Logo
image

দাখিল কৰা মনোনয়ন-পত্ৰত প্ৰাৰ্থীৰ ‘অৰ্থনৈতিক বিকাশ'

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ মাৰ্চ : এতিয়া যেন সেই ৰামো নাই, অযোধ্যাও নাই৷ ৰাজনীতিত এতিয়া মূল্যবোধ গৌণ গৈ পৰিছে আৰু নেতা জন প্ৰিতিনিধিৰ ধন বলেই একমাত্ৰ লক্ষ্য হৈ পৰিছে৷ এক কথাত ৰাজনীতি এতিয়া সমাজসেৱা হৈ থকা নাই, ৰাজনীতিকে চৰকাৰ গঠন কৰি মন্ত্ৰী-বিধায়ক হৈ সোঁৱে-বাঁওৱে কোৰোণাৰে ধন চপোৱাই জীৱনৰ যেন চৰম প্ৰাপ্তি হিচাপে বিবেচিত হৈছে৷ এবাৰলৈ সাংসদ বা বিধায়ক হ’ব পাৰিলেই যেন জনপ্ৰতিনিধিসকলৰ হাতত আহি পৰে আলাদ্দিনৰ চাকি৷ মাত্ৰ এটা কাৰ্যকালৰ বাবে জয়ী হ’লেই গোটেই জীৱনৰ বাবেই সমষ্ট ধন যেন আহৰণত নামি পৰে৷ এনে ধনৰ উৎস কি সেয়া সন্দেহজনক যদিও শাসক দলৰ বিধায়ক-সাংসদ হ’লে ধন আহৰণ যেন দুগুণলৈ বৃদ্ধি পায়৷ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটৰ বাবে শাসক-বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা সম্পত্তিৰ তালিকাই বহুতৰ বাবে  ৰাজনীতি এতিয়া যে ধন ঘটাৰ প্ৰধান উদ্দেশ্য সেয়া স্পষ্ট হৈ পৰিছে৷ নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বে ভিকহু হিচাপে পৰিচিত নেতাই এবাৰ বিধায়ক-সাংসদ হৈয়েই কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈ পৰিছে৷ শুনিলে আচৰিত যেন লাগিলেও সাংসদৰ পৰা মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰা পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱা বিজেপি নেতা সৰ্বানন্দ সোণোৱালৰ মাত্ৰ ১০ বছৰতে সম্পত্তি বৃদ্ধি পালে ২২৮ শতাংশ৷ ২০১৪ চনত সাংসদ হিচাপে জয়ী হোৱাৰ সময়ত সৰ্বানন্দ সোণোৱালৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল মাত্ৰ ১.৪৪ কোটি টকা৷ কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰে দাখিল কৰা শপতনামাত বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ ৪.৭৫ কোটি টকা বলি প্ৰকাশ কৰিছে সোণোৱালে৷ অৰ্থাৎ ১০ বছৰত সৰ্বানন্দ সোণোৱালৰ সম্পত্তি বৃদ্ধি পালে প্ৰায় ৩ কোটি ৩০ লাখ টকা৷ অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ সম্পত্তি বৃদ্ধিৰ হাৰ হৈছে ২২৮ শতাংশ৷ অৱশ্যে শুনিলে অবিস্বাস্য যেন লাগিলেও পাঁচ বছৰ অসমৰ মুখ্যমন্ত্ৰী আৰু ৭ বছৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে গুৰুদায়িত্বত থকা সৰ্বানন্দ সোণোৱালে কিনিব নোৱাৰিলে এখনো বাহন৷ কিন্তু এখনো বাহনৰ গৰাকী নহ’লেও সৰ্বানন্দ সোণোৱাল ইমানেই ‘সৌভাগ্যবান’ যেন কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৬০ লাখ টকা মূল্যৰ এটুকুৰা ভূমি অজ্ঞাত ব্যক্তিৰ পৰা উপহাৰ হিচাপে লাভ কৰিছে৷ শপতনামাত উল্লেখ কৰা মতে সোণোৱালে বেলতলা মৌজাৰ জ্যোতিকুছিত ৬০ লাখ টকা মূল্যৰ ৭,২০০ বৰ্গফুটৰ ভূমি উপহাৰ হিচাপে লাভ কৰে যদিও সেই মাটিত আন ৬০ লাখ টকা ব্যয় কৰি অট্টালিকাও নিৰ্মাণ কৰিছে৷ একেদৰে মুখ্যমন্ত্ৰীৰ টিকট কৰ্তনৰ প্ৰাকমুহূৰ্তত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতা সৰ্বানন্দ সোণোৱালে ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড়ত তিনিটা স্থানত আৱাসিক মাটি ক্ৰয় কৰিছে৷ ডিব্ৰুগড় মানকটা মৌজাৰ অন্তৰ্গত উক্ত তিনি স্থানত ক্ৰয় কৰা মাটিৰ বৰ্তমানৰ বজাৰ মূল্য হৈছে ক্ৰমে ১৫ লাখ টকা, ১৪.৪০ লাখ টকা আৰু ৩.