Logo
image

বেংকৰ জমা পুঁজিবোৰ ক’লৈ গৈছে

এখন দেশ বা এখন ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বেংকৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা৷ কুৰি শতিকাৰ পৰা ভাৰতত সেৱা আগবঢ়াই অহা বাণিজ্যিক বেংকসমূহৰ অধিকসংখ্যক বেংক যদিও বিলুপ্তি ঘটিল তথাপি আজিও ভাৰতৰ অৰ্থনৈতিক বিকাশত ৰাজহুৱা খণ্ডৰ বেংকসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ অসমৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ উপৰি আঞ্চলিক গ্ৰাম্য বেংকৰ অৱস্থিতি নাগৰিকে দেখা পাইছিল যদিও বৰ্তমান ৰাজহুৱা খণ্ডৰ ১২টা বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংক হিচাপে ২টা বেংকে সেৱা আগবঢ়াই আহিছে৷

অসমত বেংকৰ সেৱাৰ ক্ষেত্ৰত পোৱা তথ্যমতে, বৰ্তমান ৩,০৫৩টা বেংকৰ শাখাই নগৰ, চহৰ আৰু গ্ৰামাঞ্চলত নাগৰিকৰ পৰা জমা সংগ্ৰহ কৰা আৰু নাগৰিকক ঋণদান কাৰ্য সম্পাদন কৰিছে৷ আধুনিক তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ মাজত থকা বেংকৰ শাখাসমূহত সকলো সেৱাৰ সুবিধা উপলব্ধ যদিও অসমৰ ক্ষেত্ৰত ব্যতিক্ৰম বেংকৰ সেৱা৷ সাধাৰণ গ্ৰাহকৰ কাৰণে বেংকত এটা হিচাপ খোলা বা হিচাপত টকা জমা কৰা কাৰ্যবোৰৰ ক্ষেত্ৰত নাথাকে বিশেষ অসুবিধা৷ বেংকৰ শাখাত থকা কাউণ্টাৰত আপুনি জমা কৰা সঞ্চয়ৰ ধন হাঁহি হাঁহি গ্ৰহণ কৰে কৰ্মচাৰীজনে৷ প্ৰয়োজনত আপোনাৰ সঞ্চয় জমা হিচাপটোত কেইলাখমান টকা জমা থাকিলেই বেংকৰ প্ৰবন্ধকে আপোনাক উৎসাহ জনাব স্থায়ী জমাৰ এটা হিচাপ খুলিবলৈ৷ বেংকৰ প্ৰবন্ধক বা তেওঁৰ তলতীয়া কৰ্মচাৰীজনে আপুনি বহি থকা স্থানলৈকে লৈ আহিব স্থায়ী জমা খুলিব পৰা ফৰ্ম৷ বেংকৰ সেৱাৰ মাজতে থকা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আপোনাক অনুপ্ৰাণিত কৰিব বেংকৰ প্ৰবন্ধকে৷ আপোনাৰ হিচাপত কোটি টকা জমা থকা মানে আপুনি বেংকৰ কাৰণে গুৰুত্বপূৰ্ণ গ্ৰাহক৷ হিচাপৰ পৰা টকা উঠাবলৈ আপুনি কাউণ্টাৰৰ সন্মুখত দীঘলীয়া শাৰী পাতিব নালাগে৷ প্ৰবন্ধকৰ কোঠাতেই আপুনি পাব ধন৷

পৰিতাপৰ কথা যে অসমত বাণিজ্যিক বেংকৰ শাখাবোৰ উন্নত হ’ল, আধুনিক তথ্য-প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছে, নাগৰিকৰ জমা পুঁজি সংগ্ৰহৰ লক্ষ্যৰে শতাধিক আঁচনিৰ প্ৰয়োগ হৈছে, কিন্তু আজিও দুৰ্বল বেংকৰ ঋণদান প্ৰক্ৰিয়া৷ প্ৰচলিত নিয়ম অনুসৰি জমা পুঁজিৰ ষাঠি শতাংশ ধন শাখাৰ পৰিসৰৰ ভিতৰত ঋণদানত ব্যৱহাৰ কৰাটো বাধ্যতামূলক৷ অসমৰ ক্ষেত্ৰত পোৱা তথ্যমতে, ২০২২-২৩ বৰ্ষত বেংকৰ জমা পুঁজিৰ পৰিমাণ আছিল ২,১১,২৭৩ কোটি টকা৷ জমাৰ বিপৰীতে অসমৰ বেংকে প্ৰদান কৰা ঋণৰ পৰিমাণ হৈছে ১,১৩,৮৪১ কোটি টকা৷ জমা আৰু ঋণৰ পুঁজিৰ পৰা এটা কথা স্পষ্ট যে উক্ত বৰ্ষত অসমৰ নাগৰিকৰ ৯৭,৪৩২ কোটি টকা অসমৰ পৰা ভাৰতৰ বাকী ৰাজ্যলৈ প্ৰেৰণ কৰে বেংকসমূহে৷ অসমৰ নাগৰিকক ঋণদানৰ সুবিধা প্ৰদানত ব্যৰ্থ বাণিজ্যিক বেংকসমূহক জবাবদিহি কৰাৰ অৱকাশ নাই আজিৰ অসমত৷ উদ্যোগ, বাণিজ্য, কৃষি, পৰ্যটন ইত্যাদি অনুন্নত ক্ষেত্ৰসমূহৰ বিকাশৰ কাৰণে প্ৰয়োজন বেংকৰ এক সবল স্থিতি৷ বৰ্তমান অসমত বাণিজ্যিক বেংকসমূহে চৰকাৰী কৰ্মচাৰীক এখন দৰমহাৰ প্ৰমাণ পত্ৰ লৈয়েই ঋণ প্ৰদান কৰে যদিও কৃষক, ক্ষুদ্ৰ-উদ্যোগী বা নিবনুৱাৰ ঋণৰ আৱেদনসমূহ ‘চালনিৰে চলা’ নীতিৰ মাজত গ্ৰহণ কৰে৷ যি নহওক, অসমত বাণিজ্যিক বেংকসমূহে ঋণদান কাৰ্যক অধিক গুৰুত্ব প্ৰদান কৰাটো পোষকতা কৰোঁ৷ অসমৰ অৰ্থনৈতিক বিকাশৰ স্বাৰ্থ সন্মুখত ৰাখি সেৱা আগবঢ়োৱা উচিত বেংকসমূহে৷