Logo
image

ইউ আৰ এ ভোটাৰ... ভোট সজাগতাৰ বাবে প্ৰশাসনৰ ভৰসা মিষ্টাৰ ৰাজকুমাৰ

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮মাৰ্চ : সামাজিক মাধ্যমৰ অন্যতম চেঞ্চেচন হৈছে মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়া৷ ৰাকুদা হিচাপে পৰিচিত ৰাজকুমাৰ ঠাকুৰীয়াক চিনি নোপোৱা মানুহ অসমত হয়তো কমেই ওলাব৷ ৰাজকুমাৰ ঠাকুৰীয়াৰ গান নুশুনা, নৃত্য নোচোৱা মানুহৰ সংখ্যা অতি কম৷ গানৰ সুৰে সুৰে ৰাকুদাৰ অভিনয় আৰু এক্সনৰ দৃশ্য যুৱ প্ৰজন্মৰ মাজত ইউ আৰ এ ভোটাৰ...

অতিকৈ জনপ্ৰিয়৷ বয়োজ্যেষ্ঠ লোকসকলেও ৰাকুদাৰ গান আৰু অভিনয়ত হাঁহিৰ খোৰাক বিচাৰি পায়৷ ৰাকুদাৰ গানত কথা আৰু সুৰৰ বিশেষ বৈশিষ্ট্য নাথাকিলেও তেওঁ দেশ-বিদেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ মনোৰঞ্জনৰ অন্য এক নাম ৰাজকুমাৰ ঠাকুৰীয়াক এইবাৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘আইকন’ ব্যৱহাৰ কৰিছে এখন জিলাৰ প্ৰশাসনে৷ ভোটদানৰ প্ৰতি ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰাজকুমাৰ ঠাকুৰীয়াৰ গানৰ সুৰ ব্যৱহাৰ কৰি ৰাইজক ভোট দিবলৈ আহ্বান জনোৱা দেখা গৈছে গোৱালপাৰা জিলা প্ৰশাসনে৷ ভোটাৰ ৰাইজক ৭ মে’ত ভোটদান কৰিবলৈ ওলাই অহাৰ বাবেও ৰাজকুমাৰ ঠাকুৰীয়াৰ ফটো ব্যৱহাৰ কৰি গোৱালপাৰা নিৰ্বাচনী জিলাই আহ্বান জনোৱা দেখা গৈছে৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা ফটোখনত ৰাজকুমাৰ ঠাকুৰীয়াৰ জনপ্ৰিয় গান ‘ছিম্পুল ড্ৰাইভাৰ’ৰ আৰ্হি ব্যৱহাৰ কৰি লিখা হৈছে এইদৰে– ‘ইউ আৰ এ ভোটাৰ, আই এম এ ভোটাৰ, উই উইল ভোট অন ছেভেন্‌থ মে’ মাই ডিয়েৰ৷’ গোৱালপাৰা জিলা প্ৰশাসনৰ এই নিৰ্বাচনী কৌশল এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ গোৱালপাৰা জিলা প্ৰশাসনৰ অফিচিয়েল ফেচবুক পেজত বুধবাৰে পুৱাই এই বিশেষ ফটোখন আপলোড কৰিছিল যদিও কিছু সময়ৰ পাছতেই প্ৰশাসনৰ ফেচবুক পেজৰ পৰা ফটোখন কেইবাঘণ্টাৰ বাবে নোহোৱা হৈ পৰে৷ অৱশ্যে পাছত পুনৰ জিলা প্ৰশাসনৰ ফেচবুক পেজত দেখা গ’ল ৰাজকুমাৰ ঠাকুৰীয়াৰ বিশেষ ফটোখন৷ গোৱালপাৰা জিলা প্ৰশাসনে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে সামাজিক মাধ্যমত জনপ্ৰিয় শিল্পী ৰাজকুমাৰ ঠাকুৰীয়াৰ গান আৰু ফটো ব্যৱহাৰ কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ অৱশ্যে জিলা প্ৰশাসনে বিভাগীয়ভাৱে শিল্পীজনক ‘আইকন’ হিচাপে নিয়োগ কৰিছে নেকি, সেয়া স্পষ্ট হোৱা নাই৷ নিৰ্বাচন আয়োগে যদিহে ৰাজকুমাৰ ঠাকুৰীয়াক ‘আইকন’ নিয়োগ কৰা নাই, তেনেহ’লে ৰাকুদাৰ ফটো ব্যৱহাৰ কৰা আৰু গানৰ কথা ব্যৱহাৰ কৰাৰ বাবে অনুমতি লৈছে নে নাই, সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই৷