডিআৰএফে প্ৰায় দুঘণ্টা ধৰি অভিযান চলাই নদীখনত জেচিবিয়ে সৃষ্টি কৰা এটা দ গাঁতৰ পৰা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ছাত্ৰজনে লংপেণ্ট পিন্ধি থকাৰ লগতে জেপত ম’বাইল আৰু মনিবেগ উদ্ধাৰ কৰা হৈছে৷ সেয়ে তেওঁ গা ধুবলৈ নদীত নামিছিল নে আন পৰিস্থিতিত মৃত্যু হ’ল সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ মেধাবী ছাত্ৰজনৰ মৃত্যুত জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰে৷ উল্লেখ্য, ভোগদৈ নৈখন খৰালি কালত এক মৃত নদীত পৰিণত হয়৷ ঠিকাদাৰে জেচিবি লগাই নদীখন উপৰ্যুপৰি খান্দি বালি আৰু পলস সংগ্ৰহ কৰাৰ ফলত ঠায়ে ঠায়ে বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে৷ যাৰ ফলত ইয়াৰ পূৰ্বেও এজন শ্ৰমিক আৰু এজন ঠেলাৱালাৰ এনে দ গাঁতত পৰি মৃত্যু হৈছিল৷ যোৰহাটৰ সচেতন লোকে ভোগদৈৰ বক্ষ বিদাৰি এনেদৰে বালি খননৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে৷ অবৈধ খনন বন্ধ কৰিবলৈ বিভিন্ন দল-সংগঠনেও দাবী জনাই আহিছে৷ কিন্তু ৰাজনৈতিক ছত্ৰ-ছাঁয়াত পৰিচালিত এই নদী ধবংস প্ৰক্ৰিয়াত বন বিভাগ আৰু জিলা প্ৰশাসনো চকু মুদি থকা বুলি অভিযোগ উঠিছে৷

                                                                                                             শোকস্তব্ধ মাজুলী

আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিবেদক: মাজুলীৰ অতি হেঁপাহৰ ফাকুৱা উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ২৫ মাৰ্চৰ দুপৰীয়া অহা মৰ্মান্তিক খবৰে শোকস্তব্ধ- কৰিলে সমগ্ৰ মাজুলীক৷ গড়মূৰ সত্ৰ নিবাসী, গড়মূৰ বৰা প্ৰিণ্টাছৰ স্বত্বাধিকাৰী সঞ্জীৱ বৰা আৰু বনস্মিতা দেৱী বৰাৰ মেধাবী পুত্ৰ, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অন্তিম ষান্মাষিকৰ ছাত্ৰ অৰ্ণব কল্লোল বৰা [২২] ৰ ভোগদৈ নৈত লগৰ দহ-বাৰজন বন্ধুৰ লগত গা-ধুবলৈ গৈ মৃত্যু হোৱাত সকলো ম্ৰিয়মাণ হৈ পৰে৷ গড়মূৰ সত্ৰৰ তিনিদিনীয়া ফাকুৱা উৎসৱৰ ২৫ মাৰ্চত মহাপূজা আছিল৷ সকলো মহাপূজাত ব্যস্ত৷ অৰ্ণবৰ পিতৃও দিনৰ বাৰ বজালৈ নামঘৰত৷ তাৰ পাছতে যোৰহাটৰ পৰা পুত্ৰৰ কিবা দুৰ্ঘটনা হোৱা বুলি খবৰ পাই বিয়লি অফলামুখ ঘাটেৰে যোৰহাটত গৈ ভোগদৈ নৈৰ পৰা পূত্ৰৰ মৃতদেহ উদ্ধাৰৰ পাছতে পিতৃ-মাতৃ দুয়ো অচেতন পৰে৷ মাজুলীৰ প্ৰতিভাবান ছাত্ৰজনৰ মৃত্যুৰ খবৰে সমগ্ৰ মাজুলীকে ম্ৰিয়মাণ কৰি তোলে৷