Logo
image

পত্নীক ‘বঞ্চনা’ৰ বাবে দলেই এৰিলে ভৰতে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মাৰ্চ: পিতৃ ৰজা দশৰথৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাহীমাক কৈকেয়ীৰ ইচ্ছা অনুসৰি ১৪ বছৰৰ বাবে বনবাসলৈ গৈছিল ৰামচন্দ্ৰ৷ মাতৃ কৈকেয়ীৰ ইচ্ছা অনুসৰি ৰাজ্য শাসনৰ দায়িত্ব লৈছিল ভৰতে৷ কিন্তু ভৰতে ৰাজপাটত ৰামৰ  খৰমযোৰ ৰাখি দেশ শাসন কৰি পত্নীক ‘বঞ্চনা’ৰ বাবে গৈছিল৷ জ্যেষ্ঠ ভাতৃ ৰামক সন্মান জনাই শেষপৰ্যন্ত তেওঁ নবহিল ৰাজপাটত৷ কিন্তু ৰাইজক সু-শাসন দিয়াৰ সংকল্প লোৱা ভৰতে পত্নীৰ বঞ্চনাৰ কাৰণে দলেই এৰি দিলে৷ পত্নী ৰাণী নৰহে দলীয় টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ খঙতে ভৰত নৰহে ত্যাগ কৰে কংগ্ৰেছ৷ স্মৰ্তব্য যে অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰিছিল অসম গণ পৰিষদ৷ অসম আন্দোলনৰ সময়ত যি ভৰত নৰহৰ বক্ততা শুনি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনতা, সেই ভৰত নৰহে পাছলৈ অগপ এৰি যোগদান কৰিছিল কংগ্ৰেছত৷ কাৰ্যতঃ অগপৰ বেয়া দিনৰ শুভাৰম্ভ কৰে ভৰত নৰহে৷ সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক ভৰত নৰহে পত্নী ৰাণী নৰহৰ সৈতে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছে৷ ভৰত নৰহৰ বিজেপিত যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ভৰত নৰহে ক’লৈ যায় নাজানো৷ কিন্তু তেওঁ বিজেপিৰ সৈতে কোনো যোগাযোগত নাই৷ মই জনাত তেওঁলোকৰ মোবাইল ফোনৰ ছুইচ অফ হৈ আছে৷ ভৰত নৰহে বিজেপিত যোগদান কৰা নাই বুলি মুখ্যমন্ত্ৰী শৰ্মাই এফালে কৈছে যদিও আনফালে তেওঁলোকৰ মোবাইল ফোনৰ ছুইচ অফ হৈ থকা বুলি কোৱা কথাটোত স্পষ্ট হৈ উঠিছে যে বিজেপি নেতৃত্ব অথবা মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে যোগাযোগত আছে ভৰত নৰহ৷ উল্লেখ্য, ৰাণী নৰহক বঞ্চিত কৰি উদয় শংকৰ হাজৰিকাক দলীয় টিকট দিয়াৰ পাছতে অৰ্থাৎ ২৪ মাৰ্চত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ভৰত নৰহে৷ ২৫ মাৰ্চত তেওঁ দলৰ পৰাও পদত্যাগ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে৷

‘আমাৰ অসম’ৰ জিনজিয়াৰ প্ৰতিবেদক: ২০২৫ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্য মন্ত্ৰী মন্তৱ্য আগবঢ়াইছে৷ ভূপেন বৰাৰ বাবে দুটাকৈ বিধান সভা সমষ্টি তেওঁ সংৰক্ষণ কৰি ৰাখিছে বুলিও জানিবলৈ দিছে৷ আনহাতে, বিৰোধী দলৰ শোণিতপুৰৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়েও পিছত বিজেপিত যোগদান কৰিব বুলি সাংবাদিক ৰ আগত বক্তব্য আগবঢ়ায়৷ ভৰত নৰহৰ প্ৰসংগত তেওঁ কয় যে, ভৰত নৰহৰ লগত তেওঁ কথা পতা নাই যাৰ বাবে ভৰত নৰহ বিজেপি দলত যোগদানৰ প্ৰসংগৰ পৰা বিৰত বুলি মত প্ৰকাশ কৰিছে৷ আনহাতে, ভূপেন বৰা বিজেপিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিষয়টিক তীব্ৰ সমালোচনা কৰি অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–  মন্ত্ৰী, বিধায়ক হবৰ বাবে দল বাগৰি ফুৰা চৰিত্ৰ ভূপেন বৰাৰ নাই৷ যাৰ কেৱল মন্ত্ৰী হোৱাই যাৰ জীৱনৰ শেষ লক্ষ্য তেওঁ লোকেহে এনে কথা ক’ব বা ভাৱিব পাৰে৷ অহা বিধানসভা নিৰ্বাচনত দলে অনুমতি দিলে কংগ্ৰেছ ৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব৷