Logo
image

'কা'ক লৈ জুবিনক কটাক্ষ ড০ হীৰেন গোহাঁইৰ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ মাৰ্চঃ অসম আৰু অসমীয়াৰ সৰ্বনাশী হিচাপে পৰিগণিত হোৱা জাতিবিধ্বংসী 'কা' বাতিল কৰিবলৈ হ'লে সাম্প্ৰদায়িক বিজেপি চৰকাৰক প্রতিহত কৰিব লাগিব। বিজেপি চৰকাৰক প্ৰতিহত কৰিব পাৰিলেহে 'কা' বাতিল কৰিব পৰা যাব। এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ। 

বুধবাৰে 'কা' বিৰোধী জাতীয় মঞ্চৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড০ হীৰেন গোহাঁয়ে।  দিনৰ ১১ বজাৰ পৰা মঞ্চৰ আহ্বায়ক কবুল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন  উদ্বোধন কৰি ড০ হীৰেন গোহাঁয়ে কয় যে 'কা'ৰ দৰে জাতিধবংসী আইন প্রয়োগ কৰি বিজেপিয়ে আমাৰ জাতিটোকে নিঃশেষ কৰিবলৈ বিচাৰিছে। গতিকে এই বিজেপি দলক শাসনৰ পৰা উৎখাত কৰিব নোৱাৰিলে 'কা' কেতিয়াও বাতিল নহ'ব। আগন্তুক নির্বাচনত সকলোৱে বিজেপি দলক ভোট প্রদানৰ পৰিৱৰ্তে ঐক্যবদ্ধ শক্তিক ভোটদান কৰা উচিত। এচামে 'কা'ৰ বিৰোধিতা কৰাৰ নামত পূৰ্বতে নাচ-গান, নানান তৰ্জন-গৰ্জন কৰি 'কা' আন্দোলনটোক বিপথে পৰিচালিত কৰিলে। তেওঁলোকৰ বহুতে পাছত বিজেপি দলত যোগদান কৰিলে। যাৰ বাবে বহুতে 'কা' আন্দোলনটোক সন্দেহৰ চকুৰে চোৱা আৰম্ভ কৰিলে। 

ইফালে জুবিন গাৰ্গে 'কা' সন্দৰ্ভত শেহতীয়াভাৱে কৰা এক মন্তব্য সন্দৰ্ভত জুবিনক কটাক্ষ কৰি ড০ গোহাঁয়ে কয় যে তেওঁ কৈছে আন্দোলন কৰিলে মানুহ মৰে। কিন্তু আন্দোলন কৰিলে মানুহ মৰে, এইটো কেনে ধৰণৰ কথা। 'কা' আন্দোলনৰ নামত শ্বহীদ হোৱা পাঁচজনৰে হিংসাত্মক ঘটনাৰ বাবে মৃত্যু হৈছিল বুলি চৰকাৰে আজিও স্পষ্ট কৰিব পৰা নাই। তেওঁলোক আন্দোলন কৰি ঘূৰি আহোতে ঘৰৰ সন্মুখত মাৰিছিল। এই কথা জুবিন গাৰ্গে চৰকাৰক কওক। অসমৰ দৰে ৰাজ্যত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমপর্যায়ৰ উন্নয়ণ হ'লেহে অসমীয়া জাতি শক্তিশালী হ'ব। 

