Logo
image

গুৱাহাটী মেডিকেলত অতি কম খৰচতে সম্পন্ন আইভিএফ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৯ মাৰ্চ : ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল সন্তানহীন দম্পতীসকলৰ বাবে এটা সুখবৰ৷ কিয়নো এতিয়াৰে পৰা অতি কম খৰচতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত স্থাপন কৰা আই ভি এফ চেণ্টাৰত কৰাব পাৰিব ইমানদিনে তুলনামূলক ভাৱে ব্যয়বহুল চিকিৎসা পদ্ধতি হিচাপে পৰিগণিত হৈ অহা আই ভি এফ চিকিৎসা৷ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে সম্পন্ন হ’ল আই ভি এফ চিকিৎসা পদ্ধতি৷ এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদ মেলত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচু্যত চন্দ্ৰ বৈশ্যই কয় বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি দেখা দিয়া জটিল সমস্যাবোৰৰ ভিতৰত এটা হৈছে সন্তানহীনতা৷ সমগ্ৰ বিশ্বৰ প্ৰায় ৬০-৮০ নিযুত দম্পতী সন্তানহীনতাৰ সমস্যাত ভাৰাক্ৰান্ত৷ বিশ্বৰ প্ৰায় ৬০-৮০ নিযুত দম্পতীৰ ভিতৰত প্ৰায় ২৫ শতাংশতকৈও অধিক হৈছে ভাৰতীয় দম্পতী৷ এনেদৰে সন্তানহীনতাৰ হাৰ বৃদ্ধি হোৱাৰ আঁৰত আছে বিভিন্ন কাৰণ৷ কিন্তু বৰ্তমান সময়ত আই ভি এফ পদ্ধতিৰ দ্বাৰা বহুতে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমত বহুকেইখন ব্যক্তিগত হস্পিতালত আই ভি এফ পদ্ধতিৰে চিকিৎসা কৰা হয়৷ কিন্তু এই চিকিৎসা পদ্ধতি বহু ব্যয় বহুল হোৱা বাবে বহুতে এই চিকিৎসা কৰাব নোৱাৰে৷ এনে কিছু দম্পতীৰ বাবে এটা ভাল খবৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ আই ভি এফ চেণ্টাৰত এতিয়াৰে পৰা কম খৰচতে আই ভি এফ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰি সন্তানৰ মুখ দেখিবলৈ সক্ষম হ’ব সন্তানহীন দম্পতীয়ে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পোন প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা এই পদ্ধতিৰ দ্বাৰা প্ৰথম কন্যা সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছে চিকিৎসকৰ দলে৷ বত্তৰ্মান সুস্থ অৱস্থাত থকা কন্যা সন্তানটিৰ ওজন হৈছে ২.৬ কেজি৷ ব্যক্তিগত চিকিৎসালয়ত এই পদ্ধতিত সন্তান লাভৰ বাবে ৫ ৰ পৰা ৬ লাখ টকা খৰচ হোৱাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মাত্ৰ খৰচ হব ৭০ হাজাৰ মান টকা৷ বৰ্তমান মেডিকেলত ৫ গৰাকী মহিলাৰ আই ভি এফ পদ্ধতিৰে চিকিৎসা চলি আছে৷ প্ৰথম অৱস্থাত সপ্তাহত তিনিদিনকৈ খোলা থাকিব এই আই ভি এফ চেণ্টাৰ৷ আনহাতে সংবাদ মেলত মেডিকেলৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা আৰু জ্যেষ্ঠ চিকিৎসক ডাঃ তন্মা শইকীয়া উপস্থিত আছিল৷