Logo
image

গগৈ বনাম গগৈ, উজনি তোলপাৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ বৃহস্পতিবাৰে পৰীক্ষা কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰদান পৰ্ব আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ বাবে অধিসূচনা জাৰি কৰাৰ সমান্তৰালভাৱে মনোনয়ন পত্ৰ প্ৰদানৰ পৰ্ব আৰম্ভ হয়৷ ইফালে ১০নং কাজিৰঙা, ১১নং শোণিতপুৰ, গগৈ বনাম গগৈ, উজনি তোলপাৰ ১২নং লখিমপুৰ, ১৩নং ডিব্ৰুগড় আৰু ১৪নং যোৰহাট লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ বৃহস্পতিবাৰে  পৰীক্ষা কৰা হয়৷ সেইমৰ্মে কাজিৰঙা আৰু শোণিতপুৰ লোকসভা সমষ্টিত এজনকৈ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হয়৷ ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে সদৰী কৰা মতে কাজিৰঙা লোকসভা সমষ্টিৰ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ [আঠৱালে] ফজেইল আহমেদ মজুমদাৰ আৰু শোণিতপুৰৰ মহেন্দ্ৰ সিং ওৰাঙৰ মনোনয়ন পত্ৰ বাতিল কৰা হয়৷ আনহাতে কাজিৰঙা লোকসভা সমষ্টিত ১১জন, শোণিতপুৰত ৮জন, লখিমপুৰত ৯জন, ডিব্ৰুগড়ত ৩জন আৰু যোৰহাট লোকসভা সমষ্টিত ৫জনকে ধৰি মুঠ ৩৬প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যেই ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ সমগ্ৰ উজনি অসমতে প্ৰথম পৰ্যায়তে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব৷ সেয়ে সমগ্ৰ উজনিতে ব্যাপক নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিয়ে কেৱল ৰাজ্যখনৰে নহয়, সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ কাৰণ, ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিত লোকসভাৰ কংগ্ৰেছৰ উপ দলপতি গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ উল্লেখ্য, যোৰহাট লোকসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বৰ্তমানৰ সাংসদ তপন গগৈৰ বিপৰীতে ইণ্ডিয়া মিত্ৰজোঁটৰ হৈ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ সমষ্টিটোত মুঠ ৫জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিলেও মূল যুঁজ দুই গগৈৰ মাজতে হ’ব বুলি পৰ্যবেক্ষকসকল নিশ্চিত হৈছে৷ শাসকীয় বিজেপি মিত্ৰ দলে সমষ্টিটো নিজৰ হাতত  ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে যোৰহাটৰ হোলোঙাপাৰত লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচনেৰে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ পাছৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিত্তমন্ত্ৰী অজন্তা নেওগ আদি নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে৷ আনকি তপন গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে বহু কেইজন মন্ত্ৰী, বিধয়াকৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সোঁশৰীৰে যোৰহাটত উপস্থিত হয়৷ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে৷ সেয়ে শাসকীয় বিজেপি দলৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাবেও যোৰহাট সমষ্টিটো অতি সন্মানীয় হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ বিপৰীতে কলিয়াবৰ লোকসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰি বিভিন্ন বিষয়ত সৰৱ ভূমিকাৰে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ সূত্ৰে কংগ্ৰেছৰ বাবেও সমষ্টিটো সন্মানীয় হৈ পৰিছে৷ সেইবাবেই গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি শীৰ্ষ নেতৃবৰ্গ, কেইবাজনো বিধায়ক আৰু সাংসদ যোৰহাটত উপস্থিত হয়৷ অৱশ্যে, শাসকীয় বিজেপি দলে নিৰ্বাচনী প্ৰচাৰত ধনে-জনে জঁপিয়াই পৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অকলেই যুঁজত অৱতীৰ্ণ হোৱা দেখা গৈছে৷ তপন গগৈৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই একপ্ৰকাৰ যোৰহাটত বাহৰ পাতি ৰণনীতি প্ৰস্তুত কৰাৰ লগতে প্ৰচাৰত জঁপিয়াই পৰিছে৷ বিজেপি চৰকাৰৰ হিতাধিকাৰী আঁচনিয়ে দলটোৰ নিৰ্বাচনী প্ৰচাৰ সহজ কৰি তুলিছে৷ ইয়াৰ বিপৰীতে গৗৰৱ গগৈয়ে নিজৰ উজ্বল ভাৱমূৰ্তি আৰু বাকপটুতাকে সম্বল হিচাপে লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা দেখা গৈছে৷ সেয়ে দুই গগৈৰ মাজৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে৷ ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইণ্ডিয়া মিত্ৰজোঁটে প্ৰক্ষেপ কৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মাজতে মূল যুঁজ হ’ব বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে৷ ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আসনখন দখল কৰিবলৈ উঠি পৰি লাগিছে৷ উল্লেখ্য, ২০১৪ চনত সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী পদত আসিন হৈছিল৷ অৱশ্যে, দুবছৰৰ পাছতে তেওঁ বিধানসভা নিৰ্বাচনলৈ উভতি আহি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ সেয়ে তেওঁ লোকসভা সমষ্টিটোত জয়ী হোৱাটো বিজেপিৰ বাবেই সন্মানৰ বিষয়৷ ইয়াৰ বিপৰীতে ইণ্ডিয়া মিত্ৰজোঁটেও সমষ্টিটো দখল কৰিবলৈ উঠি পৰি লাগিছে৷ লুৰীণজ্যোতি গগৈক ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়েও বিশেষ সহায়ৰ হাত আগবঢ়াইছে৷ অখিল গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ সমানে ডিব্ৰুগড় লোকসভা সমষ্টিতো মনোনিৱেশ কৰিছে৷ আনকি লুৰীণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তো অখিল গগৈ উপস্থিত থাকে৷ তদুপৰি প্ৰবীণ কংগ্ৰেছ নেতা তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰেও লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক পৰাস্ত কৰিবলৈ ইণ্ডিয়া মিত্ৰ জোঁটে আপ্ৰাণ চেষ্টা চলোৱা দেখা গৈছে৷ সেয়ে ডিব্ৰুগড়তো নিৰ্বাচনী ৰণ আকৰ্ষণীয় হৈ পৰিছে৷

