Logo
image

কোনো হ’লগৈ কোটিপতি, কোনোজন ভিকহু, কাৰোবাৰ নিজা গাড়ী এখনো নাই

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মাৰ্চ : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনজন প্ৰাৰ্থী কিমান চহকী? কোনজন প্ৰাৰ্থীৰ হাতত আছে বুজন পৰিমাণৰ নগদ ধন? কোনজন প্ৰাৰ্থী কোটিপতি, কোনজন প্ৰাৰ্থী আৰ্থিক দিশত তুলনামূলকভাৱে স্বচ্ছল নহয়? কোনজন প্ৰাৰ্থীৰ কেইখন গাড়ী আছে? কোনজন প্ৰাৰ্থীৰ নিজৰ গাড়ী এখনো নাই? ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী, কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ধন-সম্পত্তি কিমান? বিৰোধী ঐক্যমঞ্চৰ সমৰ্থনত ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ কিমান চহকী? –এই সকলো প্ৰশ্নৰ ‘উত্তৰ’ সন্নিৱিষ্ট হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰৰ লগত দাখিল কৰা শপতনামাত৷        

উল্লেখ্য, এতিয়া উজনি-নামনি সৰ্বত্ৰ বলিছে নিৰ্বাচনৰ বতাহ৷ মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাজনো হাইপ্ৰফাইল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, বিজেপি সাংসদ প্ৰদান বৰুৱাও মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ কিন্তু বৰ্তমানৰ বিজেপি সাংসদ সৰ্বানন্দ সোণোৱালে আৰু প্ৰদান বৰুৱাৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামা দেখিলে আপোনাৰো চকু কঁপালত উঠিব৷ কিয়নো আপুনি শুনিলে আচৰিত যেন লাগিলেও মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজিলৈকে কিনিব নোৱাৰিলে এখনো বাহন৷ শপতনামাত উল্লেখ কৰা সৰ্বানন্দ সোণোৱালৰ নাই কোনো বাহন৷ হাতত নগদ জমা থকা ২৭,৬৭৯ টকা লৈ নিৰ্বাচনত নামিছে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ একেদৰে বিধায়কৰ পৰা দুবাৰকৈ সাংসদ হোৱা বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱায়ো আজিলৈকে ক্ৰয় কৰিব নোৱাৰিলে এখনো বাহন৷ সৰ্বানন্দৰ দৰেই প্ৰদান বৰুৱায়ো হাতত মাত্ৰ ২০ হাজাৰ টকা লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে৷ এখন এখন নিৰ্বাচনী প্ৰচাৰ সভাত লাখ লাখ টকা ব্যয় কৰা এইসকল শাসক দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত নিজকে ভিকহু প্ৰাৰ্থী হিচাপে পৰিচয় দিলেও বাস্তৱত ইয়াৰ সত্যতা কিমান সেয়া বিচাৰ্যৰ বিষয়৷ শপতনামাত উল্লেখ কৰা অনুসৰি সৰ্বানন্দ সোণোৱালৰ নিজৰ নামত থকা চাৰিটা বেংক একাউণ্টত জমা আছে সৰ্বমুঠ ৪৭ লাখ ৫৯ হাজাৰ ৭০৫ টকা৷ মিউচুৱেল ফাণ্ড আৰু বণ্ডত জমা আছে ৫৯.