Logo
image

মুখ্যমন্ত্ৰী হ’লেও ভূপেন বিজেপিৰ পৰাই হ’ব

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মাৰ্চ: আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো বিজেপিত যোগদান কৰিব নেকি? পূৰ্বতেও অসম কংগ্ৰেছত এই পৰম্পৰা নথকা নহয়৷ দীঘলীয়া সময়ৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা ভূৱনেশ্বৰ কলিতাও আচম্বিতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিমুখী হৈছিল৷ তেন্তে ভূৱনেশ্বৰ কলিতাৰ পদাংক অনুসৰণ কৰিয়ে ভূপেন বৰাও বিজেপিলৈ যাব নেকি? উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ দাবী কৰি আছে যে ভূপেন বৰা কংগ্ৰেছ ত্যাগ কৰি শীঘ্ৰে বিজেপিত যোগদান কৰিব৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই দাবীক প্ৰত্যাহ্বান জনাই ২০২৬ চনৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজভৱনত শপত ল’ব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভূপেন বৰাৰ এই দাবীক কটাক্ষ কৰি কয়–কংগ্ৰেছত কোনো নাথাকে৷ কংগ্ৰেছ শূন্যৰ গেৰাণ্টী মই দিব পাৰোঁ৷ যাক যেতিয়া লাগে বিজেপিলৈ আনিলেই হ’ল৷ আনকি ভূপেন বৰায়ো বিজেপিত যোগদান কৰিব বুলি সাত দিনৰ পৰা কৈ আছোঁ৷ তেওঁ না বুলি কোৱা নাই৷ তেওঁৰ যোগদানটো নিশ্চিত৷ ২০২৫ চনৰ আশে-পাষে তেওঁ বিজেপিত যোগদান কৰিব৷ তেওঁ যদি মুখ্যমন্ত্ৰী হয় বিজেপিৰ পৰাহে হ’ব৷ কংগ্ৰেছৰ পৰা নহয়৷ তেওঁৰ ভাগ্য বিজেপিতহে আছে৷ কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক’ব নোৱাৰোঁ৷ কিন্তু এইটো কথা মই জানো যে ভূপেন বৰাৰ ভাগ্য বিজেপিৰ লগতহে আছে৷

                                                                              প্ৰথম পৰ্যায়ৰ কেউটা সমষ্টিতে আমি জিকিম : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ মৰঙিৰ প্ৰতিবেদক : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমৰ পাঁচটা সমষ্টিত মনোনয়ন-পত্ৰ দাখিল কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেউটা সমষ্টিৰে মিত্ৰদলৰ নেতা-কৰ্মীৰে আলোচনাত মিলিত হয় নিৰ্বাচনৰ ৰণ-কৌশল প্ৰস্তুতি সম্পৰ্কত৷ আজি গোলাঘাট জিলাৰ কেউটা সমষ্টিৰ বিধায়কৰ লগতে অগপ দলৰ নেতা-কৰ্মীৰে মিলিত হয় নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ ৰিভাৰভিউ অতিথিশালাত৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক লগত লৈ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বাদে কেউজন বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, বিশ্বজিৎ ফুকন, ভবেন ভঁৰালীৰ উপৰি মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষ, চক্ৰধৰ গগৈ আৰু সাংসদ পল্লৱলোচন দাস সহ বহুকেইজন বিজেপি-অগপৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী৷ ইয়াৰ পিছতে গোলাঘাট জিলা কংগ্ৰেছৰ কেউটা বিভাগৰ সভাপতি- সম্পাদকে কংগ্ৰেছ দল ত্যাগ কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিজেপিত যোগদানৰ কথা সদৰি কৰে৷ কংগ্ৰেছ দল ত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য দ্বীপেন বৰুৱা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱ ৰঞ্জন ফুকন, প্ৰাক্তন সভাপতি দাদু টাইসহ পঁচিশজন কংগ্ৰেছৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে৷ কাইলৈ গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত এইসকল বিষয়ববীয়াৰ নেতৃত্বত জিলাখনৰ গৰিষ্ঠসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ইয়াৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ২০২৫ৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাতো নিশ্চিত৷ মোদীৰ গেৰাণ্টী যিদৰে ৰাইজে বিশ্বাস কৰে, মোৰো গেৰাণ্টী ভূপেন বৰা বিজেপিলৈ আহিবই আৰু অসমত কংগ্ৰেছ শূন্য হ’ব সেয়া নিশ্চিত৷ মই মাতিলে কংগ্ৰেছৰ প্ৰাৰ্থীও বিজেপিলৈ আহিব৷ অসমত ১৩খন আসনত আমি জয়ী হোৱাতো নিশ্চিত৷ ধুবুৰী আসনখনত আগতেই আমাৰ স্থিতি সবল নাছিল৷ বৰ্তমান চাৰিটা বিধানসভা সমষ্টিত আমি লীড লৈ আছো৷ বিজেপি-অগপৰ মিত্ৰদলৰ প্ৰাৰ্থীজন শক্তিশালী প্ৰাৰ্থী৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সময় আছে৷ তাত হৈ যোৱা নিৰ্বাচনৰ প্ৰভাৱ পৰিব৷ আমি আশাবাদী ধুবুৰীটো আমাৰ হাতলৈ আহিব৷ কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীক মই মাতিলেই আহিব৷ যাক যেতিয়াই মাতো আহিব বুলি প্ৰকাশ কৰে৷ আনহাতে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীজন ভূপেন বৰাৰ মানুহ, সেইবাবে মনোনয়ন দিবলৈ যাওঁতে এজনো বিধায়ক লগত নাই৷ ভূপেন বৰা ২৬ত মুখ্যমন্ত্ৰী হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– বিজেপিলৈ আহি যাব পাৰে৷ বিজেপিয়ে ভূপেন বৰাৰ ভাগ্য নিৰ্ণয় কৰিব৷ প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ নিৰ্বাচনী প্ৰস্তুতি আজি গোলাঘাটৰ নুমলীগড়তে সামৰণি মৰা বুলি উল্লেখ কৰি ৰাইজে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক ৪০০ৰো অধিক সংখ্যক আসনত জয়ী কৰাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

