Logo
image

'২৬ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ঠিকনা বদলি কৰি দিয়াৰ হুংকাৰ ভূপেন বৰাৰ

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি ,২৭ মাৰ্চঃ "মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা বদলি কৰি দিম৷ ৪ জুনত  লখিমপুৰ, ধেমাজি, শদিয়া, ডুমডুমাবাসীয়ে আৰ্শীবাদ দি উদয় শংকৰ হাজৰিকাক জিকাই দিয়ক ৷ ২০২৬ চনৰ ৪ জুনৰ আগতে মই ৰাজ্যপালৰ ভৱনত  শপতগ্ৰহণ কৰিম৷"- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷

বুধবাৰে ভূপেন বৰাৰ উপস্থিতিত ১২ নং লখিমপুৰ সংসদীয় সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাই মনোনয়ন দাখিল কৰে ৷ কেইবা সহস্ৰাধিক সমৰ্থকৰ হৰ্ষ উল্লাসৰ মাজত জিলা আয়ুক্তক উদয়শংকৰ হাজৰিকাই মনোনয়ন দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰাই ৷ 

সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভূপেমন বৰা৷ তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা সলনি কৰি দিয়াৰ হুংকাৰ দিয়ে৷ লগতে তেওঁ কয় যে ২০২৬ চনৰ ৪ জুনৰ আগতে তেওঁ ৰাজ্যপালৰ ভৱনত  শপতগ্ৰহণ কৰিব ৷ লগতে তেওঁ কয়, "এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন, উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয়, তেন্তে মোৰ ঠিকনা হ'ব জনতা ভৱন৷  তেতিয়া মুখ্যমন্ত্ৰীৰ ঠিকনা হ’ব নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা উচ্চ অট্টালিকা বাজপেয়ী ভৱন৷" 

তেওঁ আৰু কয়, "আৰএছএছ, বিজেপি আৰু এআইইউডিএফ এই তিনিটা শক্তিৰ বাহিৰে বাকীসকলক  শত্ৰু বুলি নাভাৱোঁ৷ আমাৰ যুঁজ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে৷ আমাৰ যুঁজ গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰাৰ কাৰণেহে৷ যুঁজ হ’ব দুৰ্নীতিৰ পৰা অসমখন ৰক্ষাৰ কাৰণে৷ ২০২৬ চনত অসমত মুখ্যমন্ত্ৰী সলনি হ’ব৷" 

ইফালে উদয়শংকৰ হাজৰিকাৰ মনোনয়ন দাখিল কৰি অহাৰ পিছত বৰাই কয় যে পদুম ফুলৰ শিপা লখিমপুৰ সংসদীয় সমষ্টিত তিনিবাৰকৈ ৰোপণ কৰিছিল উদয়শংকৰ হাজৰিকাই৷ উদয়শংকৰ হাজৰিকাই বাগানৰ চাৰিসীমা, পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবলৈ ৰাজনীতি কৰা নাই৷ লখিমপুৰ স্বাভিমান, লখিমপুৰৰ আত্মসন্মান আৰু লখিমপুৰৰ বায়ুপানী খাই ডাঙৰ-দীঘল হোৱা উদয়শংকৰ পক্ষত যদি থিয় নিদিও, এইয়া অপৰাধ নহ’ব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ৷

উল্লেখ্য যে উদয়শংকৰৰ মনোনয়ন দাখিলৰ সময়ত সভাপতি ভূপেন বৰাৰ লগতে জিলা সভাপতি গগণ চন্দ্ৰ বৰা, ড° জয়প্ৰকাশ দাস প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷ ইফালে মনোনয়ন দাখিলৰ অন্তিম দিনা লখিমপুৰ সমষ্টিত ৫ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। লখিমপুৰ ৰিৰ্টানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰা পাঁচগৰাকী প্রার্থী হৈছে-বিৰোধী ঐক্যমঞ্চৰ  উদয়শংকৰ হাজৰিকা, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ ধীৰেণ কছাৰী আৰু তিনিগৰাকী নির্দলীয় প্রার্থী বিক্ৰম ৰামচিয়াৰী, গোবিন বিশ্বকৰ্মা আৰু দেৱনাথ পাইট৷