যোৰহাট সমষ্টিত পাঁচোজন প্ৰাৰ্থীৰে মনোনয়ন বৈধ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ১৪নং যোৰহাট লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ বাবে ৫জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু আটাইকেইজন প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে৷ আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয় আৰু আটাইকেইজন প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ বৈধ পোৱা যায়৷ সেইমৰ্মে প্ৰাৰ্থীসকল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গৌৰৱ গগৈ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ সন্দিকৈ, নিৰ্দলীয় প্ৰাৰ্থীদ্বয় ৰাজকুমাৰ দুৱৰা আৰু বাবা কুৰ্মী৷ ১৪নং যোৰহাট লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এম সত্য সাৰদা দেৱীয়ে মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত সকলো প্ৰাৰ্থীকে নিৰ্বাচনী আয়োগৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ৩ান জনায়৷ যোৰহাটৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে আটাইকেইজন প্ৰাৰ্থীকে ৩০ মাৰ্চৰ আবেলি ৩.০৫ বজাত চিহ্ন প্ৰদানৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ৰ ১নং কক্ষত অনুষ্ঠিতব্য সভাত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য, ৩০ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ ইয়াৰ পাছতহে প্ৰাৰ্থীৰ প্ৰকৃত সংখ্যা নিশ্চিত হ’ব৷

কংগ্ৰেছ শাসনলৈ আহিলে প্ৰথমে ‘কা’ বাতিল কৰা হ’ব : গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ দিচাংমুখৰ প্ৰতিবেদক : ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিজেপিয়ে টকাৰে কিনিব নোৱাৰে৷ বিজেপিয়ে অংকৰ গণনা কৰি ভাল পায়৷ আমাক ৰাইজৰ আশীৰ্বাদ লাগে৷ ৰাৱণৰ দৰে একে পৰিণাম হ’ব বিজেপিৰ৷ আজিৰ তাৰিখত কয়লা, বালি, ড্ৰাগছ মাফিয়াসকল শান্তিত আছে৷ বিজেপিৰ দিনত মাফিয়া, ছিণ্ডিকেট বৃদ্ধি পাইছে৷ –শিৱসাগৰ বিধানসভা সমষ্টিৰ বৃহত্তৰ পঞ্চায়ত ৰংপুৰৰ মেটেকা লাইমেকুৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে কয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে৷ তেৰটাতকৈ অধিক কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ প্ৰাৰ্থীজনে সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছৰ চৰকাৰ হ’লে প্ৰথমতেই ‘কা’ আইন বাতিল কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ সুন্দৰপুৰৰ পৰা শোভাযাত্ৰাৰে আগবঢ়াই নিয়া গৌৰৱ গগৈক লাইমেকুৰীত উপস্থিত হোৱাৰ পূৰ্বে কেইবাশ লোকে গায়ন- বায়নৰ সতে আগুৱাই নিয়ে৷ ৰংপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আজহাৰুদ্দিন আহমেদ আৰু  উত্তম দাসে আঁত ধৰা সভাত অজাপ, ৰাইজৰ দল আৰু চি পি আইৰ কেইবাজনো নেতাই সংগ দিয়ে৷  সভাত গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন ভংগ কৰি ভাল পায়৷ টি ভিত ওলাবলৈ তেওঁ কিছুমান কথা কয়৷ বিজেপি আৰু অগপত প্ৰকৃত বিজেপি আৰু অগপ কৰা কৰ্মীৰ স্থান নাই৷ এই সভাখনৰ পিছত কংগ্ৰেছ কৰ্মীসকলে ঐতিহাসিক হাতীখোক অঞ্চললৈ শোভাযাত্ৰা আগবঢ়াই অনাৰ সময়ত প্ৰতিটো স্থানতেই গৌৰৱ গগৈক ৰাইজে উষ্ণ আদৰণি জনায়৷ শিৱসাগৰৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ এনে সঁহাৰি পাই অভিভূত হৈ পৰে গৌৰৱ গগৈ৷