Logo
image

এইবাৰ কংগ্ৰেছৰ যুদ্ধ দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক, ২৮ মাৰ্চ: ‘অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই য’তে ত’তে নানান বেবেৰিবাং কথা কয়৷ ক’ত কি কয় তাৰো একো ঠিক নাই৷ ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ দলটো এজোপা বিশাল বৃক্ষৰ দৰে৷ বতাহ, বৰষুণ, ধুমুহা আদি কাৰণত কেতিয়াবা ইয়াৰ ডাল-পাত ভাঙিছে, এইবাৰ কংগ্ৰেছৰ যুদ্ধ দুটা হাওলি গৈছে কিন্তু পাতাললৈ থকা কংগ্ৰেছ দলটোৰ শিপাই পুনৰ গছডালক খোপনি তুলিবলৈ সুবিধা দিব’ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্য়ু বৰদলৈৰ৷ বুধবাৰে ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ এখন কৰ্মীসভাত নিজৰ ভাষণত বিজেপি দল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি কয় এইবাৰ কংগ্ৰেছ দলে নিৰ্বাচনত দুটা সাম্প্ৰদায়িক শক্তিৰ বিপক্ষে যুঁজ দিব৷ এফালে বিজেপি দল আৰু আনফালে এআইইউডিএফ দল৷ দুয়োদলক দুফালে ৰাখি যুদ্ধ কৰিব কংগ্ৰেছ দলে৷ দুয়ো সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰি জয়ী হম বুলি কৈ বিজেপিয়ে দুখন দুনীয়াৰ সৃষ্টি কৰিব বিচাৰিছে৷ এখন মুছলমানৰ সৰু দুনীয়া আনখন অ-মুছলমানৰ ডাঙৰ দুনীয়া৷ এসময়ত কংগ্ৰেছ দলৰ কৰ্মীৰ লগত ভোট যুদ্ধত নামি পৰাত কি অনুভৱ বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়–‘ সুৰেশ বৰাই নিজেই নিজৰ কথা ভাৱক৷ তেওঁ তিনিবাৰকৈ পৰাজিত প্ৰাৰ্থী৷ নিৰ্বাচনী বতাহৰ কথা অনুধাৱন কৰিব নোৱাৰা প্ৰাৰ্থী৷ সুৰেশ বৰাই আকাশত চাং পাতি আছে৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনেদৰে নগাঁও লোকসভা সমষ্টিতো তুংগত উঠিছে প্ৰাৰ্থীৰ বাকযুদ্ধ৷ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্য়ু বৰদলৈক ‘ম্যাদ উকলা’ বুলি কোৱা মন্তব্যক এনেদৰে প্ৰত্যুত্তৰ দিয়ে প্ৰদ্য়ু বৰদলৈয়ে৷ ৰহা ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই কৰ্মীসভাত মুখ্যমন্ত্ৰী নালাগে কোনেও কংগ্ৰেছক উৎখাত কৰিব নোৱাৰে বুলি কয় বৰদলৈয়ে৷ ইপিনে টকাৰ বিছনাত শোৱা নেতা বেঞ্জামিন বসুমতাৰী সম্পৰ্কতো মন্তব্য কৰি বিজেপি আৰু সহযোগী দলৰ নেতাসকলক ক্ষমতা পালে গৰম ভাতৰ ধোৱাই খাই বুলি কৈ এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তোলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে৷ ২০২৬ ত ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব বুলিও মন্তব্য দিয়ে৷ কৰ্মীসভাখনত ৰূপহীৰ বিধায়ক নুৰুল হুদাইও অংশ লয়৷ নগাঁও জিলা কংগ্ৰেছ সমিতিৰ সভাপতি প্ৰশান্ত শইকীয়া, অপূৰ্ব বৰুৱা, আদি কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাত বহু কেইখন পঞ্চায়তৰ কংগ্ৰেছ দলৰ বিষয়ববীয়া সভাত উপস্থিত নোহোৱাৰ সভাৰ ফুটেজ লৈ থকা সাংবাদিকক জোলোঙাৰ মেকুৰি ওলোৱাৰ ভয়ত সভাৰ বাহিৰলৈ আহিবলৈ অনুৰোধ জনাই সভা অনুষ্ঠিত কৰিবলগীয়া হয়৷