Logo
image

সঁহাৰি নাহিল ২১ দিনৰ মূৰত অনশন ভাঙিলে ৱাংচুকে

নতুন দিল্লী, ২৮ মাৰ্চ : অৱশেষত অনশন ভংগ কৰিলে ‘ৰীল লাইফৰ ৰাঞ্চো’ই৷ উল্লেখ্য, লাদাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবীত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল বিজ্ঞানী তথা পৰিৱেশ আৰু মানৱাধিকাৰ কৰ্মী ছোনম ৱাংচুকে৷ যোৱা ৬ মাৰ্চৰ পৰা বৰফে আৱৰি ৰখা লাদাখত শূন্য ডিগ্ৰীৰো কম তাপমাত্ৰাত অনশন আৰম্ভ কৰে বিজ্ঞানী তথা মানৱাধিকাৰ কৰ্মীজনে৷ ইয়াৰ ২১ দিনৰ মূৰত অৱশেষত মঙলবাৰে এটি শিশুৰ হাতেৰে চৰবত খাই অনশন ভংগ কৰে ছোনম ৱাংচুকে৷ অৱশ্যে অনশন প্ৰত্যাহাৰ কৰিলেও পৰিৱেশ আৰু মানৱাধিকাৰ কৰ্মী তথা বিজ্ঞানীজনে লাদাখৰ স্বাৰ্থত তেওঁৰ সংগ্ৰাম অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে৷ বিগত ২১ দিনে কেৱল নিমখমিশ্ৰিত পানীৰ বাহিৰে আন একো নোখোৱাকৈ থকা ৱাংচুকে অনশন ভংগ কৰি কয়– ‘লাদাখৰ সাংবিধানিক সুৰক্ষা আৰু অঞ্চলটোৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰৰ বাবে আৰম্ভ কৰা মোৰ সংগ্ৰাম অব্যাহত থাকিব৷’ ইপিনে, বাংচুকে তেওঁৰ অনশন প্ৰত্যাহাৰ কৰিলেও লাদাখৰ জনসাধাৰণ আজিও নিজৰ স্থিতিত অটল হৈ আছে৷ সেই অনুসৰি এইবাৰ স্থানীয় এদল মহিলাই অনশন কাৰ্যসূচী আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ উল্লেখ্য, লাদাখক পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি প্ৰদানৰ উপৰি হিমালয়ৰ বাস্তুতন্ত্ৰৰ সুৰক্ষাৰ বাবে ছোনম ৱাংচুকে সংগ্ৰাম আৰম্ভ কৰিছিল৷ অনশন ভংগ কৰাৰ পাছত এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁৰ দাবী পূৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে ৱাংচুকে বিগত ২১ দিন ধৰি বৰফাবৃত্ত লাদাখত শূন্য ডিগ্ৰীৰো কম তাপমাত্ৰাত তেওঁৰ অনশন অব্যাহত ৰাখে যদিও চৰকাৰী পক্ষৰ পৰা কোনো সঁহাৰি জনোৱা পৰিলক্ষিত নহ’ল৷

ছোনম ৱাংচুকৰ অভিযোগ–E ‘২০১৯-২০ চনত চৰকাৰে লাদাখক পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি প্ৰদানৰ আশ্বাস দিছিল৷ একেদৰে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল চৰকাৰে৷ কিন্তু ইয়াৰে এটাও প্ৰতিশ্ৰুতি পালন কৰা নহ’ল৷ এনে ক্ষেত্ৰত যেতিয়ালৈকে লাদাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা নহয়, তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে বিজ্ঞানী তথা পৰিৱেশ আৰু মানৱাধিকাৰ কৰ্মীজনে৷