Logo
image

গৌৰৱৰ গেৰাণ্টীঃ কংগ্ৰেছ শাসনলৈ আহিলে বাতিল হ'ব 'কা'

'আমাৰ অসম'ৰ দিচাংমুখৰ প্ৰতিবেদক ,২৮ মাৰ্চঃ "ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিজেপিয়ে টকাৰে কিনিব নোৱাৰে। বিজেপিয়ে অংকৰ গণনা কৰি ভাল পাই। আমাক ৰাইজৰ আৰ্শীবাদ লাগে। ৰাৱণৰ দৰে একে পৰিণাম হ'ব বিজেপিৰ। আজিৰ তাৰিখত কয়লা, বালি, ড্ৰাগছ মাফিয়াসকল শান্তিত আছে। বিজেপিৰ দিনত মাফিয়াগিৰি-ছিণ্ডিকেট বৃদ্ধি পাইছে।" - শিৱসাগৰ বিধানসভা সমষ্টিৰ বৃহত্তৰ পঞ্চায়ত ৰংপুৰৰ মেটেকা লাইমেকুৰী গাঁৱত নির্বাচনী প্ৰচাৰ চলাই এইদৰে কয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। 

একেদিনাই তেৰটাতকৈ অধিক কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ প্ৰাৰ্থীজনে সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছ শাসনলৈ আহিলে প্ৰথমেই নাগৰিত্ব (সংশোধনী) আইন বাতিল কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। সুন্দৰপুৰৰ পৰা শোভাযাত্ৰাৰে আগবঢ়াই নিয়া গৌৰৱ গগৈক লাইমেকুৰীত উপস্থিত হোৱাৰ পূৰ্বে কেইবাশতাধিক ৰাইজে গায়ন-বায়নেৰে আদৰি নিয়ে। ৰংপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আজহাৰুদ্দিন আহমেদ আৰু প্ৰাক্তন ৰংপুৰ জিলা পৰিষদৰ সদস্য উত্তম দাসে আঁত ধৰা সভাত অজাপ, ৰাইজৰ দল আৰু চি পি আইৰ কেইবাগৰাকী নেতাই সংগ দিয়ে। সভাত গৌৰৱ গগৈয়ে গৌৰৱ গগৈয়ে কয় যে আজিৰ বিজেপি আৰু অগপত প্ৰকৃত বিজেপি আৰু অগপ কৰ্মীৰ স্থান নাই। 

সভাৰ পাছতে কংগ্ৰেছৰ কৰ্মীয়ে ঐতিহাসিক হাতীখোক অঞ্চললৈ শোভাযাত্ৰা আগবঢ়াই অনাৰ সময়ত প্ৰতিটো স্থানতেই গৌৰৱ গগৈক ৰাইজে উষ্ণ আদৰণি জনায়। শিৱসাগৰৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ এনে সঁহাৰি পাই অভিভূত হৈ পৰে গৌৰৱ গগৈ।