৭৫ লাখ টকা৷ একেদৰে ৭৩ লাখ টকাৰ জীৱন বীমাও আছে কেন্দ্ৰীয় মন্ত্ৰীজনৰ৷ প্ৰায় আঢ়ৈ লাখ টকাৰ সোণ থকা সৰ্বানন্দ সোণোৱালৰ ১৬ লাখ টকা ধাৰ থকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৬৫ কোটি টকা৷ ইয়াৰোপৰি ডিব্ৰুগড়ৰ মুলুক গাঁৱত ৩৬ লাখ টকাৰ ভূমি সম্পত্তি থকা সোণোৱালৰ ৰ কোটি টকাৰ মূল্যৰ অনাকৃষি ভূমি আছে৷ একেদৰে শপতনামাত উল্লেখ কৰা মতে বিজেপি সাংসদ প্ৰদান বৰুৱাৰ তিনিটা বেংক একাউণ্টত প্ৰায় ৬০ লাখ টকা জমা থকাৰ বিপৰীতে পত্নীৰ বেংক একাউণ্টত প্ৰায় ৩ লাখ টকা আৰু দুই কন্যাৰ বেংক একাউণ্টত ৮০ হাজাৰ টকা জমা আছে৷ অৱশ্যে প্ৰদান বৰুৱাৰ নিজৰ ২ লাখ টকাৰ জীৱন বীমা থকাৰ বিপৰীতে পত্নীৰ নামত নাই কোনো জীৱন বীমা৷ ইয়াৰ বিপৰীতে জ্যেষ্ঠ কন্যাৰ নামত ১৫ লাখ টকা আৰু কনিষ্ঠ কন্যাৰ নামত ১১ লাখ টকা জীৱন বীমা আছে৷ তদুপৰি প্ৰদান বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ বেলতলাত ভূমি সম্পত্তি থকাৰ বিপৰীতে ২২ লাখ টকা বেংকৰ ঋণো আছে সাংসদজনৰ৷ প্ৰদান বৰুৱা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭০ লাখ টকা৷ ইফালে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ হাতত জমা আছে ৪৫,৬০০ টকা৷ মুঠ ৩৮ লাখ টকা  অস্থাৱৰ সম্পত্তিৰ গৰাকী গৌৰৱ গগৈৰ নিজৰ নামত এখন ছুইফ্‌ট ডিজায়াৰ বাহন থকাৰ বিপৰীতে পত্নীৰ নামতো এখন হোণ্ডা বাহন৷ তদুপৰি গৌৰৱ গগৈৰ দিল্লীত চাৰিটা বেংকত একাউণ্ট থকাৰ বিপৰীতে পত্নীৰ দিল্লী আৰু আমেৰিকাত বেংক একাউণ্টত আছে৷ পত্নীৰ আমেৰিকাৰ বেংক একাউণ্টত জমা আছে ২ লাখ টকা৷ নিজৰ নামত কোনো আ-অলংকাৰ নথকা গৌৰৱ গগৈৰ পত্নীৰ প্ৰায় ২৪ লাখ টকাৰ সোণৰ গহণা আছে৷ অৱশ্যে গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটীৰ বশিষ্ঠ থানাত এটা গোচৰো পঞ্জীয়ন আছে৷ গৌৰৱ গগৈৰ বাৰ্ষিক আয় ১৩ লাখ টকা যদিও পত্নীৰ বাৰ্ষিক আয় ৫৬ লাখ টকা, গৌৰৱ গগৈৰ দুই পুত্ৰ কন্যাৰ নামতো ২৪  লাখ টকাৰ সম্পত্তি আছে৷ আনহাতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে এজেপি দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা লুৰীণজ্যোতি গগৈৰ হাতত নগদ ৯.৪৯ লাখ টকা জমা থকাৰ বিপৰীতে ৪টা বেংক একাউণ্টত ৬ লাখ ৭১ হাজাৰ টকা জমা আছে৷ তদুপৰি ৭.৯৫ লাখ টকাৰ জীৱন বীমা থকা লুৰীণজ্যোতি গগৈৰ ৫ হাজাৰ টকা ঋণ আৰু ৯০ হাজাৰ টকা মূল্যৰ গহণা আছে৷ এখনো গাড়ী নথকা এজেপি প্ৰাৰ্থীজনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫ লাখ টকা৷ অৱশ্যে নিজৰ নামত কোনো ঘৰ নথকা লুৰীণজ্যোতি গগৈৰ ডিব্ৰুগড়ত ৯ লাখ টকা মূল্যৰ কৃষি ভূমি আছে৷

শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী গঞ্জুৰ হাতত আছে নগদ এক লাখ টকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ: বিহালীৰ বৰগাং কমাৰপুখুৰী নিবাসী বেদা গঞ্জুৰ পুত্ৰ তথা শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ বিৰুদ্ধে বিশ্বনাথ চি জে এম আদালতত  ৮৩/২০১৭ আৰু ১১৩/২০১৭ এন আই এক্টত দুটা গোচৰ ৰুজু হৈ আছে৷ আনহাতে তেওঁৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে একলাখ আৰু পত্নীৰ হাতত জমা আছে নগদ ৫০ হাজাৰ টকা৷ শোণিতপুৰৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গঞ্জুৱে মনোনয়ন পত্ৰৰ স’তে দাখিল কৰা শপতনামাত এই বিষয়ে উল্লেখ কৰিছে৷ উল্লেখযোগ্য যে, পাঞ্জাৱ নেচনেল বেংকত দুটা একাউণ্ট থকা গঞ্জুৰ এটা ফিক্সদ ডিপজিত একাউণ্ট আৰু আনটো ছেভিংছ একাউণ্ট৷ ইয়াত জমা আছে এক লাখ ৭২ হেজাৰ ২১৬ টকা৷ আনহাতে এক্সিছ বেংকত জমা আছে এক লাখ ৭৬ হাজাৰ ৮০৯ টকা৷ তদুপৰি এছ বি আইত পত্নীৰ নামত থকা একাউণ্টত এক লাখ ৭৭ হেজাৰ ৪৫৩ টকা জমা আছে৷ প্ৰনিধানযোগ্য যে, তিনি সন্তানৰ পিতৃ গঞ্জুৰ পৰিৱাৰ এগৰাকী শিক্ষয়িত্ৰী৷ ব্যৱসায়ী গঞ্জুৰ বেগতী টি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নামত মুঠ ৯০ হাজাৰ টকাৰ ইকুইটি চেয়াৰ আছে৷ পত্নীৰ নামত আছে পাঁচ হাজাৰ টকাৰ ইকুইটি চেয়াৰ৷ জীৱন বীমাত থকা সঞ্চয়ৰ বিপৰীতে গঞ্জুৱে আদায় দিব লাগে ৩১হাজাৰ ৬৯০ টকা, পাঁচ হেজাৰ ৩২২ টকা আৰু ১০ হেজাৰ ৬৪৮ টকাৰ প্ৰিমিয়াম৷ উল্লেখযোগ্য যে এখন মটৰচাইকেল আৰু চাৰিচকীয়া বাহনৰ গৰাকী গঞ্জুৰ আছে ৭৮ হাজাৰ টকাৰ মুল্যৰ এখন হিৰ হোণ্ডা গ্লেমাৰ মটৰ চাইকেল আৰু  ন লাখ টকাৰ এখন মহিন্দ্ৰ বলেৰ বাহন৷ তদুপৰি, দুই লাখ ১০ হেজাৰ টকাৰ চাৰে তিনি তোলা ওজনৰ এডাল সোণৰ চেইন আছে প্ৰাৰ্থী গঞ্জুৰ৷ আনহাতে, তেওঁৰ পত্নীৰ তিনি লাখ ৩০ হেজাৰ টকাৰ এডাল চেইনসহ চাৰে পাঁচতোলা সোণ আছে৷ গঞ্জুৱে মনোনয়নৰ স’তে দাখিল কৰা তথ্য অনুসৰি, তেওঁৰ নিজৰ নামত বিহালীত ২১ বিঘা তিনি কঠা তিনি লেচা খেয়াজী পট্টাৰ মাটি থকাৰ বিপৰীতে পত্নীৰ নামত আছে ১৪ বিঘা চাৰি কঠা তিনি লেচা মাটি৷ উল্লেখযোগ্য যে, গঞ্জুৰ  কেটেলা পথাৰত থকা চাহবাগিছাৰ আনুমানিক মুল্য ৩০ লাখ টকা বুলি তথ্য দাখিলৰ উপৰিও তেওঁৰ মালিকনাধীন মেচাৰ্চ শোভম হোটেল আছে এবিঘা ন লেচা মাটি আৰু ইয়াক মূল্য ১৬ লাখ টকা৷ গঞ্জুৰ বাসগৃহৰ আনুমানিক মুল্য ১৬ লাখ টকা বুলি উল্লেখ কৰাৰ লগতে তেওঁ আদায় দিবলগীয়া বিত্তীয় ঋণৰ পৰিমাণ হৈছে চাৰি লাখ টকা৷ ইয়াৰ উপৰি গঞ্জুৰ আন অস্থাৱৰ সম্পত্তিৰ মূল্য ২১ লাখ ৩১০ টকাৰ বিপৰীতে পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য ৫৬ হাজাৰ টকাৰ লগতে স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে তিনি লাখ ৭৫ হাজাৰ টকা৷