আনহাতে দেশৰ নিৰ্বাচন আয়োগ বিজেপি চৰকাৰে নিজৰ ইচ্ছামতে গঠন কৰা বুলি ব্যক্ত কৰি ড০ গোহাঁয়ে৷ 'কা' বিৰোধী সকলো দল-সংগঠন একত্রিত হৈ গণতান্ত্রিক শান্তিপূর্ণ প্রতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি যাবলৈ আহ্বান জনায়। ইফালে, সভাত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱাই কয় যে যদি 'কা' বাতিলৰ দাবী কৰিব বিচাৰোঁ, তেনেহলে প্রথমেই বিজেপিক বিৰোধিতা কৰিব লাগিব। গতিকে 'কা' বিৰোধী জাতীয় মঞ্চই নির্বাচনত বিজেপি বিৰোধী শক্তিক ভোটদান কৰিবলৈ ৰাইজক সৈমান কৰাব লাগিব। তেনেদৰে লেখক-সাংবাদিক মাইনী মহন্তই 'কা' বাতিলৰ এই আন্দোলন ৰাজ্যৰ গাঁৱে-ভূঞে সম্প্ৰসাৰিত কৰিবলৈ আহ্বায়কসকলক পৰামৰ্শ আগবঢ়ায়।  

সভাত  বিশিষ্ট কবি-সাহিত্যিক নীলিম কুমাৰে ভাগ লৈ কয় যে কোনো কাৰণতে বিজেপিৰ দৰে শক্তিক নির্বাচনত অসমীয়া মানুহে ভোটদান কৰাটো উচিত নহয়। ইয়াৰ বিপৰীতে বিকল্পৰূপে 'ইণ্ডিয়া' মিত্রশক্তিকহে ভোটদান কৰি 'কা' বাতিল সম্ভৱ কৰি তুলিব লাগে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক লৈ স্বৰচিত দুটা কবিতা নীলিম কুমাৰে পাঠ কৰে। সভাত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মুকুল শইকীয়াই  কয় যে পূৰ্বৰ কেন্দ্রীয় গৃহৰাজ্য মন্ত্রী কিৰেণ ৰিজিজুৱে ২০১৭ চনতে সংসদত দেশত দুই কোটি বাংলাদেশী নাগৰিক আছে বুলি তাৎপৰ্য্যপূর্ণ মন্তব্য কৰিছিল। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় আমাৰ অসমত কোটিৰ হিচাপত বাংলাদেশী নাগৰিক আছে। সেইয়া হিন্দু-মুছলিম দুয়োটাই হ'ব পাৰে। 

সভাত ড০ ইন্দ্রানী দত্তই সকলো দল-সংগঠন লগ হৈ নির্বাচনত বিজেপিৰ বিপক্ষে প্রচাৰ কৰিব লাগে বুলি মন্তব্য কৰে। ইফালে  কেইবাগৰাকীও বিশিষ্ট নাগৰিক, দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত 'কা' বাতিলৰ দাবীত কেইবাটাও প্রস্তাৱ গ্রহণ কৰা হয়। 'কা' বাতিলৰ দাবীত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণস্বাক্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা, প্ৰতিখন জিলা সদৰত একোখনকৈ নাগৰিক সভা অনুষ্ঠিত কৰা, নিৰ্বাচনৰ সময়ত সমগ্ৰ ৰাজ্যতে পদযাত্রা, বাইক তথা চাইকেল ৰেলী আৰু গণ ধর্মঘট  কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো জাতি-জনগোষ্ঠীৰ লগত আলাপ-আলোচনা কৰি শীঘ্রে উজনি আৰু নামনি অসমত নাগৰিক অভিবর্তন আহ্বান কৰাৰ সপক্ষে সভাত সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰোপৰি, ঐক্যবদ্ধ 'কা' বাতিলৰ আন্দোলনটোত নেতৃত্ব প্রদান কৰিবলৈ ড০ হীৰেন গোহাঁইক সভাই প্রস্তাৱ আগবঢ়ায়। নাগৰিক সভাখনত 'কা' বিৰোধী জাতীয় মঞ্চৰ আহ্বায়কসকল ক্রমে যাদৱ গগৈ, ববি শইকীয়া চুতীয়া, সঞ্জীৱ চিৰাম দেউৰী, প্রদীপ কলিতা, ৰমেন বৰুৱা, জিতু কাকতি, হৰিপ্ৰসাদ দেউৰীৰ উপৰিও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ভূঞা আদিয়েও সবল বক্তব্য প্রদান কৰে।