Logo
image

কাজিৰঙাত গঁড়ৰ আক্ৰমণত ৰাছিয়ান পৰ্যটক আহত

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন বিদেশী পৰ্যটক গঁড়ৰ আক্ৰমণত আহত হৈছে। জানিব পৰা মতে, নিকিতা কৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটকজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত বৰবিল বন শিবিৰ এলেকাত যোৱা ২৪ মাৰ্চত বন আৰু বন্যপ্ৰাণীৰ লগতে ব্ৰহ্মপুত্ৰ দেখাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত মৰি ডিফলু নদী অতিক্ৰম কৰি উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল। তেনে সময়তে বিদেশী পৰ্যটকজনক বনকৰ্মীয়ে দেখা পাই কৰায়ত্ব কৰি কহঁৰা আৰক্ষীক গতাই দিয়ে। ইফালে পৰ্যটকজনক কাজিৰঙাৰ হাতীখুলি চাহ বাগিছা চিকিৎসালয়ত চিকিৎসা কৰোৱৰ তথ্য পোৱা গৈছে। উক্ত চিকিৎসালয়ৰ চিকিৎসকে দিয়া প্ৰেছক্ৰিপচনত উল্লেখ্য কৰা মতে বিদেশী পৰ্যটকজন গঁড়ৰ আক্ৰমণত আহত হোৱাৰ বাবে ঔষধ প্ৰদান কৰি পৰামৰ্শ আগবঢ়াইছিল। কঁহৰাত চিকিৎসাধীন পৰ্যটকজনক বুধবাৰে বোকাখাতত উপস্থিত হোৱাৰ পিছত বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাছিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ নিকিতা কৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটকজনে জনোৱা মতে কলকতাৰ পৰা তেওঁ ২২ মাৰ্চত অসমলৈ আহে আৰু ২৪ মাৰ্চত কাজিৰঙা পায়হি ৷ ভঙা ভঙা ইংৰাজীৰে তেওঁ জনোৱা মতে বাছ আৰু পদযাত্ৰাৰে আহি তেওঁ কাজিৰঙা পায়হি ৷ আৰক্ষীয়ে সম্প্ৰতি ৰাছিয়ান পৰ্যটকজনৰ সবিশেষ তথ্য লাভৰ বাবে  চেষ্টা চলোৱাৰ উপৰিও ৰাছিয়ান দূতাবাসলৈ প্ৰেৰণ কৰাৰো প্ৰচেষ্টা হাতত লৈছে ৷