Logo
image

ফাকুৱাতো ৰাজ্যত আকণ্ঠ সুৰাপান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ মাৰ্চ : উৎসৱেহে এতিয়া যেন এতিয়া ৰক্ষা কৰি আহিছে দিছপুৰক৷ উৎসৱ নোহোৱা হৈ পৰিলে ৰাজ্যৰ অৰ্থনীতিলৈ অমানিশা নামি অহাৰ আশংকাই অধিক৷ কিয়নো ডেৰ লাখ কোটি টকা ঋণত কক্‌বকাই থকা অসম চৰকাৰৰ ৰাজকোষলৈ প্ৰতিটো উৎসৱে বৃহৎ আৰ্থিক সকাহ প্ৰদান কৰি আহিছে৷ অসমত উৎসৱ আৰু সুৰা এতিয়া এটা ফাকুৱাতো ৰাজ্যত আকণ্ঠ সুৰাপান মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি৷ কাৰণ উৎসৱ বুলিলেই বিক্ৰী হয় সুৰা আৰু সুৰা বিক্ৰী হ’লেই উদং ৰাজকোষলৈ আহে কোটি কোটি টকাৰ ৰাজহ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল৷ ৰঙৰ উৎসৱত টেটুলৈকে পান কৰিলে সুৰা৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰৰ ৰঙৰ উৎসৱ ফাকুৱাত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যত ১৮.৫ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ হোলীৰ দুটা দিনতে এই অভিলেখসংখ্যক সুৰা বিক্ৰী হৈছে৷ আবকাৰী বিভাগে প্ৰকাশ কৰা মতে গুৱাহাটী মহানগৰীতে ফাকুৱাৰ দুটা দিনত ১১ কোটি ৪ লাখ টকাৰ সুৰা বিক্ৰী হয়৷ তথ্য অনুসৰি ২৫ মাৰ্চত গুৱাহাটীত ৬ কোটি ৫ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ২৬ মাৰ্চত ৬ কোটি ৫ লাখ টকাৰ সুৰা বিক্ৰী হয়৷ বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে ৰঙৰ উৎসৱৰ নামত বিক্ৰী হোৱা ১৮ কোটি টকাৰ সুৰাৰ বিপৰীতে ৭০ শতাংশ ধনেই আবকাৰী ৰাজহ হিচাপে ৰাজকোষত জমা হৈছে৷ উৎসৱৰ দুটা দিনতে ৰাজকোষে কিছু হ’লেও সকাহ লাভ কৰাত দিছপুৰক প্ৰতিটো উৎসৱেই নৱজীৱন দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ অৱশ্যে হোলীৰ নামত পূৰ্বৰ তুলনাত এইবাৰ পথ দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পায়৷ ফাকুৱাৰ দুটা দিনত গুৱাহাটীত পথ দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হয়৷ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ হৈছে যান-বাহন আৰক্ষীৰ তালাচী৷ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী আৰক্ষীয়ে ফাকুৱাৰ দুটা দিনত ১৫০জন চালকক সুৰাপান কৰি বাহন চলোৱাৰ অপৰাধত জৰিমনা বিহে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহৰ পৰিমাণ ৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে নতুনকৈ শতাধিক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ লগতে ৱাইন শ্বপ, বাৰ আদিৰ নবীকৰণ মাচুল দুগুণলৈ বৃদ্ধি কৰিছে৷ এইবাৰ ৰঙালী বিহুৰ পূৰ্বে পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ব্ৰেণ্ডৰ সুৰাৰ দাম ১০১ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধিৰো নিৰ্দেশনা জাৰি কৰিছে৷ ইয়াৰ ফলত বাৰ্ষিক ৭০০ কোটি টকা অতিৰিক্ত আবকাৰী ৰাজহ সংগ্ৰহ হ’ব বুলিও চৰকাৰে আশা ব্যক্ত কৰিছে৷

                                                                                    জুন-জুলাইলৈকে বাৰ-বিপণীৰ মাচুল বৃদ্ধি নকৰাৰ আহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ:  জুন-জুলাইপৰ্যন্ত সুৰা বিপণী আৰু বাৰৰ বাৰ্ষিক নবীকৰণ মাছুল বৃদ্ধি নকৰিবলৈ  আহ্বান জনাইছে হোটেল এণ্ড ৰেস্তোৰাঁ সংস্থাই৷ বুধবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল আয়োজন কৰি সংস্থাৰ নেতৃত্বই কয়– অসম চৰকাৰে ৰাজ্যখনৰ ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থত অহা ৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাৰ আৰু সুৰাৰ বিপনীসমূহৰ বাৰ্ষিক নৱীকৰণৰ মাছুল অভাৱনীয় হাৰত বৃদ্ধি কৰিছে৷ ৰাজ্যখনৰ সুৰাৰ ব্যৱসায়ৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকেই এইক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ প্ৰায় এশ শতাংশৰ পৰা চাৰে তিনিশ শতাংশলৈ বৃদ্ধি কৰা নতুন নিৰিখৰ এই নৱীকৰণৰ মাছুলে সুৰাৰ ব্যৱসায়ীসকলক বহু পৰিমাণে ক্ষতি কৰাৰ আশংকা কৰা হৈছে৷ ৰাজ্যখনৰ সুৰাৰ বিপণী আৰু বাৰসমূহত এক বুজন সংখ্যক কৰ্মচাৰী কৰ্মৰত হৈ পৰিয়ালৰ ভৰণ পোষণ দি আহিছে৷ কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই সুৰা ব্যৱসায়ীসকলৰ লগতে কৰ্মচাৰীসকলকো অসুবিধাত পেলাব৷ ৰাজ্যখনৰ চৰকাৰক আমি নৱীকৰণৰ মাছুল অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি এই ব্যৱসায়ৰ লগত জড়িত সকলো লোককে সকাহ দিবলৈ অনুৰোধ কৰিছোঁ৷ ততাতৈয়াকৈ কাৰ্যকৰী নকৰি সুৰা বিপণী আৰু বাৰসমূহৰ বাৰ্ষিক নৱীকৰণৰ মাছুল বৃদ্ধিৰ শেহতীয়া এই সিদ্ধান্ত সদ্যহতে স্থগিত ৰাখি পুৰণি নিৰিখতে নৱীকৰণৰ মাছুল সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ৷ লোকসভাৰ আগন্তুক নিৰ্বাচনৰ সকলো কাম-কাজ শেষ হোৱাৰ পাছত অহা জুন নাইবা জুলাই মাহৰ ভিতৰত এই বিষয়ে নতুনকৈ সিদ্ধান্ত ল’বলৈয়ো আমি অনুৰোধ জনাইছোঁ৷ তেনে কৰিলে সকলোৱে সাময়িক সকাহ লাভ কৰাৰ লগতে নৱীকৰণৰ মাছুল বৃদ্ধিৰ ক্ষেত্ৰত সকলো দিশ চালিজাৰি চাই সকলোৰে গ্ৰহণযোগ্য এক সিদ্ধান্তত উপনীত হ’ব পৰা যাব৷