Logo
image

১০ মাহত দুবাৰকৈ সুৰাৰ মূল্যবৃদ্ধিৰে ৰাজকোষ ভৰোৱাৰ চেষ্টা ৰাজ্যৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ প্ৰায় ডেৰ লাখ কোটি টকা ঋণত কক্‌বকাই থকা ৰাজ্যৰ ৰাজকোষৰ বাবে এতিয়া আশা-ভৰসাৰ স্থল হৈ পৰিছে আবকাৰী ৰাজহ৷ কৰ সংগ্ৰহৰ লক্ষ্যৰে সুৰাৰ দাম বৃদ্ধি কৰি সুৰাপায়ীক টেটু চেপা দিয়াৰ পাছত এইবাৰ সুৰা ব্যৱসায়ীকো টাৰ্গেট কৰি লৈছে  বিজেপি মিত্ৰজোঁটৰ চৰকাৰে৷ ৰাজহ ঘাটি জোৰা মৰাৰ স্বাৰ্থত আবকাৰী ৰাজহ বৃদ্ধিৰ আশাৰে শেহতীয়াকৈ গাঁৱে-ভূঁঞে নতুনকৈ দুই শতাধিক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ গুৱাহাটী মহানগৰীত একোখন ৱাইন শ্বপৰ নিবিদা মূল্য কোটি টকাৰ ওপৰত উঠিছে৷ বিগত বৰ্ষত ৪ হাজাৰ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত এইবাৰ চৰকাৰে আবকাৰী ৰাজহৰ পৰিমাণ প্ৰায় ৫ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ সেই লক্ষ্যৰে নতুনকৈ ২০৩ খন ৱাইনশ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ সমান্তৰালভাৱে পূৰ্বে অনুজ্ঞাপত্ৰ লাভ কৰা ৩০০৪ খন দেশীয় সুৰা আৰু বিদেশী সুৰা বিপণী-বাৰৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ মাচুল দুগুণলৈ বৃদ্ধি কৰিছে৷ লক্ষণীয়ভাৱে অনুজ্ঞাপত্ৰৰ নবীকৰণ মাচুল বৃদ্ধিৰ পাছতেই বিগত ১০টা মাহত দ্বিতীয় বাৰলৈ মদৰ দাম বৃদ্ধিৰে আবকাৰী ৰাজহ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি আবকাৰী বিভাগে পহিলা এপ্ৰিলৰ পৰা কাৰ্যাকৰী হোৱাকৈ প্ৰতিটো বেণ্ডৰ বিলাতী সুৰাৰ বিপৰীতে ১০ৰ পৰা ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছে৷ এক কথাত প্ৰতিটো সুৰা বটলৰ বিপৰীতে এতিয়া প্ৰায় ৭০শতাংশ আবকাৰী ৰাজহ সংগ্ৰহৰ বাট মুকলি কৰিলে দিছপুৰে৷ বিগত ৬মাৰ্চত আবকাৰী বিভাগে জাৰি কৰা সুৰাৰ দাম বৃদ্ধিৰ জাননী অনুসৰি পূৰ্বে সুৰাপায়ীয়ে ১০০টকাত ক্ৰয় কৰাৰ ইম্পেৰিয়েল ব্লুুৰ এটা ১৮০ মিলি লিটাৰৰ কোৱাটাৰ বটল ১২০টকাত ক্ৰয় কৰিব লাগিব৷ সেই অনুসৰি ইম্পেৰিয়েল ব্লুলৰ ৭৫০ মিলি লিটাৰৰ বটলৰ দাম ৩৮০টকাৰ পৰা ৪৮০টকালৈ বৃদ্ধি পাব৷ একেদৰে পূৰ্বে ৯৫০ টকাত ক্ৰয় কৰা বিপি ৭৫০মিলি লিটাৰৰ বটলৰ বিপৰীতে এতিয়াৰে পৰা ভৰিব লাগিব ১১০০টকা৷ আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ সুৰা বটলৰ বিপৰীতে সৰ্বাধিক ৩১২টকা পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা আছে৷ সেই অনুসৰি জেনেৰেল ব্ৰেণ্ডৰ ৭৫০মিলি লিটাৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি পাব ১৫২টকা৷ ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০মিলি লিটাৰ সুৰাৰ বিপৰীতে ১৩০টকা, লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০মিলি লিটাৰ বটলৰ বিপৰীতে বৃদ্ধি পাব পাৰে ১৭৫টকা, এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০মিলি লিটাৰ সুৰাৰ বিপৰীতে ২২৫টকাকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আনহাতে প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০মিলি