Logo
image

অকালতে চুলি পকিলে বাদাম তেল ব্যৱহাৰ কৰক

অকালতে চুলি পকাটো কোনেও কামনা নকৰে৷ কিন্তু আজি কালি ভেজাল খাদ্য আৰু অনিয়মীয়া জীৱন প্ৰণালীৰ বাবে বহুতৰে চুলি অকালতে অথবা কম বয়সতে পকিবলৈ ধৰা দেখিবলৈ পোৱা যায়৷  কিন্তু কিছুমান খাদ্যই চুলি পকা সমস্যা নিৰাময় কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই  অকালতে চুলি পকা সমস্যা নিৰাময় কৰে–

১. বাদাম : আখৰুট, আলমণ্ড বা যিকোনোধৰণৰ বাদামত থাকে প্ৰচুৰ পৰিমাণৰ ক’পাৰ৷ চুলিৰ বাবে ক’পাৰ অতি উপকাৰী৷ সেয়ে অকালতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলিত বাদাম তেল ঘঁহিব পাৰে৷ 

২. সেউজীয়া পাচলি : যিকোনো সেউজীয়া পাচলিত প্ৰচুৰ পৰিমাণে ফলিক এচিদ থাকে৷ ফলিক এচিদে চুলিৰ গুৰি মজবুত কৰাৰ লগতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷ 

৩. বুট : বুট মাহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন বি-৯ বা ফলিক এচিদ  থাকে৷ সেয়ে সদায় বুট খোৱা কৰক৷ নিতৌ বুট খালে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷

৪. মুৰ্গীৰ মাংস : মুৰ্গীৰ মাংসত ভিটামিন বি-১২ আৰু ফলিক এচিদ থাকে৷ এই দুবিধ উপাদানে চুলি পকা বন্ধ কৰে৷

৫. ছাগলীৰ লিভাৰ : খাহী মাংসৰ লিভাৰ বা কলিজাত থকা ভিটামিন বি-১২ য়েও অকালতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷ 

৬. মিছামাছ : মিছামাছ খালেও চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ মিছামাছত প্ৰচুৰ পৰিমাণে থাকে জিংক৷ এইবিধ উপাদানে