Logo
image

অৰুণ গোভিল আৰু কংগনাৰ সম্পত্তি কিমান!

‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ২৭ মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীয়ে সোমবাৰে লোকসভা নিৰ্বাচনৰ বাবে পঞ্চমখন তালিকা প্ৰকাশ কৰে৷ এই তালিকাত কেন্দ্ৰৰ শাসকীয় বিজেপিয়ে হিমাচল প্ৰদেশৰ মণ্ডিৰ পৰা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট আৰু উত্তৰ প্ৰদেশৰ মীৰাটত ৰামায়ণৰ ‘ৰাম’ হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা অৰুণ গোভিলক টিকট দিয়ে৷ দুয়োজন বিখ্যাত অভিনেতা-অভিনেত্ৰীক বিজেপিয়ে টিকট দি সকলোকে আচৰিত কৰি তোলে৷ আটাইতকৈ জনপ্ৰিয় টিভি ধাৰাবাহিক তথা ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি বহুতৰে বাবে ‘ভগৱান ৰাম’ হৈ পৰা অৰুণ গোভিলে প্ৰাৰ্থিত্ব লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে৷ তেনেদৰে কংগনা ৰাণাৱটো যথেষ্ট সুখী হৈ পৰে৷ দুয়োকে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াত বিৰোধী দলবোৰো অসন্তুষ্ট হৈছে৷ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া অৰুণ গোভিলৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩৮ কোটি৷ অৰুণ গোভিলে টিভি ধাৰাবাহিকৰ লগতে চিনেমাতো অভিনয় কৰি আহিছে৷ তেওঁ এখন চিনেমাৰ বাবে ৫০-৬০ লাখ টকা লয়৷ তেওঁ শেহতীয়াকৈ ‘অ’এমজি-২’ চিনেমাতো অভিনয় কৰিছিল৷ ‘আৰ্টিকল ৩৭০’ চিনেমাতো তেওঁ ৬৩ লাখ টকা লৈছিল৷ আনহাতে, বলীউডৰ ‘কুইন’ কংগনা ৰাণাৱটৰ সম্পত্তিৰ পৰিমাণ হ’ল ১২৫ কোটি টকা৷ তেওঁ প্ৰতিমাহে ১ কোটিৰো অধিক টকা আয় কৰে৷ বছৰি আয় হয় ১৫ কোটি টকা৷ তেওঁ এখন চিনেমাৰ বাবে লয় ১৫-১৭ কোটি টকা৷ এটা বিজ্ঞাপনৰ বাবে তেওঁ লয় ২.৪ কোটি টকা৷ তেওঁৰ মুম্বাই আৰু মানালীত আছে কেইবা কোটি টকীয়া ঘৰ৷