লিটাৰ সুৰাৰ বিপৰীতে ৩১২টকাকৈ বৃদ্ধিৰ সম্ভাৱনা আছে৷ সমান্তৰালভাৱে ৭৫০মিলি লিটাৰ বিয়েৰৰ বিপৰীতে ২৬টকাকৈ বৃদ্ধি পাব পাৰে৷  তদুপৰি আবকাৰী পৰিবহণ কৰৰ পৰিমাণ প্ৰতি কেচৰ বিপৰীতে দেশীয় ব্ৰেণ্ডত ১০০টকাৰ পৰা ১৮০টকালৈ আৰু বিদেশী ব্ৰেণ্ডত ১২০টকাৰ পৰা ২৪০টকা বৃদ্ধি পাব৷ ইফালে ৰাজ্যৰ আবকাৰী বিভাগে শেহতীয়াকৈ জাৰি কৰা আন এখন ৰাজপত্ৰিত জাননী অনুসৰি নগৰীয়া পৌৰ এলেকাৰ অধীনৰ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে বৰ্তমান ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে পৌৰ এলেকাৰ আওতাৰ বাহিৰৰ নগৰাঞ্চলৰ ৱাইন শ্বপৰ নবীকৰণ মাচুলত ডেৰ লাখ টকাৰ বিপৰীতে ৩ লাখ টকা আৰু গ্ৰামাঞ্চলত পূৰ্বৰ এক লাখ টকাৰ বিপৰীতে ২ লাখ টকালৈ মাচুল বৃদ্ধি কৰিছে৷ ৱাইন শ্বপৰ সমান্তৰালভাৱে হোটেল আৰু ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুলো পূৰ্বৰ তুলনাত দুগুণলৈ বৃদ্ধি কৰিছে৷ পৌৰ এলেকাৰ অন্তৰ্গত হোটেলৰ আই এম এফ এল বাৰৰ অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল পূৰ্বৰ ২ লাখ টকাৰ বিপৰীতে ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে নগৰাঞ্চলৰ অন্তৰ্গত পৌৰ এলেকাৰ বাহিৰৰ হোটেল বাৰৰ ক্ষেত্ৰতো নবীকৰণ মাচুল ৩ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আনহাতে বীয়েৰ বাৰৰ ক্ষেত্ৰতো অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল ডেৰ লাভ টকালৈ বৃদ্ধি কৰিছে৷ ইফালে বিলাতী সুৰা বিক্ৰী কৰা ৰেস্তোৰাঁৰ বাৰৰ পৰিসৰৰ ভিত্তিত অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল নিৰ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি নগৰ অঞ্চলৰ পৌৰ এলেকাৰ অন্তৰ্গত ১০০০ বৰ্গফুট ব্যাসাৰ্ধৰ ৰেস্তোৰাঁৰ বিপৰীতে নবীকৰণ মাচুল ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে পৌৰ এলেকাৰ অন্তৰ্গত ১০০০ বৰ্গফুটৰ পৰা ২৫০০ বৰ্গফুট এলেকাৰ ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুল ৬ লাখ টকা, ২৫০০ বৰ্গতকৈ বৃহৎ পৰিসৰৰ ৰেস্তোৰাঁৰ বাৰৰ অনুজ্ঞাপত্ৰ মাচুল ৮ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আনহাতে নগৰ অঞ্চলৰ পৌৰ এলেকাৰ বাহিৰৰ ৰেস্তোৰাঁৰ ২০০০ বৰ্গফুটৰ বাৰৰ নবীকৰণ মাচুল ৩ লাখ টকা আৰু ২০০০ বৰ্গ ফুটতকৈ অধিক পৰিসৰৰ ৰেস্তোৰাঁৰ নবীকৰণ মাচুল ৪ লাখ টকালৈ বৃদ্ধি কৰিছে৷ আবকাৰী বিভাগৰ এই অধিসূচনাই বাৰৰ ব্যৱসায়ীসকললৈ সংকট নমাই আনিছে৷ লক্ষণীয় বিষয়টো হৈছে, ৰেস্তোৰাঁসমূহৰ এটা নিৰ্দিষ্ট অংশ বা কোঠাত বাৰ থাকিলেও সমগ্ৰ ৰেস্তোৰাঁখনৰ পৰিসৰ সামৰি অনুজ্ঞাপত্ৰ নবীকৰণ মাচুল আদায় দিব লাগিব৷ ইয়াৰ ফলত স্বাভাৱিকতেই ৰেস্তোৰাঁৰ বাৰসমূহত সুৰাৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব৷ আনহাতে পূৰ্বতে ৱাইন শ্বপ আৰু বাৰৰ অনুজ্ঞাপত্ৰ আবেদন মাচুল ১ লাখ টকা আছিল যদিও এতিয়া এই আবেদন মাচুল ২ লাখ টকালৈ বৃদ্ধি কৰিছে৷ অনুজ্ঞাপত্ৰ লাভ নকৰিলেও, এই আবেদন মাচুল ঘূৰাই দিয়া নহয়৷