Logo
image

কেজৰিৱালক লৈ উদ্বিগ্ন আমেৰিকাও, দিল্লী ক্ষুব্ধ

নতুন দিল্লী, ২৮ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যোৱা বৃহস্পতিবাৰে কেজৰিৱালক দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে জাৰ্মানীৰ ভাৰতস্থিত দূতাবাসৰ প্ৰতিনিধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ বিচাৰ বিভাগৰ স্বাধীনতা আৰু মৌলিক গণতান্ত্ৰিক মূল্যবোধ যাতে কেজৰিৱালৰ কেজৰিৱালক লৈ উদ্বিগ্ন ক্ষেত্ৰতো প্ৰযোজ্য হয় তাৰ বাবে আহ্বান জনাইছিল৷ এইবাৰ আমেৰিকায়ো কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে৷ অকল সেয়াই নহয়, কেজৰিৱালে যাতে ন্যায্য, স্বচ্ছ আৰু সময়োপযোগী বিচাৰ পায়, সেয়া নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰক আমেৰিকাই আহ্বান জনায়৷ ইপিনে, কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ আমেৰিকাই কৰা এই প্ৰতিক্ৰিয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে মাৰ্কিন যুক্তৰাষ্টৰ ভাৰতস্থিত কূটনৈতিক বিষয়াক তলৱ কৰে৷ সেই অনুসৰি আমেৰিকাৰ দিল্লীস্থিত ভাৰপ্ৰাপ্ত ডেপুটী চীফ অব মিছন গ্লোৰিয়া বাৰবেনা দিল্লীৰ ছাউথ ব্লকস্থিত বৈদেশিক মন্ত্ৰণালয়ত হাজিৰ হ’ব লগা হয়৷ মন্ত্ৰণালয়ত মাৰ্কিন কূটনৈতিক বিষয়াগৰাকীয়ে প্ৰায় ৪০ মিনিট সময় এক বৈঠকত ভাগ লয়৷ অৱশ্যে উক্ত বৈঠকত কি বিষয়ক লৈ আলোচনা হয়, সেয়া জানিব পৰা হোৱা নাই৷

ইপিনে, ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি কেজৰিৱালে দিল্লী উচ্ছ ন্যায়ালয়ত জনোৱা আবেদনৰ বুধবাৰে শুনানি হয়৷ উক্ত শুনানিত কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰে ইডিয়ে৷ শুনানিত ইডিৰ হৈ আদালতত প্ৰশ্ন কৰে কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ আবেদনৰ উত্তৰ দিয়াৰ বাবে আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰে৷ সেই অনুসৰি অহা ২ এপ্ৰিলৰ ভিতৰত আদালতে ইডিক উত্তৰ দিয়াৰ বাবে সময়সীমা বান্ধি দিয়ে৷ গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ৩ এপ্ৰিলত৷ কেজৰিৱালৰ হৈ আদালতত যুক্তি আগবঢ়ায় অধিবক্তা অভিষেক মনু সিংভিয়ে৷ তেওঁ কেজৰিৱালক কৰা গ্ৰেপ্তাৰৰ পদ্ধতিৰ বিষয়ে আদালতত প্ৰশ্ন উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীজনক জেৰা নকৰাকৈ কিয় গ্ৰেপ্তাৰ কৰা হ’ল তাক লৈয়ো আদালতক প্ৰশ্ন কৰে৷ তদুপৰি নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰি নিৰ্বাচনত সকলো দলৰ প্ৰতি আগবঢ়োৱা সমান সুযোগৰ যি নীতি তাক খৰ্ব কৰা হৈছে বুলি অধিবক্তা সিংভিয়ে যুক্তি আগবঢ়ায়৷

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত বুধবাৰে দ্বিতীয়বাৰৰ বাবে তেওঁৰ পত্নী প্ৰাক্তন আইপিএছ বিষয়া সুনীতা কেজৰিৱালে এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত তেওঁ কয় যে ২৮ মাৰ্চ, কাইলৈ অৰবিন্দ কেজৰিৱালে আৱকাৰী বিধিৰ গোচৰটোৰ সকলো তথ্য আদালতক জনাব৷ আনকি ইয়াৰ প্ৰমাণো দিব বুলি সাংবাদিকক জনায় সুনীতা কেজৰিৱালে৷ স্মৰ্তব্য যে দিল্লীৰ আৱকাৰী গোচৰ সন্দৰ্ভত ইডিৰ তৎপৰতাক লৈ অৰবিন্দ কেজৰিৱালে পূৰ্বৰে পৰা প্ৰশ্ন উত্থাপন কৰি আহিছিল৷ এইবাৰ ইডিৰ জিম্মাত থকা অৱস্থাৰ পৰাই তেওঁ পুনৰ প্ৰশ্ন উত্থাপন কৰে যে তদন্তকাৰী সংস্থাটোৱে আৱকাৰী গোচৰটোত কোটি কোটি টকাৰ দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি আহিছে৷ কিন্তু এই টকা ক’ত গ’ল? কেজৰিৱালৰ পত্নীয়ে সংবাদমেলত কয় যে বৃহস্পতিবাৰে কেজৰিৱালে ইয়াৰ প্ৰমাণ আদালতত দিব৷

উল্লেখ্য, ইডিৰ জিম্মাত থকা অৱস্থাতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পুনৰ তেওঁৰ মন্ত্ৰীপৰিষদৰ সতীৰ্থলৈ আন এক কাৰ্যানিৰ্দেশ প্ৰেৰণ কৰিছে৷ এইবাৰ তেওঁ ৰাজধানী চহৰখনৰ স্বাস্থ্যসেৱা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজলৈ নিৰ্দেশাৱলী প্ৰেৰণ কৰি তাক অৱিলম্বে জনস্বাৰ্থৰ বাবে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে৷