Logo
image

ইউৰিক এচিড বাঢ়িলে টেঙাজাতীয় ফল খাওক

ইউৰিক এচিডত এতিয়া বিভিন্নজন লোক প্ৰায়ে আক্ৰান্ত হয়৷ এই সমস্যাৰ পৰা মুক্ত হ’বৰ বাবে খাদ্য গ্ৰহণৰ ওপৰত বিভিন্নজনে গুৰুত্ব দিয়ে যদিও কেইটামান নিয়ম, মানি চলাৰ  লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হ’লে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ 

১. ইউৰিক এচিডৰ দৰে সমস্যাৰ পৰা মুক্ত হ’বৰ বাবে প্ৰতিদিনে কমেও ৪৫ মিনিট সময়ৰ বাবে শৰীৰ চৰ্চা কৰিব লাগে৷ 

২. শৰীৰ চৰ্চাৰ সমান্তৰালভাৱে  প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ 

৩. গম, মচুৰ দাইল আৰু মটৰমাহ জাতীয় খাদ্য পৰাপক্ষত এৰাই চলিব লাগে৷ 

৪. ৰাতি সদায় পাতল আহাৰ গ্ৰহণ কৰিব লাগে৷ 

৫. ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে আমলখি, জামু আদি টেঙাজাতীয় ফল খোৱাৰ অভ্যাস কৰিব লাগে৷ 

৬. মানসিক চাপৰ পৰা মুক্ত হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ মানসিক চাপ, খং-ৰাগ আদি নিয়ন্ত্ৰণত ৰাখিলে বহু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ মন সুস্থ কৰি ৰাখিলে তাৰ প্ৰভাৱ শৰীৰতো পৰে৷

৭. ভাল টোপনি বহু বেমাৰৰ মহৌষধ৷ প্ৰতিদিনে কমেও ৬-৮ ঘণ্টা সময় শুব লাগে৷ 

৮. তদুপৰি আয়ুৰ্বেদৰ মতে ইউৰিক এচিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুলঞ্চ বা শগুণীলতা বৰ উপকাৰী৷ গুলঞ্চ গছৰ পাত বা ডাল কাটি আনি পানীত ভিজাই থ’ব লাগে৷ পুৱা এগিলাচ পানীৰ সৈতে গুলঞ্চৰ ৰস খালে ইউৰিক এচিডজনিত সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷ 

৯. এইখিনি নিয়ম মানি চলাৰ উপৰি ইউৰিক এচিডত ভুগিলে চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ গ্ৰহণ কৰা উচিত৷