Logo
image

বিৰোধীৰ নহয়, বিজেপিৰহে ভোট বিভাজন হ'বঃ ডিব্ৰুগড়ত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল আপ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ অন্তিম দিনা অৰ্থাৎ বুধবাৰে ডিব্ৰুগড়ত বিজেপি-অজাপৰ সমানেই শক্তি প্ৰদৰ্শন কৰিলে আম আদমী পাৰ্টীয়ে। প্ৰায় তিনি সহস্ৰাধিক দলীয় নেতা-কৰ্মীক লগত লৈ আপৰ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ। 

ডিব্ৰুগড় চহৰৰ নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে এক বিশাল সমদল বাহিৰ কৰে আম আদমী পাৰ্টীয়ে। আপৰ উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাসহ আপৰ ৰাজ্যিক সমিতিৰ বহু শীৰ্ষ নেতৃত্বক লগত লৈ দিনৰ প্ৰায় ১ বজাত জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰে। ইফালে, আপৰ প্ৰাৰ্থীজনে মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। 

তেওঁ কয় যে আমাৰ মূল যুঁজ হৈছে বিজেপিৰ অপশাসন, দুৰ্নীতিৰ বিৰুদ্ধে। বিজেপিয়ে উন্নয়নৰ পৰা আঁতৰি গৈছে। ৰাইজক হাৰাশাস্তি কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে। বিজেপিৰ এই অপশাসনৰ বিৰুদ্ধে আমি ৰাইজৰ কাষ চাপিছোঁ। আমি নিশ্চিতভাৱে ৰাইজৰ সঁহাৰি লাভ কৰিম বুলি আশাবাদী। নিৰ্বাচনী যুঁজখন দুই বা তিনিকোনীয়াই হওঁক, ৰাইজে এইবাৰ আমাক লগ দিব বুলি বিশ্বাসী। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অনুপ্ৰেৰণাৰে আত্মবিশ্বাসী বুলি ধানোৱাৰে উল্লেখ কৰি ডিব্ৰুগড়ৰ পৰাই দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন আৰম্ভ হ'ব বুলি উল্লেখ কৰে। বিৰোধীৰ ভোট বিভাজন প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত আপৰ প্ৰাৰ্থীজনে কয়, "নিৰ্বাচনত ভোট বিভাজন হ'ব। কিন্তু বিজেপিৰ ভোট বিভাজন হ'ব। বিৰোধীৰ এটাও ভোট ইফাল-সিফাল নহয়। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ মোৰ ভাই। আমাৰ মাজত মিলা-প্ৰীতি আছে। বিজেপিৰ ভোট বিভাজন হৈ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীজন পৰাস্ত হ'ব।" 

উল্লেখ্য যে ডিব্ৰুগড় সংসদীয় সমষ্টিত মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব আপৰ বহু শীৰ্ষ নেতৃত্ব। বিশেষকৈ আপৰ যুৱ সাংসদ ৰাঘৱ চাড্ডা, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, দিল্লীৰ বিত্ত মন্ত্ৰী আতিশী মাৰ্লেনা সিঙসহ বহুকেইজন আপৰ শীৰ্ষ নেতৃত্ব ডিব্ৰুগড়লৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিবলৈ দিছে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে।