Logo
image

লখিমপুৰ, হোজাইত প্ৰচাৰ চলাবলৈ আহিব অমিত শ্বাহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৬ এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ হোজাই আৰু লখিমপুৰত দুখনকৈ নিৰ্বাচনী সভাত অমিত শ্বাহে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব৷ ইফালে, অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ৫টা লোকসভা সমষ্টি ক্ৰমে– কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ বাবে আজি মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনৰ সামৰণি পৰে৷ নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে আজি মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত মুঠ ২৬জন প্ৰাৰ্থীয়ে ৪৭খন মনোনয়ন-পত্ৰ দাখিল কৰে৷ কোনো কোনো প্ৰাৰ্থীয়ে দুই-তিনিখনকৈ মনোনয়ন দাখিল কৰে৷ কাজিৰঙা লোকসভা সমষ্টিৰ বাবে ৯ জন, শোণিতপুৰ সমষ্টিৰ বাবে ৭জন, লখিমপুৰ সমষ্টিৰ বাবে ৪ জন, ডিব্ৰুগড় সমষ্টিৰ বাবে এজন আৰু যোৰহাট লোকসভা সমষ্টিৰ বাবে ৪ জনে মনোনয়ন-পত্ৰ দাখিল কৰে৷ ইয়াকে ধৰি মুঠ ৩৮জন প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিছে৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈয়েও প্ৰথম পৰ্যায়ত মনোনয়ন-পত্ৰ দাখিল কৰে৷ ইফালে, বৃহস্পতিবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ [এছ চি] আৰু নগাঁও লোকসভা সমষ্টিৰ বাবে কাইলৈৰ পৰা মনোনয়ন-পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন হ’ব ৪ এপ্ৰিল৷২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ইফালে, অন্তিম পৰ্যায়ত ৭ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা চাৰি সমষ্টি ক্ৰমে–কোক্‌ৰাঝাৰ, ধবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ১২ এপ্ৰিলৰ পৰা মনোনয়ন-পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ১৯ এপ্ৰিলত মনোনয়ন-পত্ৰ দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ বিহুৰ বন্ধৰ দিনকেইটাত মনোনয়ন-পত্ৰ দাখিল প্ৰক্ৰিয়া বন্ধ থাকিব৷