Logo
image

ইডিয়ে জব্দ কৰা শ শ কোটি টকা দৰিদ্ৰক বিলাই দিয়া হ’ব

নতুন দিল্লী, ২৮ মাৰ্চ: ‘ইডিয়ে জব্দ কৰা শ শ কোটি টকাৰ দুৰ্নীতিৰ ধন দৰিদ্ৰৰ মাজত বিতৰণ কৰা হ’ব৷ ইয়াৰ বাবে আইনী উপায় কি হ’ব পাৰে, তাৰ পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে৷’–এই ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ পশ্চিম বংগৰ কৃষ্ণনগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজমাতা অমৃতা ৰায়ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ইডিয়ে এতিয়ালৈকে যিমান নগদ ধন আৰু সম্পত্তি জব্দ কৰিছে, সেই সকলোবোৰ সাধাৰণ মানুহৰ৷ জব্দকৃত এই ধনসমূহ যাতে দৰিদ্ৰ লোকসকলে পাব পাৰে তাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা চলাই আছে৷’ উল্লেখ্য, পশ্চিম বংগৰ কৃষ্ণনগৰৰ ৰজা কৃষ্ণচন্দ্ৰ ৰায়ৰ পৰিয়ালৰ সদস্য অমৃতা ৰায়৷ ৰাজপৰিয়ালৰ সদস্য হোৱা সূত্ৰে তেওঁক ‘ৰাজমাতা’ বুলি সম্বোধন কৰা হয়৷ সেই ৰাজমাতা অমৃতা ৰায়ক বিজেপিয়ে এইবাৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে৷ সমষ্টিটোত তৃণমূলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে মহুৱা মৈত্ৰ৷ মহুৱাৰ সমৰ্থনত প্ৰচাৰত নামি পৰিছে খোদ তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ মহুৱা আৰু অমৃতা ৰায়ৰ নিৰ্বাচনী যুঁজক লৈ স্বাভাৱিকতে ৰাজনৈতিক পৰ্যবেক্ষক মহলত তীক্ষ্ণ পৰ্যবেক্ষণ আৰম্ভ হৈছে৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীক ইডিয়ে জব্দ কৰা শ শ কোটি টকাৰ দুৰ্নীতিৰ ধন দৰিদ্ৰৰ মাজত বিতৰণ কৰা হ’ব বুলি দিয়া ভাষ্যৰ বিষয়ে ৰাজহুৱা হোৱাৰ পাছতে বিষয়টোক লৈ এতিয়া তুমুল চৰ্চা আৰম্ভ হৈছে৷