Logo
image

দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব পৃথিৱীবাসী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ মাৰ্চ: ৪ এপ্ৰিলত বিশ্ববাসীয়ে চলিত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব৷ এই সূৰ্যগ্ৰহণ হ’ব শতাব্দীৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ৷ অৱশ্যে এই সূৰ্যগ্ৰহণ মেক্সিকো, আমেৰিকা আৰু কানাডাৰ কিছু অংশত দেখা যাব৷ আৰু ৫০ বছৰলৈ এনে সূৰ্যগ্ৰহণ দেখা নাপাব বিশ্ববাসীয়ে৷ মুঠ ৭.৫ মিনিটৰ হ’ব এই সূৰ্যগ্ৰহণ৷ গ্ৰহণৰ সময়ত সূৰ্যক ছাঁয়ে ঢাকি পেলাব৷ দিনতে পৃথিৱীত অন্ধকাৰ দেখা যাব৷ অৱশ্যে এই  সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযাব৷ ২০৪৪তে আমেৰিকাত পুনৰ এনে সূৰ্যগ্ৰহণ দেখা পোৱা যাব৷ উল্লেখ্য, সূৰ্যগ্ৰহণ এনে এটা অৱস্থা য’ত পৃথিৱী সূৰ্যৰ মাজভাগলৈ আহে৷ সূৰ্যগ্ৰহণ তিনি প্ৰকাৰৰ– আংশিক বা খণ্ডগ্ৰাস, বলয়গ্ৰাম বা পূৰ্ণগ্ৰাস৷