৬০ লাখ টকা৷ আনহাতে, বিজেপিৰ আন এজন প্ৰাৰ্থী লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ২০১৬ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত সম্পত্তিৰ সাংসদ পৰিমাণ আছিল ২০.৭৪ লাখ টকা৷ কিন্তু বৰ্তমান সাংসদ প্ৰদান বৰুৱাৰ সম্পত্তিৰ পৰিমাণ ১.৫৫ কোটিটকালৈ বৃদ্ধি পালে৷ এক কথাত জ্জ্ব বছৰত প্ৰদান বৰুৱাৰ সম্পত্তি ৰ.৩৫ কোটি টকা বৃদ্ধি পালে৷ অৰ্থাৎ সম্পত্তি বৃদ্ধিৰ হাৰ ১২৪৭ শতাংশ৷ ২০১৬ চনত এটকাও বিনিয়োগ নথকা প্ৰদান বৰুৱাই বৰ্তমান এছ বি আইত ১৮.৫০ লাখ টকা বিনিয়োগ কৰাৰ বিপৰীতে ২২ লাখ টকাৰ ঋণো লৈছে৷ লক্ষণীয়ভাৱে ২০১৬ চনত কোনো বাহন নথকা বিজেপি নেতাজনে আজিও নিজৰ বা পৰিয়ালৰ নামত এখনো বাহন ক্ৰয় কৰিবলৈ সক্ষম ‘হোৱা’ নাই৷ অৱশ্যে এই ৪ বছৰত প্ৰদান বৰুৱাৰ পত্নীৰ সম্পত্তি ২ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি পালে যদিও সাংসদ পত্নীয়ে পূৰ্বৰ ৭০ গ্ৰাম সোণৰ অলংকাৰৰ বাহিৰে আজিলৈকে আন কোনো অলংকাৰেই ক্ৰয় কৰাৰ কথা চিন্তা কৰা নাই৷ অৱশ্যে এই সময়ছোৱাত সাংসদ প্ৰদান বৰুৱাই পত্নীক বাদ দি দুই কন্যাৰ নামত জীৱন বীমা পলিচীও ক্ৰয় কৰিছে৷ কিন্তু প্ৰদান বৰুৱাৰ পত্নীৰ নামত নাই কোনো জীৱন বীমা৷ একেদৰে বিজেপি সাংসদ তথা কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰো ১০ বছৰত ৩২৫ শতাংশ সম্পত্তি বৃদ্ধি পাইছে৷ সাংসদজনে বুধবাৰে মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭২.১৩ লাখ টকা৷ অৱশ্যে ২০১৪ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তাছাৰ সম্পত্তিৰ পৰিমাণ ১৬.৯৪ লাখ টকা বুলি দেখুওৱা হৈছিল৷ বিগত সময়ছোৱাত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সম্পত্তি প্ৰায় ৫৫ লাখ টকা বৃদ্ধি পালে৷ লক্ষণীয়ভাৱে কামাখ্যা প্ৰসাদ তাছাই বুধবাৰে দাখিল কৰা শপতনামাত সম্পত্তিৰ পৰিমাণ ৭২.১৩ লাখ টকা বুলি প্ৰকাশ কৰাৰ বিপৰীতে পত্নীৰ নামত থকা সম্পত্তিৰ পৰিমাণ ৭৩.৭৯ লাখ টকা বুলিও উল্লেখ কৰিছে৷ অৰ্থাৎ সাংসদ কামাখ্যা প্ৰসাদ তাছাতকৈ তেওঁৰ পত্নীহে অধিক সম্পত্তিৰ অধিকাৰী৷ অৱশ্যে বিজেপি প্ৰাৰ্থীৰ সমান্তৰালভাৱে বিগত ১০ বছৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰো ১৩৫৪ শতাংশ সম্পত্তি বৃদ্ধি পালে৷ ২০১৪ চনত প্ৰথমবাৰলৈ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত গৌৰৱ গগৈৰ সম্পত্তিৰ মূল্য আছিল ১৮.০৯ লাখ টকা৷ বৰ্তমান সাংসদজনৰ সম্পত্তিৰ পৰিমাণ ২.৬৩ কোটি টকালৈ বৃদ্ধি পালে৷ গৌৰৱ গগৈৰ ১০ বছৰত সম্পত্তি বৃদ্ধি পালে ২.৪৫ কোটি টকা৷ অৰ্থাৎ বৃদ্ধিৰ হাৰ হৈছে ১৩৬১ শতাংশ৷ অৱশ্যে ২০১৪ চনত কোনো স্থাৱৰ সম্পত্তি নথকা গৌৰৱ গগৈৰ এতিয়া ২.২৫ কোটিটকা স্থাৱৰ সম্পত্তিৰ অধিকাৰী হ’ল৷ ইফালে, ২০২১ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰা এজেপি প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সেই সময়ত দাখিল কৰা শপতনামা অনুসৰি সম্পত্তিৰ পৰিমাণ ১৫ লাখ টকা আছিল যদিও বৰ্তমান সম্পত্তিৰ মূল্য ৩৪ লাখ টকালৈ বৃদ্ধি পাইছে৷ স্বাভাৱিকতেই ৰাজনৈতিক নেতাসকলৰ এই শপতনামাই ধন-সম্পত্তিৰ যে ভুৱা তথ্য প্ৰকাশ কৰিছে, সেয়া নক’লেও স্পষ্ট হৈ পৰিছে৷ অৱশ্যে নিৰ্বাচন আয়োগেও প্ৰাৰ্থীৰ এনে অদ্ভুত ‘অৰ্থনৈতিক বিকাশ’ৰ শপতনামাৰ কোনো ক্ষেত্ৰভিত্তিক পৰীক্ষা নকৰে৷ যাৰ সুযোগ গ্ৰহণ কৰি একাংশ ৰাজনৈতিক নেতাই সম্পত্তিৰ তথ্য গাপ দি অহাটো অঘোষিত পৰম্পৰাত পৰিগণিত হৈছে৷