                                                                                 মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব : অতুল বৰা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপৰ বিধানসভা সমষ্টি সমিতিসমূহৰ এখন বিশেষ সভা আজি বিয়লি নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত, অগপৰ মহিলা নেত্ৰী মামণি বৰা, বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত নাথ, নগাঁও সংসদীয় সমষ্টিৰ এন ডি এ তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আদিয়ে অংশগ্ৰহণ কৰে৷  সভাত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপৰ নগাঁও-বটদ্ৰৱা, ৰহা, চামগুৰি, ৰূপহীহাট, ধিং, লাহৰিঘাট, মৰিগাঁও, জাগীৰোড বিধানসভা সমষ্টিৰ অগপৰ সমষ্টি সমিতিসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ সভাত সমাগত লোকসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হয়৷ নগাঁও সংসদীয় সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰোৱাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অগপৰ দলীয় কৰ্মীসকলক যাৱতীয় নিৰ্দেশনা দিয়ে৷ অগপৰ তৃণমূল পৰ্যায়ৰ লগতে বুথ সমিতিসমূহৰ সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ সভাত অগপ আৰু বিজেপি দুয়োটা দলে যৌথভাৱে নিৰ্বাচনী যুঁজত নামি পৰাৰ বাবে ঐকমত্যত উপনীত হয়৷ ইপিনে সংবাদ মাধ্যমৰ আগত অগপৰ সভাপতি অতুল বৰাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত ভোটাৰৰ গাঁথনি সলনি হৈছে৷ খিলঞ্জীয়া লোকৰ বাবে সমষ্টিসমূহ সুবিধাজনক স্থিতিত আছে৷ এইবাৰ অসমত বিজেপি-অগপ আদিৰ মিত্ৰজোঁটে অসমৰ আটাইকেইখন আসনত জয়ী হ’ব৷ অসমত এতিয়া বিৰোধী নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত যি উন্নয়ন হৈছে, আগতে সেয়া হোৱা নাছিল৷ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা বিকাশ যাত্ৰাৰ জৰিয়তে সকলো লোক উপকৃত হৈছে৷ এইবাৰো ৰাইজে আমাক আঁকোৱালি ল’ব৷ নগাঁও সংসদীয় সমষ্টিত একপক্ষীয় হ’ব৷ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব৷ ধুবুৰী আৰু বৰপেটাত আমাৰ প্ৰাৰ্থী জয়ী হ’ব৷ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে অসম এতিয়া কংগ্ৰেছমুক্ত হ’বলৈ গৈ আছে৷ এইবাৰ মিত্ৰজোঁটে আশাতীত সফলতা লাভ কৰিব৷ আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিভিন্ন আঁচনি গ্ৰহণ কৰি সকলো জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে৷ এইবাৰ আমি সংখ্যালঘু ভোটাৰৰ সমৰ্থন পূৰ্বতকৈ অধিক লাভ কৰিম৷